--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে ইমৰান খানৰ কাৰ্যকাল শেষ হৈছে? পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল কামাৰ জাভেদ বাজৱাই তেওঁক মঙলবাৰে পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। পাকিস্তানী সংবাদ মাধ্যমৰ সূত্ৰঅনুসৰি, ইছলামিক সহযোগিতা সংগঠনৰ (অ'আইচি) বৈঠকৰ পিছত প্ৰধানমন্ত্ৰী ইমৰান খানক পদত্যাগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই মাহৰ শেষৰ ফালে হয়তো ইমৰান খান চৰকাৰৰ পতন আসন্ন। আন্তৰ্জাতিক বিশ্লেষকে এইটোও বিশ্বাস কৰে যে, ২২ আৰু ২৩ মাৰ্চত পাকিস্তানত অৰ্গেনাইজেচন অৱ ইছলামিক কো-অপাৰেচন (অ'আইচি)ৰ বৈঠক অনুষ্ঠিত হৈ আছে। তাৰ পাছতে ২৮ মাৰ্চত আস্থাৰ ভোট আছে। এই আস্থাৰ ভোটতে ইমৰান খানৰ ভৱিষ্যত নিৰ্ণয় কৰা হ'ব পাৰে। লক্ষণীয়ভাৱে প্ৰধানমন্ত্ৰীক উৎখাত কৰাৰ সিদ্ধান্ত ইতিমধ্যে পাকিস্তান সেনাই লৈছে। ইমৰান খানক অপসাৰণ কৰাৰ সিদ্ধান্ত পাকিস্তানৰ সেনা প্ৰধান জেনেৰেল কামাৰ জাভেদ বাজৱাই লৈছে। তেওঁকে ধৰি সেনাৰ চাৰিজন মুৰব্বীয়ে ইমৰান কানলৈ এই অনাস্থা প্ৰস্তাৱ আনিছে। তালিকাখনত লেফটেনেণ্ট জেনেৰেল নাদিম অঞ্জুমও অন্তৰ্ভুক্ত আছে। বাজৱাই ইমৰানৰ বিৰুদ্ধে বিৰোধী নেতাসকলক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছিল। মন কৰিব লগীয়া যে ইমৰান খানৰ দল তেহৰিক-ই-ইনচাফ ৰ ২৪ জন সাংসদে ইতিমধ্যে পদত্যাগ কৰিছে। তেওঁলোক সকলোৱে বিৰোধীদলত যোগদান কৰাৰ ইচ্ছাপ্ৰকাশ কৰিছে। ফলস্বৰূপে, আন্তৰ্জাতিক সম্প্ৰদায়ৰ এটা অংশৰ মতে, আস্থা ভোটতো ইমৰানৰ স্থিতি বৰ লাভজনক নহ'ব। ইফালে, পাকিস্তানৰ বাণিজ্যিক ৰাজধানী কৰাচীৰ পৰিস্থিতি ভয়ংকৰ। বিশ্ব বেংকৰ তথ্য অনুসৰি, পাকিস্তানে যোৱা বছৰৰ তুলনাত আৰু ১০ শতাংশ মন্দাৱস্থাৰ সন্মুখীন হৈছে। খোৱা তেলৰ মূল্য ১৩০ শতাংশ বৃদ্ধি পাইছে। ইন্ধনৰ মূল্য ৪৫ শতাংশ বৃদ্ধি পাইছে। বৰ্তমানত পাকিস্তানত এক লিটাৰ পেট্ৰ'লৰ মূল্য ১৪৫ টকা। শাসনলৈ অহাৰ পিছত, ইমৰান খানে আৰ্থিক দুৰৱস্থা দূৰীকৰণ আৰু দুৰ্নীতি মুক্ত পাকিস্তান সৃষ্টি কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু এতিয়া পাকিস্তানৰ অৰ্থনেতিক দুৰৱস্থাৰ পাছত বিশ্বাসযোগ্যতা হেৰুৱাইছে ইমৰান খানে। PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক