--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাগজৰ অভাৱত কেতিয়াবা কোনো পৰীক্ষা বাতিল হোৱা শুনিছেনে? আপুনি নুশুনিলেও বা এনেকুৱা হোৱাটো সম্ভৱ নহয় বুলি ভাবিলেও শ্ৰীলংকাত সংঘটিত হৈছে এই কাণ্ড। শ্ৰীলংকাৰ অৱস্থা আৰ্থিকভাৱে বৰ্তমান অতি শোচনীয়। অৰ্থনৈতিকভাৱে বিধ্বস্ত হৈ পৰা ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাৰ সন্মুখত এক সংকটে যথেষ্ট বিষম পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰ্থিকভাৱে জুৰুলা হৈ পৰা শ্ৰীলংকাই এনে পৰিস্থিতিৰ সন্মুখীন হৈছে যে তেওঁলোকে কাগজ ক্ৰয় কৰিব নোৱাৰা বাবেই স্থগিত ৰাখিব লগীয়া হ’ল পৰীক্ষা। কাগজ ক্ৰয় কৰিব নোৱাৰা বাবেই ১০ লক্ষাধিক স্কুলত অনিৰ্দিষ্টকালৰ বাবে পৰীক্ষা বাতিল কৰিছে শ্ৰীলংকাই। অভাৱনীয় হাৰত বৃদ্ধি পোৱা খাদ্য সংকটৰ সমানে সমানে এইবাৰ দেশখনত দেখা দিছে কাগজৰ সংকটে। উল্লেখ্য যে দেশখনত সোমবাৰৰ পৰা টাৰ্মিনেল পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। হঠাতে শনিবাৰে শ্ৰীলংকা চৰকাৰে পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰে। শিক্ষা বিভাগে জনোৱা অনুসৰি প্রশ্নকাকত যিসকলে ছপায়, তেওঁলোকৰ ওচৰত পর্যাপ্ত বিদেশী মুদ্রা নথকাৰ বাবেই পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হয়। পৰীক্ষাৰ বাবে যিমান কাগজৰ প্ৰয়োজন সেয়া যোগান ধৰাৰ ক্ষমতা শিক্ষা বিভাগৰ নাই বুলি জানিব পৰা গৈছে। হঠাতে কৰা এই ঘোষণাই মানসিকভাৱে কষ্ট দিছে ছাত্ৰ-ছাত্ৰীসকলক। আৰু পঢ়কঃ অসুস্থ লালু প্ৰসাদ যাদৱ; উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চেৰে দিল্লী এইমছলৈ নিয়াৰ সম্ভাৱনা PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক