--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাগজৰ অভাৱত কেতিয়াবা কোনো পৰীক্ষা বাতিল হোৱা শুনিছেনে? আপুনি নুশুনিলেও বা এনেকুৱা হোৱাটো সম্ভৱ নহয় বুলি ভাবিলেও শ্ৰীলংকাত সংঘটিত হৈছে এই কাণ্ড। শ্ৰীলংকাৰ অৱস্থা আৰ্থিকভাৱে বৰ্তমান অতি শোচনীয়। অৰ্থনৈতিকভাৱে বিধ্বস্ত হৈ পৰা ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাৰ সন্মুখত এক সংকটে যথেষ্ট বিষম পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰ্থিকভাৱে জুৰুলা হৈ পৰা শ্ৰীলংকাই এনে পৰিস্থিতিৰ সন্মুখীন হৈছে যে তেওঁলোকে কাগজ ক্ৰয় কৰিব নোৱাৰা বাবেই স্থগিত ৰাখিব লগীয়া হ’ল পৰীক্ষা। কাগজ ক্ৰয় কৰিব নোৱাৰা বাবেই ১০ লক্ষাধিক স্কুলত অনিৰ্দিষ্টকালৰ বাবে পৰীক্ষা বাতিল কৰিছে শ্ৰীলংকাই। অভাৱনীয় হাৰত বৃদ্ধি পোৱা খাদ্য সংকটৰ সমানে সমানে এইবাৰ দেশখনত দেখা দিছে কাগজৰ সংকটে। উল্লেখ্য যে দেশখনত সোমবাৰৰ পৰা টাৰ্মিনেল পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। হঠাতে শনিবাৰে শ্ৰীলংকা চৰকাৰে পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰে। শিক্ষা বিভাগে জনোৱা অনুসৰি প্রশ্নকাকত যিসকলে ছপায়, তেওঁলোকৰ ওচৰত পর্যাপ্ত বিদেশী মুদ্রা নথকাৰ বাবেই পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হয়। পৰীক্ষাৰ বাবে যিমান কাগজৰ প্ৰয়োজন সেয়া যোগান ধৰাৰ ক্ষমতা শিক্ষা বিভাগৰ নাই বুলি জানিব পৰা গৈছে। হঠাতে কৰা এই ঘোষণাই মানসিকভাৱে কষ্ট দিছে ছাত্ৰ-ছাত্ৰীসকলক। আৰু পঢ়কঃ অসুস্থ লালু প্ৰসাদ যাদৱ; উন্নত চিকিৎসাৰ বাবে এয়াৰ এম্বুলেঞ্চেৰে দিল্লী এইমছলৈ নিয়াৰ সম্ভাৱনা PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে