--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গ্ৰীষ্মকালত তৰমুজ আৰু খৰমুজেৰে বজাৰ ভৰি থকা দেখা যায়। গ্ৰীষ্মৰ প্ৰখৰ উত্তাপৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে এনে ফল অতি উপকাৰী। এই দুয়োবিধ ফলেই সুস্বাদু হোৱাৰ উপৰি স্বাস্থ্যৰ পক্ষে উপকাৰী। কাৰণ এই দুবিধ ফলতেই যথেষ্ট পৰিমাণৰ পানী থাকে, যাৰ বাবে শৰীৰত পানীৰ অভাৱ দূৰ হোৱাৰ উপৰি গৰমৰ পৰা সকাহ দিয়ে। ইয়াৰ উপৰি এই দুয়োবিধ ফলতে যথেষ্ট পৰিমাণৰ আঁহ থাকে, যিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। আজি আমি তৰমুজ আৰু খৰমুজৰ বিভিন্ন উপকাৰিতাৰ বিষয়ে জানিম আহক।

* তৰমুজ আৰু খৰমুজত থকা পুষ্টিকৰ উপাদান-

খৰমুজত আঁহ, প্ৰ’টিন, কাৰ্ব, ভিটামিন-চি, ভিটামিন-বি৬, ভিটামিন-এ আৰু ভিটামিন-কে, ফ’লেট, মেগনেছিয়াম আৰু পটাছিয়াম আদি পুষ্টিকৰ উপাদান পোৱা যায়। একে সময়তে আঁহ, ভিটামিন-চি, ভিটামিন-এ, পটাছিয়াম, মেগনেছিয়াম, ভিটামিন-বি১, বি৫ আৰু বি৬, আইৰন, নিয়াচিন, লাইকোপেন আদি পুষ্টিকৰ উপাদান তৰমুজত পোৱা যায়।

* গ্ৰীষ্মকালত তৰমুজ খোৱাৰ উপকাৰিতা-

১. তৰমুজে অভাৱ দূৰ কৰে

২. ওজন হ্ৰাস কৰে

৩. হৃদযন্ত্ৰ বাবে উপকাৰী

৪. পাচনতন্ত্ৰ শক্তিশালী কৰে

৫. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

৬. ৰক্তচাপ নিয়ন্ত্ৰণ কৰে

* গ্ৰীষ্মকালত খৰমুজ খোৱাৰ উপকাৰিতা

১. হৃদযন্ত্ৰৰ বাবে উপকাৰী

২. চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে

৩. বৃক্ক সুস্থ কৰি ৰাখে

* তৰমুজ বা খৰমুজৰ উপকাৰিতা-

ওজন কমোৱাৰ বাবে তৰমুজ আৰু খৰমুজ দুয়োটা উপকাৰী। এই দুয়োটাতে আঁহ বেছি আৰু কেলৰি কম। তৰমুজ আৰু খৰমুজ দুয়োটা স্বাস্থ্যৰ বাবে উপকাৰী।

* তৰমুজ আৰু খৰমুজ একেলগে খাব পাৰিনে?

তৰমুজ আৰু খৰমুজ দুয়োটা মিঠা ফল হোৱাৰ উপৰি দুয়োটাতে যথেষ্ট পৰিমাণৰ পানী থাকে। গতিকে এই দুয়োবিধ ফলেই দিনৰভাগত একেলগে খাব পাৰি। কিন্তু নিশা খোৱাৰ পৰা বিৰত থকা উচিত। এই দুয়োবিধ ফলতে আঁহৰ পৰিমাণ বেছি, যিটো হজম হ’বলৈ সময় লাগে। লগতে এই দুবিধ ফল খোৱাৰ লগে লগে পানী, গাখীৰ বা লাচী আদি এনে খাদ্য খোৱাৰ পৰা বিৰত থকা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'