--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গ্ৰীষ্মকালত তৰমুজ আৰু খৰমুজেৰে বজাৰ ভৰি থকা দেখা যায়। গ্ৰীষ্মৰ প্ৰখৰ উত্তাপৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে এনে ফল অতি উপকাৰী। এই দুয়োবিধ ফলেই সুস্বাদু হোৱাৰ উপৰি স্বাস্থ্যৰ পক্ষে উপকাৰী। কাৰণ এই দুবিধ ফলতেই যথেষ্ট পৰিমাণৰ পানী থাকে, যাৰ বাবে শৰীৰত পানীৰ অভাৱ দূৰ হোৱাৰ উপৰি গৰমৰ পৰা সকাহ দিয়ে। ইয়াৰ উপৰি এই দুয়োবিধ ফলতে যথেষ্ট পৰিমাণৰ আঁহ থাকে, যিয়ে পাচনতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। আজি আমি তৰমুজ আৰু খৰমুজৰ বিভিন্ন উপকাৰিতাৰ বিষয়ে জানিম আহক।

* তৰমুজ আৰু খৰমুজত থকা পুষ্টিকৰ উপাদান-

খৰমুজত আঁহ, প্ৰ’টিন, কাৰ্ব, ভিটামিন-চি, ভিটামিন-বি৬, ভিটামিন-এ আৰু ভিটামিন-কে, ফ’লেট, মেগনেছিয়াম আৰু পটাছিয়াম আদি পুষ্টিকৰ উপাদান পোৱা যায়। একে সময়তে আঁহ, ভিটামিন-চি, ভিটামিন-এ, পটাছিয়াম, মেগনেছিয়াম, ভিটামিন-বি১, বি৫ আৰু বি৬, আইৰন, নিয়াচিন, লাইকোপেন আদি পুষ্টিকৰ উপাদান তৰমুজত পোৱা যায়।

* গ্ৰীষ্মকালত তৰমুজ খোৱাৰ উপকাৰিতা-

১. তৰমুজে অভাৱ দূৰ কৰে

২. ওজন হ্ৰাস কৰে

৩. হৃদযন্ত্ৰ বাবে উপকাৰী

৪. পাচনতন্ত্ৰ শক্তিশালী কৰে

৫. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে

৬. ৰক্তচাপ নিয়ন্ত্ৰণ কৰে

* গ্ৰীষ্মকালত খৰমুজ খোৱাৰ উপকাৰিতা

১. হৃদযন্ত্ৰৰ বাবে উপকাৰী

২. চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে

৩. বৃক্ক সুস্থ কৰি ৰাখে

* তৰমুজ বা খৰমুজৰ উপকাৰিতা-

ওজন কমোৱাৰ বাবে তৰমুজ আৰু খৰমুজ দুয়োটা উপকাৰী। এই দুয়োটাতে আঁহ বেছি আৰু কেলৰি কম। তৰমুজ আৰু খৰমুজ দুয়োটা স্বাস্থ্যৰ বাবে উপকাৰী।

* তৰমুজ আৰু খৰমুজ একেলগে খাব পাৰিনে?

তৰমুজ আৰু খৰমুজ দুয়োটা মিঠা ফল হোৱাৰ উপৰি দুয়োটাতে যথেষ্ট পৰিমাণৰ পানী থাকে। গতিকে এই দুয়োবিধ ফলেই দিনৰভাগত একেলগে খাব পাৰি। কিন্তু নিশা খোৱাৰ পৰা বিৰত থকা উচিত। এই দুয়োবিধ ফলতে আঁহৰ পৰিমাণ বেছি, যিটো হজম হ’বলৈ সময় লাগে। লগতে এই দুবিধ ফল খোৱাৰ লগে লগে পানী, গাখীৰ বা লাচী আদি এনে খাদ্য খোৱাৰ পৰা বিৰত থকা উচিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস