--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গ্ৰীষ্মৰ আৰম্ভৰ লগে লগে মহৰ প্ৰাদুৰ্ভাৱো বৃদ্ধি পায়। মহৰ উপদ্ৰৱত বেমাৰৰ আশংকাৰ উপৰি অতিষ্ঠ হৈ পৰে মানুহ। কাৰণ মহৰ বাবেই মেলেৰিয়া আৰু ডেংগুৰ দৰে ৰোগ এই সময়ত বৃদ্ধি পায়। এনে পৰিস্থিতিত মহৰ প্ৰাদুৰ্ভাৱৰ পৰা পৰিত্ৰাণৰ উদ্দেশ্যে কিছু ঘৰুৱা দিহাৰ বিষয়ে জানো আহক।

মহৰ খেদোৱাৰ ঘৰুৱা উপায়-

১. কৰ্পূৰ জ্বলাব পাৰেঃ-মহ ঘৰৰ পৰা বাহিৰ কৰিবলৈ কৰ্পূৰ ব্যৱহাৰ কৰিব পাৰে। কৰ্পূৰৰ গোন্ধ ইমানেই প্ৰবল যে মহ নোহোৱা ৰহোৱাৰ উপৰি ই এন্টিবেক্টেৰিয়েল আৰু বীজাণুনাশক হিচাপেও কাম কৰে। গতিকে মহ দূৰ কৰিবলৈ কৰ্পূৰ জ্বলাই চুক এটাত ৰাখি থওক। সকলো দুৱাৰ-খিৰিকী বন্ধ কৰি দিয়ক, মহ মৰি নোহোৱা হ’ব।

২. নিমৰ পাত জ্বলাব পাৰেঃ-নিমৰ পাত জ্বলোৱাটো অতি পুৰণি পদ্ধতি। এই পদ্ধতি অতি ফলপ্ৰসূ কাৰণ নিম বেক্টেৰিয়াবিৰোধী আৰু ইয়াৰ গোন্ধৰ পৰা মহ আঁতৰি যায়। গতিকে নিমৰ পাত লৈ জ্বলাই ধোঁৱাখিনি গোটেই ঘৰখনতে বিয়পাই দিব। ইয়াৰ দ্বাৰা মহ নোহোৱা হ’ব।

৩. শৰীৰত ঠাণ্ডা তেল লগাওকঃ-শৰীৰত ঠাণ্ডা তেল প্ৰয়োগ কৰিলে মহে কামোৰাৰ পৰা ৰক্ষা পৰে। এই তেলে শৰীৰত সুৰক্ষামূলক স্তৰৰ দৰে কাম কৰে আৰু ইয়াৰ গোন্ধে পোক-পৰুৱাক নোহোৱা কৰে। গতিকে শৰীৰত ঠাণ্ডা তেল লগাওক, উপকৃত হ’ব।

৪. লেমনগ্ৰাছ আৰু লং তেল লগাবঃ-লেমনগ্ৰাছৰ পাত কেইটামান লৈ নাৰিকল আৰু লং তেলত মিহলাই লওক। এতিয়া এই তেল আপোনাৰ শৰীৰত লগাওক। ইয়াৰ ফলত মহ কামুৰিব নোৱাৰে। কেৱল এয়াই নহয়, এই তেল আপোনাৰ ছালৰ বাবেও উপকাৰী আৰু বহু ধৰণৰ ছালৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰে। গতিকে মহৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনিও এই ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ