--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গ্ৰীষ্মৰ আৰম্ভৰ লগে লগে মহৰ প্ৰাদুৰ্ভাৱো বৃদ্ধি পায়। মহৰ উপদ্ৰৱত বেমাৰৰ আশংকাৰ উপৰি অতিষ্ঠ হৈ পৰে মানুহ। কাৰণ মহৰ বাবেই মেলেৰিয়া আৰু ডেংগুৰ দৰে ৰোগ এই সময়ত বৃদ্ধি পায়। এনে পৰিস্থিতিত মহৰ প্ৰাদুৰ্ভাৱৰ পৰা পৰিত্ৰাণৰ উদ্দেশ্যে কিছু ঘৰুৱা দিহাৰ বিষয়ে জানো আহক।

মহৰ খেদোৱাৰ ঘৰুৱা উপায়-

১. কৰ্পূৰ জ্বলাব পাৰেঃ-মহ ঘৰৰ পৰা বাহিৰ কৰিবলৈ কৰ্পূৰ ব্যৱহাৰ কৰিব পাৰে। কৰ্পূৰৰ গোন্ধ ইমানেই প্ৰবল যে মহ নোহোৱা ৰহোৱাৰ উপৰি ই এন্টিবেক্টেৰিয়েল আৰু বীজাণুনাশক হিচাপেও কাম কৰে। গতিকে মহ দূৰ কৰিবলৈ কৰ্পূৰ জ্বলাই চুক এটাত ৰাখি থওক। সকলো দুৱাৰ-খিৰিকী বন্ধ কৰি দিয়ক, মহ মৰি নোহোৱা হ’ব।

২. নিমৰ পাত জ্বলাব পাৰেঃ-নিমৰ পাত জ্বলোৱাটো অতি পুৰণি পদ্ধতি। এই পদ্ধতি অতি ফলপ্ৰসূ কাৰণ নিম বেক্টেৰিয়াবিৰোধী আৰু ইয়াৰ গোন্ধৰ পৰা মহ আঁতৰি যায়। গতিকে নিমৰ পাত লৈ জ্বলাই ধোঁৱাখিনি গোটেই ঘৰখনতে বিয়পাই দিব। ইয়াৰ দ্বাৰা মহ নোহোৱা হ’ব।

৩. শৰীৰত ঠাণ্ডা তেল লগাওকঃ-শৰীৰত ঠাণ্ডা তেল প্ৰয়োগ কৰিলে মহে কামোৰাৰ পৰা ৰক্ষা পৰে। এই তেলে শৰীৰত সুৰক্ষামূলক স্তৰৰ দৰে কাম কৰে আৰু ইয়াৰ গোন্ধে পোক-পৰুৱাক নোহোৱা কৰে। গতিকে শৰীৰত ঠাণ্ডা তেল লগাওক, উপকৃত হ’ব।

৪. লেমনগ্ৰাছ আৰু লং তেল লগাবঃ-লেমনগ্ৰাছৰ পাত কেইটামান লৈ নাৰিকল আৰু লং তেলত মিহলাই লওক। এতিয়া এই তেল আপোনাৰ শৰীৰত লগাওক। ইয়াৰ ফলত মহ কামুৰিব নোৱাৰে। কেৱল এয়াই নহয়, এই তেল আপোনাৰ ছালৰ বাবেও উপকাৰী আৰু বহু ধৰণৰ ছালৰ সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰে। গতিকে মহৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনিও এই ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস