--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ''মোৰ পত্নীয়ে সহজ-সৰল পুৰুষসকলক জালত পেলায় আৰু পাছত হানীট্ৰেপিঙত ফচায়। সেই পুৰুষসকলক ব্লেকমেইলিং কৰি ধন দাবী কৰে। মোৰ পত্নীক সোনকালে গ্ৰেপ্তাৰ কৰক।'' এজন স্বামীয়ে নিজ পত্নীৰ বিৰুদ্ধে আৰক্ষীৰ আগত দাঙি ধৰে এনে বিস্ফোৰক তথ্য। এই ঘটনা সংঘটিত হৈছে নয়ডাত। দীপক কুমাৰ নামৰ লোকজনে পত্নী শোভাৰ বিৰুদ্ধে চেক্টৰ ৪৯ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। এজাহাৰত উল্লেখ আছে যে শোভাই বহুতো পুৰুষক জালত পেলাই হানিট্ৰেপিঙৰ ভুক্তভোগী কৰি তুলিছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে। গৌতম বুদ্ধ নগৰৰ মহিলা আৰক্ষীয়েও গোচৰটো গুৰুত্বসহকাৰে লৈছে।

দীপক কুমাৰে কয় যে তেওঁ এটা ডেটিং এপত শোভা নামৰ যুৱতীগৰাকীক লগ পাইছিল। শোভাই নিজেক অবিবাহিত বুলি কৈ এপটোত নিজৰ নাম পঞ্জীয়ন কৰিছিল। ডেটিং এপটোত দুয়োৰে মাজত বাৰ্তালাপ হৈছিল আৰু লাহে লাহে দুয়োৰে মাজত বন্ধুত্বসুলভ সম্পৰ্ক গঢ় লৈ উঠিছিল। এবাৰ শোভাই দীপক কুমাৰক ওখলা নামৰ ঠাইলৈ লগ কৰিবলৈ মাতে। তাত পাৰস্পৰিক সন্মতিৰ ভিত্তিত দুয়োৰে মাজত শাৰীৰিক সম্পৰ্ক হয়। শোভাই এই সকলোখিনি ৰেকৰ্ড কৰি ৰাখি পাছত দীপকক ব্লেকমেইলিং কৰে।  দীপকৰ পৰা শোভাই বৃহৎ পৰিমাণৰ ধনো দাবী কৰিছিল। দীপকক ধৰ্ষণৰ অভিযোগত ফচোৱা হ'ব বুলিও ভাবুকি দিছিল যুৱতীগৰাকীয়ে। দীপকে যুৱতীগৰাকীৰ হেঁচাত পৰিয়ে তেওঁক বিয়া কৰাবলৈ বাধ্য হয়। পৰৱৰ্তী সময়ত দীপকে গম পাই যে শোভা আগৰে পৰা বিবাহিতা আছিল কিন্তু ছ'চিয়েল মিডিয়াত নিজকে অবিবাহিত বুলি বৰ্ণনা কৰিছিল। 

আৰু পঢ়কঃ পত্নীয়েই হত্যা কৰিছিল পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীক! ফাদিল বিস্ফোৰক তথ্য

এজাহাৰখনত দীপকে উল্লেখ কৰিছে যে শোভাই দীপকৰ সৈতে হোৱা বিবাহৰ পাছতো এনে ধৰণৰ ব্লেকমেইলিঙত লিপ্ত হৈ আছে আৰু ডেটিং এপৰ জৰিয়তে সহজ-সৰল পুৰুষৰ সৈতে বন্ধুত্ব কৰে আৰু তেওঁলোকক ফান্দত পেলাই শাৰীৰিক সম্পৰ্কত লিপ্ত হয়। তাৰপাছত শোভাই সেই পুৰুষসকলৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰাৰ ভাবুকি দি বৃহৎ পৰিমাণৰ ধন সৰকাই থাকে। দীপক কুমাৰে এই সন্দৰ্ভত পুৰুষ সমাজক সাৱধান বাণী শুনাই কয় যে ''মোৰ পৰা শিক্ষা লওক। আগ গুৰি বিচাৰ নকৰি এই সম্পৰ্কত আগবঢ়া কাৰণেই আজি মোৰ জীৱন নৰক সদৃশ হৈ পৰিল। শোভাৰ দৰে নাৰীক আৰক্ষীয়ে যাতে উচিত শাস্তি প্ৰদান কৰে আৰু মোৰ দৰে হাজাৰজন দীপক কুমাৰ যাতে ৰক্ষা পৰে, সেয়াই মোৰ কামনা।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই