--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ''মোৰ পত্নীয়ে সহজ-সৰল পুৰুষসকলক জালত পেলায় আৰু পাছত হানীট্ৰেপিঙত ফচায়। সেই পুৰুষসকলক ব্লেকমেইলিং কৰি ধন দাবী কৰে। মোৰ পত্নীক সোনকালে গ্ৰেপ্তাৰ কৰক।'' এজন স্বামীয়ে নিজ পত্নীৰ বিৰুদ্ধে আৰক্ষীৰ আগত দাঙি ধৰে এনে বিস্ফোৰক তথ্য। এই ঘটনা সংঘটিত হৈছে নয়ডাত। দীপক কুমাৰ নামৰ লোকজনে পত্নী শোভাৰ বিৰুদ্ধে চেক্টৰ ৪৯ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। এজাহাৰত উল্লেখ আছে যে শোভাই বহুতো পুৰুষক জালত পেলাই হানিট্ৰেপিঙৰ ভুক্তভোগী কৰি তুলিছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে। গৌতম বুদ্ধ নগৰৰ মহিলা আৰক্ষীয়েও গোচৰটো গুৰুত্বসহকাৰে লৈছে।

দীপক কুমাৰে কয় যে তেওঁ এটা ডেটিং এপত শোভা নামৰ যুৱতীগৰাকীক লগ পাইছিল। শোভাই নিজেক অবিবাহিত বুলি কৈ এপটোত নিজৰ নাম পঞ্জীয়ন কৰিছিল। ডেটিং এপটোত দুয়োৰে মাজত বাৰ্তালাপ হৈছিল আৰু লাহে লাহে দুয়োৰে মাজত বন্ধুত্বসুলভ সম্পৰ্ক গঢ় লৈ উঠিছিল। এবাৰ শোভাই দীপক কুমাৰক ওখলা নামৰ ঠাইলৈ লগ কৰিবলৈ মাতে। তাত পাৰস্পৰিক সন্মতিৰ ভিত্তিত দুয়োৰে মাজত শাৰীৰিক সম্পৰ্ক হয়। শোভাই এই সকলোখিনি ৰেকৰ্ড কৰি ৰাখি পাছত দীপকক ব্লেকমেইলিং কৰে।  দীপকৰ পৰা শোভাই বৃহৎ পৰিমাণৰ ধনো দাবী কৰিছিল। দীপকক ধৰ্ষণৰ অভিযোগত ফচোৱা হ'ব বুলিও ভাবুকি দিছিল যুৱতীগৰাকীয়ে। দীপকে যুৱতীগৰাকীৰ হেঁচাত পৰিয়ে তেওঁক বিয়া কৰাবলৈ বাধ্য হয়। পৰৱৰ্তী সময়ত দীপকে গম পাই যে শোভা আগৰে পৰা বিবাহিতা আছিল কিন্তু ছ'চিয়েল মিডিয়াত নিজকে অবিবাহিত বুলি বৰ্ণনা কৰিছিল। 

আৰু পঢ়কঃ পত্নীয়েই হত্যা কৰিছিল পূজাৰী নাৰায়ণ চক্ৰৱৰ্তীক! ফাদিল বিস্ফোৰক তথ্য

এজাহাৰখনত দীপকে উল্লেখ কৰিছে যে শোভাই দীপকৰ সৈতে হোৱা বিবাহৰ পাছতো এনে ধৰণৰ ব্লেকমেইলিঙত লিপ্ত হৈ আছে আৰু ডেটিং এপৰ জৰিয়তে সহজ-সৰল পুৰুষৰ সৈতে বন্ধুত্ব কৰে আৰু তেওঁলোকক ফান্দত পেলাই শাৰীৰিক সম্পৰ্কত লিপ্ত হয়। তাৰপাছত শোভাই সেই পুৰুষসকলৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰাৰ ভাবুকি দি বৃহৎ পৰিমাণৰ ধন সৰকাই থাকে। দীপক কুমাৰে এই সন্দৰ্ভত পুৰুষ সমাজক সাৱধান বাণী শুনাই কয় যে ''মোৰ পৰা শিক্ষা লওক। আগ গুৰি বিচাৰ নকৰি এই সম্পৰ্কত আগবঢ়া কাৰণেই আজি মোৰ জীৱন নৰক সদৃশ হৈ পৰিল। শোভাৰ দৰে নাৰীক আৰক্ষীয়ে যাতে উচিত শাস্তি প্ৰদান কৰে আৰু মোৰ দৰে হাজাৰজন দীপক কুমাৰ যাতে ৰক্ষা পৰে, সেয়াই মোৰ কামনা।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক