--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ খেলপথাৰৰ পৰা অৱসৰ লোৱাৰ পাছতে ডায়েটিং এৰি দিলে নেকি শচীন টেণ্ডুলকাৰে? নিজৰ ফিটনেছক লৈ এতিয়া আৰু সচেতন নহয় নেকি ক্ৰিকেটৰ ভগৱান?

 

বৰ্তমান শচীনে ৰাজস্থানৰ জয়পুৰ ভ্ৰম কৰিছে৷ নিজৰ ইনষ্টাগ্ৰাম পে’জত শচীনে জয়পুৰ ভ্ৰণৰ ভিডিঅ’ও ষ্বেয়াৰ কৰিছে৷ তাৰে েটা ভিডিঅ’ত তেওঁ ব্ৰেকফাষ্ট কৰা দেখা গৈছে৷

 

ব্ৰেকফাষ্টত আছে চিংৰা, কচুৰি, নানা ধৰণৰ চাটনি আৰু লচ্চি৷ ভিডিঅ’টোত দেখা গৈছে লচ্চি ভৰা মাটিৰ গ্লাচত চুমুক দিছে শচীনে৷ মুখত তৃপ্তিভৰা অভিব্যক্তি৷



 

তাৰপাছতে অনুৰাগীসকলৰ মনত প্ৰশ্নৰ উদয় হৈছে যে শচীন নিজৰ ফিটনেছক লৈ উদাসীন নেকি? সাধাৰণতে খেলুৱৈসকলক ফিটনেছৰ প্ৰতি সজাগ হিচাপে দেখা যায়৷ পুৱা শুই উঠি তেওঁলোকে চিংৰা-কচুৰিৰ দৰে তেলেতীয়া খাদ্য গ্ৰহণ নকৰে৷ কিন্তু শচীনে এইসমূহ ব্ৰেকফাষ্টত খাইছে৷

 

উল্লেখ্য যে শচীনে ক্ৰিকেটৰ পৰা অৱসৰ লোৱা প্ৰায় এক দশক হ’ল৷ ২০১৩ চনৰ ১৬ নৱেম্বৰত তেওঁ ক্ৰেকেটক বিদায় জনাইছিল৷ তাৰপাছৰে পৰা তেওঁক ঘৰুৱা ৰূপত দেখা পোৱা গৈছে৷

 

অৱসৰ লোৱাৰ পাছত তেওঁক কেতিয়াবা ৰান্ধনি অথবা কেতিয়াবা পৰ্যটক হিচাপে দেখা পোৱা গৈছে৷ শচীনে ৰন্ধা দৃশ্যসমূহ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে৷ শেহতীয়াকৈ তেওঁক গোৱাৰ সমূদ্ৰপাৰত নৈসৰ্গিক দৃশ্য উপভোগ কৰা দেখা গৈছিল৷

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু