--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ খেলপথাৰৰ পৰা অৱসৰ লোৱাৰ পাছতে ডায়েটিং এৰি দিলে নেকি শচীন টেণ্ডুলকাৰে? নিজৰ ফিটনেছক লৈ এতিয়া আৰু সচেতন নহয় নেকি ক্ৰিকেটৰ ভগৱান?

 

বৰ্তমান শচীনে ৰাজস্থানৰ জয়পুৰ ভ্ৰম কৰিছে৷ নিজৰ ইনষ্টাগ্ৰাম পেজত শচীনে জয়পুৰ ভ্ৰণৰ ভিডিঅও ষ্বেয়াৰ কৰিছে৷ তাৰে েটা ভিডিঅত তেওঁ ব্ৰেকফাষ্ট কৰা দেখা গৈছে৷

 

ব্ৰেকফাষ্টত আছে চিংৰা, কচুৰি, নানা ধৰণৰ চাটনি আৰু লচ্চি৷ ভিডিঅটোত দেখা গৈছে লচ্চি ভৰা মাটিৰ গ্লাচত চুমুক দিছে শচীনে৷ মুখত তৃপ্তিভৰা অভিব্যক্তি৷



 

তাৰপাছতে অনুৰাগীসকলৰ মনত প্ৰশ্নৰ উদয় হৈছে যে শচীন নিজৰ ফিটনেছক লৈ উদাসীন নেকি? সাধাৰণতে খেলুৱৈসকলক ফিটনেছৰ প্ৰতি সজাগ হিচাপে দেখা যায়৷ পুৱা শুই উঠি তেওঁলোকে চিংৰা-কচুৰিৰ দৰে তেলেতীয়া খাদ্য গ্ৰহণ নকৰে৷ কিন্তু শচীনে এইসমূহ ব্ৰেকফাষ্টত খাইছে৷

 

উল্লেখ্য যে শচীনে ক্ৰিকেটৰ পৰা অৱসৰ লোৱা প্ৰায় এক দশক হল৷ ২০১৩ চনৰ ১৬ নৱেম্বৰত তেওঁ ক্ৰেকেটক বিদায় জনাইছিল৷ তাৰপাছৰে পৰা তেওঁক ঘৰুৱা ৰূপত দেখা পোৱা গৈছে৷

 

অৱসৰ লোৱাৰ পাছত তেওঁক কেতিয়াবা ৰান্ধনি অথবা কেতিয়াবা পৰ্যটক হিচাপে দেখা পোৱা গৈছে৷ শচীনে ৰন্ধা দৃশ্যসমূহ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে৷ শেহতীয়াকৈ তেওঁক গোৱাৰ সমূদ্ৰপাৰত নৈসৰ্গিক দৃশ্য উপভোগ কৰা দেখা গৈছিল৷

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক