--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাতৃ আৰু সন্তানৰ সম্পৰ্ক আন কাৰোৰে সৈতে তুলনা নহয়। এগৰাকী কণমানি ছোৱালীৰ মাতৃৰ প্ৰতি থকা প্ৰেমে এগৰাকী দোকানীক আৱেগিক কৰি তুলিলে। যি কাহিনী এতিয়া চৰ্চিত হৈ পৰিছে।

ধনতেৰাছৰ দিনা ৰাজধানী পাটনাকে ধৰি সমগ্ৰ বিহাৰতে লাখ লাখ টকাৰ ব্যৱসায় হৈছিল। সকলোৱে নিজৰ ইচ্ছামতে বস্তু কিনি ঘৰলৈ লৈ গৈছিল। ইয়াৰ মাজতে বিহাৰৰ দৰভঙাৰ এজনী ছোৱালীয়ে এগৰাকী দোকানীৰ হৃদয় জিনিবলৈ সক্ষম হ’ল।

১১ বছৰীয়া ছোৱালীজনীয়ে মাটিৰ টেকেলি বেংক এটা হাতত লৈ এখন দোকানলৈ গ’ল। ছোৱালীজনীৰ উদ্দেশ্য হ’ল মাকৰ বাবে এটা মিক্সাৰ কিনা। ছোৱালীজনীয়ে দোকানীক কয় যে ''মোৰ মাৰ বাবে এটা মিক্সাৰ লাগিছিল। মোৰ মায়ে পটাত মছলা আৰু চাটনি বটে। মাৰ হাতৰ কিছু সমস্যাও আছে, যিটো দেখি মোৰ বেয়া লাগে। আমাৰ ঘৰৰ ওচৰৰ সকলোৱে মিক্সাৰ ব্যৱহাৰ কৰে। দেউতাই মোক মৰ্টন আৰু অন্যান্য বস্তুৰ বাবে কেতিয়াবা পকেটৰ ধন দিয়ে। যিটো মই এই বেংকত নিৰাপদে জমা কৰি ৰাখিছিলোঁ। সেই টকাৰে এতিয়া মই এটা মিক্সি কিনিবলৈ আহিছোঁ।''

লাডলী নামৰ ছোৱালীজনীৰ কথা শুনি দোকানীজন অভিভূত হৈ পৰে। কণমানি ছোৱালীজনীৰ মাতৃপ্ৰেম দেখি তেওঁ আৱেগিকো হৈ পৰে। দোকানীজনে লাডলীৰ হাতত থকা পইচা গন্তি নকৰাকৈয়ে কয় যে ''তোমাৰ যিটো মিক্সি পচন্দ হৈছে লোৱা। মই তোমাক দিম।'' ছোৱালীজনীয়ে এটা মিক্সি পচন্দ কৰে যিটোৰ দাম আছিল ৪১০০ টকা।

দোকানীজনে ৪১০০ টকাৰ মিক্সিটো দি দিয়ে লাডলীক। লাডলীয়ে পচন্দৰ মিক্সিটো লৈ হাঁহিমুখে ঘৰলৈ উভতিল।

দোকানী বিবেক শৰ্মাই কয় যে ''মোৰ দোকানলৈ এগৰাকী মৰমলগা কন্যা আহিছিল। ৪১০০ টকাৰ মিক্সি এটা ছোৱালীজনীয়ে মাকৰ বাবে পচন্দ কৰিছিল কিন্তু ছোৱালীজনীৰ হাতত থকা খুচুৰা পইচাখিনি মই সেই সময়ত গন্তি কৰা নাছিলো। ছোৱালীজনীৰ আৱেগ, নিৰ্দোষতা আৰু মাকৰ প্ৰতি থকা মৰম, অনুভৱবোৰ দেখি মোৰ মনটো আৱেগিক হৈ পৰিল আৰু অনুভৱ হ’ল যে এইটো কোনো ব্যৱসায়ৰ কথা নহয়। এয়া এগৰাকী ছোৱালীৰ মাকৰ প্ৰতি থকা অনুভৱৰ কথা, সেয়েহে তাই পচন্দ কৰা মিক্সিটো মই তাইৰ হাতত তুলি দিছিলো। মোক তাই দি থৈ যোৱা খুচুৰা পইচাখিনি পাছত গন্তি কৰোতে ওলাল ১৮০০ টকা। ধনতেৰাছৰ দিনা যেন মোৰ দোকানলৈ দেৱী লক্ষ্মী আহিছিল, মোৰ এনেকুৱা লাগিছিল। ছোৱালীজনীৰ মুদ্ৰাবোৰ মোৰ বাবে সোণৰ মুদ্ৰাতকৈ কোনো গুণে কম নাছিল।'' 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক