--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচনৰ পূৰ্বে বিশেষ চৰ্চালৈ আহিছে জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা আৰ্শ্বাদ মাদানীৰ এটা মন্তব্য৷ সাম্প্ৰদায়িকতাবাদৰ সমৰ্থন কৰাসকলক দেশৰ ‘শত্ৰু’ বুলি অভিহিত কৰি মাদানীয়ে কয় যে দেশখন কেৱল ভাতৃত্ববোধ আৰু প্ৰেমৰ জৰিয়তেহে জীয়াই থাকিব, অন্যথা আজি নহ’লেও কাইলৈ দেশ ধ্বংস হৈ যাব৷
 
জমিয়ত-ই-মজলিছ-ই-মুন্তাজিমাৰ কৰ্মীসকলৰ এক সমাৱেশক সম্বোধন কৰি মাদানীয়ে কয় যে সাম্প্ৰদায়িকতাবাদ কোনো এখন দেশৰ নহয়, ই সমগ্ৰ বিশ্বৰ সমস্যা হৈ পৰিছে। আজিৰ পৰিস্থিতিত যিসকলে সাম্প্ৰদায়িক শ্ল’গান দিয়ে, তেওঁলোকক আমি আমাৰ দেশৰ শত্ৰু বুলি বিবেচনা কৰোঁ। প্ৰথমে দেশত এই পৰিৱেশ নাছিল। এইটো কমিউনিষ্টসকলৰ দ্বাৰা সৃষ্টি কৰা হৈছে। এই পৰিস্থিতিয়ে দেশখনক ধ্বংসৰ দিশে লৈ গৈছে৷

ভাৰত বিভাজনৰ কথা উল্লেখ কৰি মৌলানা মাদানীয়ে কয় যে সাম্প্ৰদায়িকতাবাদৰ বাবে আমাৰ দেশ আকৌ এবাৰ ভাঙি পৰিছে আৰু যদি সাম্প্ৰদায়িকতাবাদ বৃদ্ধি পাই গৈ থাকে তেন্তে দেশখন অধিক ক্ষতিগ্ৰস্ত হ’ব। স্বাধীনতা আন্দোলনৰ সময়ত সকলো ধৰ্মৰ মানুহ একত্ৰিত হৈছিল আৰু ভাৰতৰ বাবে স্বাধীনতা আঁজুৰি আনিছিল৷ যদি এজন হিন্দু মুছলমান, শিখ বা খ্ৰীষ্টান হিচাপে অকলে থিয় হ’লহেঁতেন, তেন্তে দেশখন মুক্ত কৰিব নোৱাৰিলেহেঁতেন।

পেলেষ্টাইনত হোৱা বোমা বিস্ফোৰণৰ তীব্ৰ বিৰোধিতা কৰি মৌলানা মাদানীয়ে কয় যে পেলেষ্টাইনী নাগৰিকসকলে তেওঁলোকৰ স্বাধীনতাৰ বাবে যুঁজ দি আছে, আনহাতে ইজৰাইলে আক্ৰমণ কৰি আছে।

আনহাতে, জমিয়ত-উলেমা-ই-হিন্দ কোনোধৰণৰ ৰাজনৈতিক সংগঠন নহয় বুলি উল্লেখ কৰি তেওঁ কয় আমি প্ৰাৰ্থিত্ব প্ৰদান নকৰোঁ বা কোনো দলক প্ৰাৰ্থিত্ব নিদিওঁ। যদি এই অৰাজনৈতিক ভেটিটো নহ’লহেঁতেন, জমিয়তো নিশ্চিহ্ন হৈ গ’লহেঁতেন। এয়াই হৈছে জমিয়তৰ শক্তি। ইয়াৰ প্ৰতিজন সদস্যই এইটো বুজি পোৱা উচিত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক