--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচনৰ পূৰ্বে বিশেষ চৰ্চালৈ আহিছে জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা আৰ্শ্বাদ মাদানীৰ এটা মন্তব্য৷ সাম্প্ৰদায়িকতাবাদৰ সমৰ্থন কৰাসকলক দেশৰ ‘শত্ৰু’ বুলি অভিহিত কৰি মাদানীয়ে কয় যে দেশখন কেৱল ভাতৃত্ববোধ আৰু প্ৰেমৰ জৰিয়তেহে জীয়াই থাকিব, অন্যথা আজি নহ’লেও কাইলৈ দেশ ধ্বংস হৈ যাব৷
 
জমিয়ত-ই-মজলিছ-ই-মুন্তাজিমাৰ কৰ্মীসকলৰ এক সমাৱেশক সম্বোধন কৰি মাদানীয়ে কয় যে সাম্প্ৰদায়িকতাবাদ কোনো এখন দেশৰ নহয়, ই সমগ্ৰ বিশ্বৰ সমস্যা হৈ পৰিছে। আজিৰ পৰিস্থিতিত যিসকলে সাম্প্ৰদায়িক শ্ল’গান দিয়ে, তেওঁলোকক আমি আমাৰ দেশৰ শত্ৰু বুলি বিবেচনা কৰোঁ। প্ৰথমে দেশত এই পৰিৱেশ নাছিল। এইটো কমিউনিষ্টসকলৰ দ্বাৰা সৃষ্টি কৰা হৈছে। এই পৰিস্থিতিয়ে দেশখনক ধ্বংসৰ দিশে লৈ গৈছে৷

ভাৰত বিভাজনৰ কথা উল্লেখ কৰি মৌলানা মাদানীয়ে কয় যে সাম্প্ৰদায়িকতাবাদৰ বাবে আমাৰ দেশ আকৌ এবাৰ ভাঙি পৰিছে আৰু যদি সাম্প্ৰদায়িকতাবাদ বৃদ্ধি পাই গৈ থাকে তেন্তে দেশখন অধিক ক্ষতিগ্ৰস্ত হ’ব। স্বাধীনতা আন্দোলনৰ সময়ত সকলো ধৰ্মৰ মানুহ একত্ৰিত হৈছিল আৰু ভাৰতৰ বাবে স্বাধীনতা আঁজুৰি আনিছিল৷ যদি এজন হিন্দু মুছলমান, শিখ বা খ্ৰীষ্টান হিচাপে অকলে থিয় হ’লহেঁতেন, তেন্তে দেশখন মুক্ত কৰিব নোৱাৰিলেহেঁতেন।

পেলেষ্টাইনত হোৱা বোমা বিস্ফোৰণৰ তীব্ৰ বিৰোধিতা কৰি মৌলানা মাদানীয়ে কয় যে পেলেষ্টাইনী নাগৰিকসকলে তেওঁলোকৰ স্বাধীনতাৰ বাবে যুঁজ দি আছে, আনহাতে ইজৰাইলে আক্ৰমণ কৰি আছে।

আনহাতে, জমিয়ত-উলেমা-ই-হিন্দ কোনোধৰণৰ ৰাজনৈতিক সংগঠন নহয় বুলি উল্লেখ কৰি তেওঁ কয় আমি প্ৰাৰ্থিত্ব প্ৰদান নকৰোঁ বা কোনো দলক প্ৰাৰ্থিত্ব নিদিওঁ। যদি এই অৰাজনৈতিক ভেটিটো নহ’লহেঁতেন, জমিয়তো নিশ্চিহ্ন হৈ গ’লহেঁতেন। এয়াই হৈছে জমিয়তৰ শক্তি। ইয়াৰ প্ৰতিজন সদস্যই এইটো বুজি পোৱা উচিত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক