--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পাচনতন্ত্ৰ শক্তিশালী হ’লে বিভিন্ন ৰোগৰ আশংকা বহু পৰিমাণে কমি যায়। ভাল হজমে শৰীৰক উপযুক্ত পুষ্টি যোগান ধৰিব পাৰে। ইফালে বদহজম আৰু কোষ্ঠকাঠিন্যৰ সমস্যাই বহু দিশত মানুহক অসুস্থ কৰি তুলিব পাৰে। যিসকলে এনে পেটৰ সমস্যাত ভুগিছে, তেওঁলোকৰ এটাৰ পাছত আনটো বেমাৰ হৈ থাকে। এনে অৱস্থাত সমস্যাৰ পৰা হাত সাৰিবলৈ এনে ৫বিধ খাদ্যৰ বিষয়ে জানি লওঁক।

 ১. হালধিঃ-হালধি হৈছে উত্তম প্ৰাকৃতিক এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-অক্সিডেন্ট। যদি আপুনি বদহজম আৰু কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগি আছে, তেন্তে হালধি খাব পাৰে। ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰিব পাৰে, লগতে হালধিৰ ৰস প্ৰস্তুত কৰি খাব পাৰে। ইয়াৰ বাহিৰেও সোণালী গাখীৰৰ লগত মিহলাই খাব পাৰে। গৰম পানী আৰু মৌৰ লগত হালধি মিহলাই খালে সুফল পোৱা যায়।

২. জালুকঃ-এটা উপযোগী মছলা হ’ল জালুক। ই কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, শৰীৰকো উপকৃত কৰে। ডিঙি, হাওঁফাওঁ, অন্ত্ৰ, পেশী, গাঁঠিকে ধৰি সকলো ধৰণৰ প্ৰদাহ হ্ৰাস কৰাৰ কাম কৰে। কাহ-চৰ্দি, গাঁঠিৰ বিষ, ভোকহীনতা আদি কমোৱাতো ই অতি ফলপ্ৰসূ। চাহ লগতো জালুক ব্যৱহাৰ কৰিব পাৰে।

৩. আদাৰঃ-আদাই পেটৰ বিষ, ক্ৰেম্প, গেছ, কোষ্ঠকাঠিন্য আদি বিভিন্ন ধৰণৰ পেটৰ সমস্যা দূৰ কৰাত কাম কৰে। বদহজমত আদা অতি ফলপ্ৰসূ। চাহৰ লগত নিয়মিতভাৱে আদা খোৱাৰ অভ্যাসে স্বাস্থ্যৰ বাবে ফলপ্ৰসূ। নিয়মিতভাৱে আদা খালে পেটৰ সমস্যা সহজে দূৰ হয়।

৪. লংঃ-লং হৈছে এবিধ মছলা যিয়ে পেটক ঠাণ্ডা কৰে। দাঁতৰ বিষ, ডিঙিৰ বিষ, গাঁঠিৰ বিষ আদিতো ই অতি উপকাৰী। পেটৰ সমস্যাৰ পৰা হাত সাৰিবলৈ চাহৰ লগত লং খাব পাৰে। বাহ্যিক সমস্যাৰ পৰা মুক্তি পাবলৈ লং তেল ব্যৱহাৰ কৰিব পাৰে।

৫. মেথিঃ-মেথিত বিষ নিবাৰণকাৰী গুণ আছে যিয়ে প্ৰদাহ কমোৱাৰ কাম কৰে। বিষ, কোষ্ঠকাঠিন্য, পেট ফুলা, ওজন নিয়ন্ত্ৰণ আদিৰ বাবে দীৰ্ঘদিন ধৰি ব্যৱহাৰ হৈ আহিছে। মেথি পানীত উতলাই তাৰ পৰা ভাপ ল’ব পাৰে। তদুপৰি বিভিন্ন ৰন্ধা-বঢ়াতো ইয়াক ব্যৱহাৰ কৰিব পাৰি।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ