--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পাচনতন্ত্ৰ শক্তিশালী হ’লে বিভিন্ন ৰোগৰ আশংকা বহু পৰিমাণে কমি যায়। ভাল হজমে শৰীৰক উপযুক্ত পুষ্টি যোগান ধৰিব পাৰে। ইফালে বদহজম আৰু কোষ্ঠকাঠিন্যৰ সমস্যাই বহু দিশত মানুহক অসুস্থ কৰি তুলিব পাৰে। যিসকলে এনে পেটৰ সমস্যাত ভুগিছে, তেওঁলোকৰ এটাৰ পাছত আনটো বেমাৰ হৈ থাকে। এনে অৱস্থাত সমস্যাৰ পৰা হাত সাৰিবলৈ এনে ৫বিধ খাদ্যৰ বিষয়ে জানি লওঁক।

 ১. হালধিঃ-হালধি হৈছে উত্তম প্ৰাকৃতিক এন্টি-ইনফ্লেমেটৰী আৰু এন্টি-অক্সিডেন্ট। যদি আপুনি বদহজম আৰু কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগি আছে, তেন্তে হালধি খাব পাৰে। ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰিব পাৰে, লগতে হালধিৰ ৰস প্ৰস্তুত কৰি খাব পাৰে। ইয়াৰ বাহিৰেও সোণালী গাখীৰৰ লগত মিহলাই খাব পাৰে। গৰম পানী আৰু মৌৰ লগত হালধি মিহলাই খালে সুফল পোৱা যায়।

২. জালুকঃ-এটা উপযোগী মছলা হ’ল জালুক। ই কেৱল খাদ্যৰ সোৱাদ বৃদ্ধি কৰাই নহয়, শৰীৰকো উপকৃত কৰে। ডিঙি, হাওঁফাওঁ, অন্ত্ৰ, পেশী, গাঁঠিকে ধৰি সকলো ধৰণৰ প্ৰদাহ হ্ৰাস কৰাৰ কাম কৰে। কাহ-চৰ্দি, গাঁঠিৰ বিষ, ভোকহীনতা আদি কমোৱাতো ই অতি ফলপ্ৰসূ। চাহ লগতো জালুক ব্যৱহাৰ কৰিব পাৰে।

৩. আদাৰঃ-আদাই পেটৰ বিষ, ক্ৰেম্প, গেছ, কোষ্ঠকাঠিন্য আদি বিভিন্ন ধৰণৰ পেটৰ সমস্যা দূৰ কৰাত কাম কৰে। বদহজমত আদা অতি ফলপ্ৰসূ। চাহৰ লগত নিয়মিতভাৱে আদা খোৱাৰ অভ্যাসে স্বাস্থ্যৰ বাবে ফলপ্ৰসূ। নিয়মিতভাৱে আদা খালে পেটৰ সমস্যা সহজে দূৰ হয়।

৪. লংঃ-লং হৈছে এবিধ মছলা যিয়ে পেটক ঠাণ্ডা কৰে। দাঁতৰ বিষ, ডিঙিৰ বিষ, গাঁঠিৰ বিষ আদিতো ই অতি উপকাৰী। পেটৰ সমস্যাৰ পৰা হাত সাৰিবলৈ চাহৰ লগত লং খাব পাৰে। বাহ্যিক সমস্যাৰ পৰা মুক্তি পাবলৈ লং তেল ব্যৱহাৰ কৰিব পাৰে।

৫. মেথিঃ-মেথিত বিষ নিবাৰণকাৰী গুণ আছে যিয়ে প্ৰদাহ কমোৱাৰ কাম কৰে। বিষ, কোষ্ঠকাঠিন্য, পেট ফুলা, ওজন নিয়ন্ত্ৰণ আদিৰ বাবে দীৰ্ঘদিন ধৰি ব্যৱহাৰ হৈ আহিছে। মেথি পানীত উতলাই তাৰ পৰা ভাপ ল’ব পাৰে। তদুপৰি বিভিন্ন ৰন্ধা-বঢ়াতো ইয়াক ব্যৱহাৰ কৰিব পাৰি।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু