--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাড় আৰু দাঁত সুস্থ হোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণে কেলচিয়াম গ্ৰহণৰ বিকল্প নাই। সুস্থ হৈ থাকিবলৈ দৈনন্দিন খাদ্যত কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বি থকাটো অতি প্ৰয়োজনীয়, লগতে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন আৰু খনিজ পদাৰ্থ থাকিব লাগে।আৰু এই খনিজ পদাৰ্থবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ হ’ল কেলচিয়াম।

বয়স বৃদ্ধিৰ লগে লগে শৰীৰত কেলচিয়ামৰ অভাৱ হোৱা দেখা যায়। এই কাৰণে চিকিৎসকে পৰিপূৰক খাদ্য গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে কিছুমান গুৰুতৰ লক্ষণে দেখা দিয়ে। কেলচিয়ামৰ অভাৱৰ লক্ষণসমূহ কি কি জানি লওক -

১)শৰীৰত কেলচিয়ামৰ অভাৱত পেশীৰ বিষ, ক্ৰেম্প আৰু হাড়ৰ বিষ হ’ব পাৰে। এনে ক্ষেত্ৰত খোজ কঢ়া বা লৰচৰ কৰাৰ সময়ত উৰু আৰু বাহুত বিষ হোৱাৰ উপৰিও হাত, ভৰি আৰু মুখৰ চাৰিওফালেও জঠৰতা অনুভৱ কৰিব পাৰে। এনে সমস্যা থাকিলে চিকিৎসকৰ পৰামৰ্শ লওক।

২)বহুত ভাগৰ লগা কেলচিয়ামৰ অভাৱৰ আন এক লক্ষণ। সকলো সময়তে এলাহ ভাৱ জাগি উঠে। ইয়াৰ ফলত অনিদ্ৰাও হ’ব পাৰে।

৩)মূৰৰ বিষ, মূৰ ঘূৰোৱা আদি হ’ব পাৰে। ইয়াৰ ফলত মনোযোগৰ অভাৱ, পাহৰি যোৱা আৰু বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে।

৪)শৰীৰত কেলচিয়ামৰ অভাৱত ছালৰ শুকান ভাৱ বৃদ্ধি পায়। নখ ভাগি যোৱা, চুলি সৰা, একজিমা, ছালৰ প্ৰদাহ, ছালৰ খজুৱতি আৰু চ’ৰিয়াচিছ আদি সমস্যা হ’ব পাৰে।

৫)যেতিয়া কাৰোবাৰ শৰীৰত কেলচিয়ামৰ সামগ্ৰিক মাত্ৰা কম হয় তেতিয়া শৰীৰে হাড়ৰ পৰা কেলচিয়াম শোষণ কৰে। ইয়াৰ বাবে হাড়বোৰ ভংগুৰ হৈ পৰে। অষ্টিঅ’পৰ’ছিছ ৰোগে শৰীৰত বাহ সাজে।

৬)যেতিয়া শৰীৰত কেলচিয়ামৰ মাত্ৰা কমি যায় তেতিয়া হৃদযন্ত্ৰৰ পেশীৱে সঠিকভাৱে কাম নকৰে। এনে অৱস্থাত হৃদযন্ত্ৰৰ মাংসপেশীবোৰ সংকুচিত হয় আৰু হৃদস্পন্দনৰ লগত তাল মিলাব নোৱাৰে। ইয়াৰ ফলত হৃদযন্ত্ৰৰ ছন্দ অস্বাভাৱিক হয়। শৰীৰত কেলচিয়ামৰ মাত্ৰা বেছি কম হ’লে ই অধিক গুৰুতৰ হৈ পৰে।

৭) দাঁতৰ স্বাস্থ্যও কেলচিয়ামৰ ওপৰত নিৰ্ভৰ কৰে। শৰীৰত এই গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ অভাৱত দাঁত ক্ষয় হ’ব পাৰে। 

যদি আপুনি এই লক্ষণসমূহ দেখা পায় তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ পৰিপূৰক খাদ্য গ্ৰহণ কৰিব লাগিব। ইয়াৰ উপৰিও কেলচিয়াম সমৃদ্ধ খাদ্যও খাদ্য তালিকাত ৰাখিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু