--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ গৃহ-মন্ত্ৰণালয়ে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এখন উচ্চ-পৰ্যায়ৰ সমিতি গঠন কৰিছিল৷ অসম চুক্তিৰ এই ছয় নম্বৰ দফাত সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্যৰ সুৰক্ষা, সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে অসমবাসীক সাংবিধানিক, আইনী আৰু প্ৰশাসনিক সুৰক্ষা প্ৰদান কৰা হ’ব বুলি উল্লেখ আছে৷ এই ছয় নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবেই ২০১৯ চনৰ ৪ জানুৱাৰীত গৃহ-মন্ত্ৰণালয়ে এখন উচ্চ-পৰ্যায়ৰ সমিতি গঠন কৰাৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে। ২০১৯ চনৰ ৭ জানুৱাৰীত জাননী জাৰী হোৱা ৯জনীয়া সমিতিখনৰ প্ৰথমাৱস্থাত নেতৃত্ব দিয়াৰ কথা আছিল অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া এম পি বেজবৰুৱাই।


অৱশ্যে, এসপ্তাহতকৈয়ো কম সময়ৰ ভিতৰত, ৯জন সদস্যৰ ভিতৰত ৬জনে ইয়াৰ অংশ হ’বলৈ অস্বীকাৰ কৰিছিল, বহলভাৱে স্থানীয় সংবাদ মাধ্যমত চুক্তিখন কাৰ্যকৰী কৰাৰ কোনো আন্তৰিক অভিপ্ৰায় অবিহনে সেই সময়ত গঢ়ি উঠা ‘কা’ আন্দোলন নিয়ন্ত্ৰণ কৰাৰ প্ৰলোভন বুলি অভিহিত কৰিছিল৷ কেন্দ্ৰীয় চৰকাৰৰ সেই সমিতিত নাথাকে বুলি স্পষ্টকৈ জনাইছিল চিন্তাবিদ নগেন শইকীয়াই৷ শইকীয়াৰ পিছে পিছে ৬ নং দফা ৰূপায়ণ সমিতিত অংশ নলয় বুলি জনাইছিল ৰংবং তেৰাং, মুকুন্দ ৰাজবংশী আৰু ধীৰেন্দ্ৰ নাথ বেজবৰুৱাই৷


অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতিৰে গঠন কৰা সমিতিয়ে পৰৱৰ্তী সময়ত প্ৰতিবেদন দাখিল কৰিছিল দিছপুৰত৷ সমিতিয়ে দিয়া প্ৰতিবেদন দাড়ি-ক’মাসহ কাৰ্যকৰী কৰিব বুলি আশ্বাস দিছিল বৰ্তমানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ আছু আশ্বস্ত হৈছিল৷ সমিতিখনক লৈ উৎসাহী দেখা গৈছিল সদৌ অসম ছাত্ৰ সন্থাক৷ প্ৰতিবেদন দাখিলৰ পাছত চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ আশা প্ৰকাশ কৰিছিল ‘আছু’ৱে৷ প্ৰতিবেদন দাখিলৰ দিন-মাহ-বছৰ বাগৰিল৷ প্ৰতিবেদন কাৰ্যকৰীকৰণতো দূৰৰে কথা, আজিকোপতি প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰৰ হাততে নপৰিল৷ এই বছৰ সেই সমিতিৰে আন এজন সদস্য অধিবক্তা নিলয় দত্তৰো প্ৰয়াণ ঘটিল৷ সময়ে সময়ে অসম চৰকাৰে ছয় নম্বৰ দফা ৰূপায়ণৰ প্ৰতিবেদনক লৈ ল’ৰা-ধেমালি কৰি অহাৰ অভিযোগ উত্থাপন কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই৷ যাৰ পৰিপ্ৰেক্ষিতত সেই গোপন প্ৰতিবেদন বিগত বৰ্ষৰ ২০ আগষ্টত ৰাজহুৱা কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই৷ তাৰ পাছতো এখোজো নাগুৱালে বিষয়টো৷

অসমত নতুন চৰকাৰ হ’ল৷ গতানুগতিক আৰু আকাংক্ষিতধৰণে আছুৱে পুনৰ আগবঢ়ালে বিষয়টো৷ নতুন চৰকাৰৰ দিনত নতুন সমিতি হ’ল৷ সদৌ অসম ছাত্ৰ সন্থায়ো বিশেষকৈ সমুজ্জ্বল  ভট্টাচাৰ্যৰ মুখতো শুনিবলৈ নোপোৱা হ’ল বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ কথা৷ এতিয়া অসমৰ ৰাইজে বিবেচনা কৰিছে, ২০১৯ চনতে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া সমিতিত অংশ ন’লৈ নগেন শইকীয়া, ৰংবং তেৰাং, মুকুন্দ ৰাজবংশী, ধীৰেন্দ্ৰ নাথ বেজবৰুৱাই দূৰদৰ্শিতাৰ পৰিচয় দিছিল৷ চৰকাৰী সমিতিৰ বাহিৰত থাকিও অসম আৰু অসমীয়াৰ বাবে এইসকল প্ৰাজ্ঞৰ অৱদান অনস্বীকাৰ্য৷

এতিয়া প্ৰশ্ন হৈছে, চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ চুপতা-চুপতিৰ মাজতেই দশক দশকজুৰি বঞ্চিত হৈ থাকিব নেকি অসমীয়া? ৰূপায়ণ হ’ব নে অসম চুক্তি? ‘কা’ গৃহীত কৰিবই বুলি কোৱা চৰকাৰখনৰ লগত আকৌ ‘আছু’ৰ আলোচনা অসম চুক্তিৰ ৰূপায়ণক লৈ! দিছপুৰতে পৰি ৰোৱা প্ৰতিবেদন সম্পৰ্কত কি স্থিতি সদৌ অসম ছাত্ৰ সন্থাৰ? কোনেও নকৰে প্ৰশ্ন! এই নুবুজা সাঁথৰবোৰৰ এতিয়া আঁত ভাঙিব কোনে, তালৈ বাট চাইছে অসমবাসীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান