--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰৰ গৃহ-মন্ত্ৰণালয়ে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এখন উচ্চ-পৰ্যায়ৰ সমিতি গঠন কৰিছিল৷ অসম চুক্তিৰ এই ছয় নম্বৰ দফাত সাংস্কৃতিক, সামাজিক, ভাষিক পৰিচয় আৰু ঐতিহ্যৰ সুৰক্ষা, সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে অসমবাসীক সাংবিধানিক, আইনী আৰু প্ৰশাসনিক সুৰক্ষা প্ৰদান কৰা হ’ব বুলি উল্লেখ আছে৷ এই ছয় নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবেই ২০১৯ চনৰ ৪ জানুৱাৰীত গৃহ-মন্ত্ৰণালয়ে এখন উচ্চ-পৰ্যায়ৰ সমিতি গঠন কৰাৰ কথা ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে। ২০১৯ চনৰ ৭ জানুৱাৰীত জাননী জাৰী হোৱা ৯জনীয়া সমিতিখনৰ প্ৰথমাৱস্থাত নেতৃত্ব দিয়াৰ কথা আছিল অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া এম পি বেজবৰুৱাই।


অৱশ্যে, এসপ্তাহতকৈয়ো কম সময়ৰ ভিতৰত, ৯জন সদস্যৰ ভিতৰত ৬জনে ইয়াৰ অংশ হ’বলৈ অস্বীকাৰ কৰিছিল, বহলভাৱে স্থানীয় সংবাদ মাধ্যমত চুক্তিখন কাৰ্যকৰী কৰাৰ কোনো আন্তৰিক অভিপ্ৰায় অবিহনে সেই সময়ত গঢ়ি উঠা ‘কা’ আন্দোলন নিয়ন্ত্ৰণ কৰাৰ প্ৰলোভন বুলি অভিহিত কৰিছিল৷ কেন্দ্ৰীয় চৰকাৰৰ সেই সমিতিত নাথাকে বুলি স্পষ্টকৈ জনাইছিল চিন্তাবিদ নগেন শইকীয়াই৷ শইকীয়াৰ পিছে পিছে ৬ নং দফা ৰূপায়ণ সমিতিত অংশ নলয় বুলি জনাইছিল ৰংবং তেৰাং, মুকুন্দ ৰাজবংশী আৰু ধীৰেন্দ্ৰ নাথ বেজবৰুৱাই৷


অসম চুক্তিৰ ছয় নং দফা ৰূপায়ণ কৰাৰ প্ৰতিশ্ৰুতিৰে গঠন কৰা সমিতিয়ে পৰৱৰ্তী সময়ত প্ৰতিবেদন দাখিল কৰিছিল দিছপুৰত৷ সমিতিয়ে দিয়া প্ৰতিবেদন দাড়ি-ক’মাসহ কাৰ্যকৰী কৰিব বুলি আশ্বাস দিছিল বৰ্তমানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ আছু আশ্বস্ত হৈছিল৷ সমিতিখনক লৈ উৎসাহী দেখা গৈছিল সদৌ অসম ছাত্ৰ সন্থাক৷ প্ৰতিবেদন দাখিলৰ পাছত চুক্তিৰ ছয় নম্বৰ দফা ৰূপায়ণৰ আশা প্ৰকাশ কৰিছিল ‘আছু’ৱে৷ প্ৰতিবেদন দাখিলৰ দিন-মাহ-বছৰ বাগৰিল৷ প্ৰতিবেদন কাৰ্যকৰীকৰণতো দূৰৰে কথা, আজিকোপতি প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰৰ হাততে নপৰিল৷ এই বছৰ সেই সমিতিৰে আন এজন সদস্য অধিবক্তা নিলয় দত্তৰো প্ৰয়াণ ঘটিল৷ সময়ে সময়ে অসম চৰকাৰে ছয় নম্বৰ দফা ৰূপায়ণৰ প্ৰতিবেদনক লৈ ল’ৰা-ধেমালি কৰি অহাৰ অভিযোগ উত্থাপন কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই৷ যাৰ পৰিপ্ৰেক্ষিতত সেই গোপন প্ৰতিবেদন বিগত বৰ্ষৰ ২০ আগষ্টত ৰাজহুৱা কৰিছিল সদৌ অসম ছাত্ৰ সন্থাই৷ তাৰ পাছতো এখোজো নাগুৱালে বিষয়টো৷

অসমত নতুন চৰকাৰ হ’ল৷ গতানুগতিক আৰু আকাংক্ষিতধৰণে আছুৱে পুনৰ আগবঢ়ালে বিষয়টো৷ নতুন চৰকাৰৰ দিনত নতুন সমিতি হ’ল৷ সদৌ অসম ছাত্ৰ সন্থায়ো বিশেষকৈ সমুজ্জ্বল  ভট্টাচাৰ্যৰ মুখতো শুনিবলৈ নোপোৱা হ’ল বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ কথা৷ এতিয়া অসমৰ ৰাইজে বিবেচনা কৰিছে, ২০১৯ চনতে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া সমিতিত অংশ ন’লৈ নগেন শইকীয়া, ৰংবং তেৰাং, মুকুন্দ ৰাজবংশী, ধীৰেন্দ্ৰ নাথ বেজবৰুৱাই দূৰদৰ্শিতাৰ পৰিচয় দিছিল৷ চৰকাৰী সমিতিৰ বাহিৰত থাকিও অসম আৰু অসমীয়াৰ বাবে এইসকল প্ৰাজ্ঞৰ অৱদান অনস্বীকাৰ্য৷

এতিয়া প্ৰশ্ন হৈছে, চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ চুপতা-চুপতিৰ মাজতেই দশক দশকজুৰি বঞ্চিত হৈ থাকিব নেকি অসমীয়া? ৰূপায়ণ হ’ব নে অসম চুক্তি? ‘কা’ গৃহীত কৰিবই বুলি কোৱা চৰকাৰখনৰ লগত আকৌ ‘আছু’ৰ আলোচনা অসম চুক্তিৰ ৰূপায়ণক লৈ! দিছপুৰতে পৰি ৰোৱা প্ৰতিবেদন সম্পৰ্কত কি স্থিতি সদৌ অসম ছাত্ৰ সন্থাৰ? কোনেও নকৰে প্ৰশ্ন! এই নুবুজা সাঁথৰবোৰৰ এতিয়া আঁত ভাঙিব কোনে, তালৈ বাট চাইছে অসমবাসীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement