--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
যোৱা দেওবাৰে এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল  টাটা গোটৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীয়ে৷  বৰ্তমান তেওঁৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক প্ৰতিবেদন প্ৰকাশ কৰা হৈছে। প্ৰতিবেদন অনুসৰি, তেওঁৰ ভৰি আৰু মূৰত গুৰুতৰ আঘাত পোৱা বুলি নিশ্চিত কৰা হৈছে। 

ইয়াৰ উপৰিও, তেওঁৰ শৰীৰৰ আন অংশবোৰো আঘাতপ্ৰাপ্ত হৈছিল। প্ৰাথমিক প্ৰতিবেদন অনুসৰি, চাইৰাছ আৰু তেওঁৰ বন্ধু জাহাংগীৰৰ মূৰৰ আঘাতৰ ফলত মৃত্যু হয়।  মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি, এই দুৰ্ঘটনাত চাইৰাছ মিস্ত্ৰীৰ শৰীৰৰ আভ্যন্তৰীণ অঙ্গবোৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। যাক চিকিৎসাৰ ক্ষেত্ৰত পলিট্ৰোমা বুলি কোৱা হয়। এই আঘাতৰ ফলতেই  চাইৰাছ মিস্ত্ৰীৰ ঘটনাস্থলীতে মৃত্যু হয়। লগতে এই ভয়ংকৰ পথ দুৰ্ঘটনাত মুমূৰ্ষুু হৈ পৰা  গাড়ীখনলৈ চাই অনুমান কৰিব পাৰি যে গাড়ীখনৰ গতি কেনেধৰণৰ আছিল!

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত   চাইৰাছ মিস্ত্ৰীৰ লগত মুম্বাইৰ এগৰাকী প্ৰখ্যাত স্ত্ৰীৰোগ বিশেষজ্ঞয়ো আছিল৷ দুৰ্ঘটনাৰ সময়ত স্ত্ৰীৰোগ বিশেষজ্ঞ গৰাকীয়েই  গাড়ীখন চলাই আছিল বুলি আৰক্ষীয়ে ফাদিল কৰিছে৷  প্ৰাথমিক তথ্য অনুসৰি ,গাড়ীখন দ্ৰুত গতিত আছিল আৰু চালকজনে ভুল দিশৰ পৰা (বাওঁফালৰ পৰা) আন এখন বাহনক অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছিল৷ 

এজন প্ৰত্যক্ষদৰ্শীৰ মতে, গাড়ীখন এগৰাকী মহিলাই চলাই আছিল ৷ বাওঁফালৰ পৰা অহা আন এখন বাহনক অতিক্ৰম কৰিবলৈ চেষ্টা কৰোঁতে চাইৰাছ মিস্ত্ৰীৰ বাহনখনে  নিয়ন্ত্ৰণ হেৰুৱাইছিল আৰু গাড়ীখনে ৰাস্তাৰ ডিভাইডাৰত খুন্দা মাৰিছিল ৷

উল্লেখযোগ্য যে পথ দুৰ্ঘটনাটোত টাটা  গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীকে ধৰি দুজন লোক নিহত হয় আৰু  আন দুজন আহত হৈছিল। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
১৩ জুলাইত সংঘটিত হ’ব গ্ৰহণ যোগ! এই ৩টা ৰাশিৰ হ'ব ক্ষতি
ভাৰতৰ বজাৰত প্ৰৱেশ বহু প্রত্যাশিত এ আই+ স্মার্টফ'ন
আমেৰিকাৰ বায়ুসেনাৰ শীৰ্ষ পদত অসম সন্তান মনজিত বৰ্মন
এমাহৰ ভিতৰতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী