--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
যোৱা দেওবাৰে এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল  টাটা গোটৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীয়ে৷  বৰ্তমান তেওঁৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক প্ৰতিবেদন প্ৰকাশ কৰা হৈছে। প্ৰতিবেদন অনুসৰি, তেওঁৰ ভৰি আৰু মূৰত গুৰুতৰ আঘাত পোৱা বুলি নিশ্চিত কৰা হৈছে। 

ইয়াৰ উপৰিও, তেওঁৰ শৰীৰৰ আন অংশবোৰো আঘাতপ্ৰাপ্ত হৈছিল। প্ৰাথমিক প্ৰতিবেদন অনুসৰি, চাইৰাছ আৰু তেওঁৰ বন্ধু জাহাংগীৰৰ মূৰৰ আঘাতৰ ফলত মৃত্যু হয়।  মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি, এই দুৰ্ঘটনাত চাইৰাছ মিস্ত্ৰীৰ শৰীৰৰ আভ্যন্তৰীণ অঙ্গবোৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। যাক চিকিৎসাৰ ক্ষেত্ৰত পলিট্ৰোমা বুলি কোৱা হয়। এই আঘাতৰ ফলতেই  চাইৰাছ মিস্ত্ৰীৰ ঘটনাস্থলীতে মৃত্যু হয়। লগতে এই ভয়ংকৰ পথ দুৰ্ঘটনাত মুমূৰ্ষুু হৈ পৰা  গাড়ীখনলৈ চাই অনুমান কৰিব পাৰি যে গাড়ীখনৰ গতি কেনেধৰণৰ আছিল!

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত   চাইৰাছ মিস্ত্ৰীৰ লগত মুম্বাইৰ এগৰাকী প্ৰখ্যাত স্ত্ৰীৰোগ বিশেষজ্ঞয়ো আছিল৷ দুৰ্ঘটনাৰ সময়ত স্ত্ৰীৰোগ বিশেষজ্ঞ গৰাকীয়েই  গাড়ীখন চলাই আছিল বুলি আৰক্ষীয়ে ফাদিল কৰিছে৷  প্ৰাথমিক তথ্য অনুসৰি ,গাড়ীখন দ্ৰুত গতিত আছিল আৰু চালকজনে ভুল দিশৰ পৰা (বাওঁফালৰ পৰা) আন এখন বাহনক অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছিল৷ 

এজন প্ৰত্যক্ষদৰ্শীৰ মতে, গাড়ীখন এগৰাকী মহিলাই চলাই আছিল ৷ বাওঁফালৰ পৰা অহা আন এখন বাহনক অতিক্ৰম কৰিবলৈ চেষ্টা কৰোঁতে চাইৰাছ মিস্ত্ৰীৰ বাহনখনে  নিয়ন্ত্ৰণ হেৰুৱাইছিল আৰু গাড়ীখনে ৰাস্তাৰ ডিভাইডাৰত খুন্দা মাৰিছিল ৷

উল্লেখযোগ্য যে পথ দুৰ্ঘটনাটোত টাটা  গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীকে ধৰি দুজন লোক নিহত হয় আৰু  আন দুজন আহত হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী