--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু মানুহে ছানবাথ কৰি ভাল পায় অৰ্থাৎ ৰ’দত ঘণ্টা ঘণ্টা ধৰি বহি থাকি ভালপায়। ইয়াকে সূৰ্যস্নান কৰা বুলি কোৱা হয়। এগৰাকী যুৱতীয়ে ছানবাথ কৰিবলৈ গৈ পৰিল বিপদত। ব্ৰিটেইনৰ যুৱতীগৰাকীৰ নাম ছিৰিন মুৰাদ। ২৫ বছৰীয়া ছিৰিন মুৰাদে ছুটীত বুলগেৰিয়ালৈ গৈছিল। তাতেই তেওঁ পৰিয়ালৰ সৈতে ৰ’দঘাই বিল এখন চাবলৈ গৈছিল। ৰাতিপুৱাৰ সময় আছিল। উষ্ণতা আছিল ২১ ডিগ্ৰী চেলছিয়াছ। 


ছানস্ক্ৰীন প্ৰয়োগ নকৰাকৈ ছিৰিন মুৰাদ ৰ’দত শুই পৰিল। ছিৰিনে ভাবিছিল যে তেওঁ পাঁচ মিনিটৰ পাছত তাৰপৰা উঠি যাব। কিন্তু তাৰ মাজতে ছিৰিনৰ টোপনি আহিল। আধা ঘণ্টাৰ পিছত যেতিয়া তেওঁ চকু মেলিছিল তেতিয়া এক ভয়ানক কাণ্ড ঘটিছিল।

ছিৰিন পেছাত এগৰাকী বিউটিচিয়ান। তেওঁ ভাবিছিল যে পাঁচ মিনিট ৰদত শুই থাকিলে তেওঁৰ এটা ভাল বডী টেনিং হ’ব। কিন্তু তাৰ মাজতে টোপনি আহিল। ছানস্ক্ৰীন নোহোৱাকৈ আধা ঘণ্টা তেওঁ ৰ’দত শুই থাকিল। চকু মেলি দিয়াৰ লগে লগে তেওঁ খৰধৰকৈ তাৰপৰা উঠি ভিতৰলৈ দৌৰি গ’ল। ছিৰিনৰ মুখখন সম্পূৰ্ণ ৰঙা পৰি গৈছিল। সেই সময়ত তেওঁ ইয়াক সহজভাৱে লৈছিল। কিন্তু পাছদিনা পুৱালৈকে পৰিস্থিতি অধিক বেয়া হৈ পৰিছিল।


পিছদিনা আইনাখন দেখি ছিৰিন বেহুঁচ হোৱাৰ উপক্ৰম হ’ল। তেওঁৰ মুখখন একপ্ৰকাৰ জ্বলি উঠিছিল। ছিৰিনৰ কপালখনত প্লাষ্টিকৰ দৰে ভাঁজ পৰিছিল। তেওঁৰ ছালৰ অৱস্থা ইমানেই বেয়া হৈ আহিছিল যে ছিৰিনে দেখি খুব ভয় খাইছিল। যেতিয়া তেওঁৰ মুখৰ পৰা ছালখন এৰি আহিবলৈ ধৰিলে, তেতিয়া তেওঁ চিকিৎসাৰ সহায় ল’লে। ছিৰিনে কয় যে তেওঁৰ এনে লাগিছে যেন তেওঁ পুনৰ জন্ম লৈছে। ছানস্ক্ৰীন অবিহনে এনেদৰে ৰ’দত নাযাবলৈ ছিৰিন মুৰাদে সকলোকে পৰামৰ্শ দিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ