--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এই লেখাত আমি সকলো পুৰুষকে সামৰি লোৱা নাই। কিন্তু কেতিয়াবা এনে হয় যে প্ৰেমৰ মধুৰ সম্পৰ্কত সকলোৱে উপনীত হ’ব নোৱাৰে। যিহেতু সম্পৰ্কবোৰ জোৰকৈ কৰিব নোৱাৰি। দুই হৃদয়ৰ একমত হ’লেহে সম্পৰ্ক হ’ব পাৰে। দেখা যায় বহুত কষ্ট কৰিও অবিবাহিত হৈ থাকে বহু পুৰুষ। তেওঁলোক যে একেবাৰেই অযোগ্য তেনে নহয়। তেওঁলোকতকৈ কম যোগ্যতাসম্পন্ন পুৰুষো‌ প্ৰেমত পৰিছে।

কিছুমান পুৰুষ হয়তো নিজৰ সিদ্ধান্তত অবিবাহিত হ’ব পাৰে। প্ৰেমৰ পৰা আঁতৰি থাকিব বিচাৰে। তেওঁলোকৰ কথা বেলেগ। কিন্তু যিসকলে অবিবাহিত হ’ব নিবিচাৰে কিন্তু অবিবাহিত হ’বলগীয়া হয় সেয়া কিয় হয় ? সমস্যাটো কি বা ক’ত আছে জানিলে ইয়াৰ সমাধান সহজ হ’ব। যদি আপুনি নিজৰ দুৰ্বলতাবোৰ বিচাৰি উলিয়াই সেইবোৰ অতিক্ৰম কৰে তেন্তে সহজেই সমস্যাটোৰ সমাধান নিৰ্ণয় কৰিব পাৰিব।কিছুমান পুৰুষ কিয় অবিবাহিত হৈ থাকে জানি লওক-


পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱৰ বাবে

বেছিভাগ ছোৱালীয়ে পৰিপাটি হ’বলৈ ভাল পায় যদিও কিছু সংখ্যক পুৰুষে পৰিপাটি হোৱাটো গুৰুত্বপূৰ্ণ বুলি নাভাবে। দিনৰ পিছত দিন একে কাপোৰ পিন্ধিবলৈ অসুবিধা নাপায়। বাহ্যিক সৌন্দৰ্য্যলৈ তেওঁলোকে ভ্ৰুক্ষেপ নকৰে যদিও বহু যুৱতীয়ে এনে ল’ৰাৰ লগত জড়িত হ’বলৈ আগ্ৰহী নহয়। গতিকে যদি চিংগল হ’ব নিবিচাৰে তেন্তে নিজকে পৰিষ্কাৰ কৰক।

নিজক শ্ৰেষ্ঠ বুলি ভৱা গুন

বেছিভাগ ল’ৰাই নিজকে অলৰাউণ্ডাৰ বুলি ভাবি ভাল পায়। তেওঁলোকে সদায় আনক পতিয়ন নিয়াব বিচাৰে যে তেওঁলোকে সকলো কথাৰ বিষয়ে বহুত জানে। কিন্তু সেয়া বাস্তৱিক নহয়। মানুহৰ সকলো কথাতে কেতিয়াও সমান জ্ঞান বা দক্ষতা নাথাকে। গতিকে সেই কথা বেছিকৈ নাভাবিলে ভাল। কিবা কথা নাজানিলে ভদ্ৰভাৱে জানিব বিচৰাতো‌ এক ভাল লক্ষণ। নিজৰ সীমাবদ্ধতা স্বীকাৰ কৰাটো এটা ডাঙৰ গুণ। আপোনাৰ এই গুণটো দেখি ছোৱালীবোৰো আপোনাৰ প্ৰতি আকৰ্ষিত হব পাৰে।

নিজৰ বিষয়ে অতিৰঞ্জিত নকৰিব

হয়তো আপুনি বহুত ভাল মানুহ। বা জীৱনত বহুত কৃতিত্ব আছে। কিন্তু সেই কাহিনীবোৰ পুনৰাবৃত্তি নকৰিব। যিয়ে আনকো বিৰক্ত কৰিব পাৰে। নিজৰ কথা ভাবিবই লাগিব কিন্তু আনৰ আগত প্ৰকাশ কৰাৰ প্ৰয়োজন নাই। সকলো সময়তে নিজৰ কথা পাতিলে ছোৱালীবোৰ বিৰক্ত হৈ আঁতৰি যাব। গতিকে সকলো সময়তে নিজকে অতিৰঞ্জিত কৰাৰ অভ্যাস থাকিলে বন্ধ কৰক।

ড্ৰাগছ বা মাদক দ্ৰব্যৰ প্ৰতি আসক্ত

ড্ৰাগচ বা মাদক আসক্তক বহু লোকে ভাল নাপাবও পাৰে।  নিচাৰ বাবে এজন স্বাভাৱিক লোককো অস্বাভাৱিক ব্যক্তি হোৱা দেখা যায়। বিষয়টো লুকুৱাব খুজিলেও এটা সময়ত এই কথা উত্থাপন হয়। গতিকে ড্ৰাগছৰ প্ৰতি আসক্ত গুন বহু বেয়া আৰু এক সফল সম্পৰ্কৰ বাবে হানিকাৰক

নাৰীৰ প্ৰতি সন্মানৰ অভাৱ

বহু পুৰুষে নাৰীক পৰ্যাপ্ত সন্মান কৰিব নাজানে। নাৰীৰ প্ৰতি বিভিন্ন অসন্মানজনক আচৰণ প্ৰদৰ্শন কৰে। নাৰীক তুচ্ছজ্ঞান কৰে। ইয়াৰ কাৰণে কোনো যুৱতীয়ে তেওঁলোকক হৃদয়ৰ পৰা ভাল পাব নোৱাৰে। পুৰুষে যেতিয়া এগৰাকী নাৰীৰ লগত সন্মানসহকাৰে কথা পাতে, তেতিয়া নাৰীসকল স্বাভাৱিকতে তেওঁৰ প্ৰতি আকৰ্ষিত হয়।

এই সমূহ বেয়া অভ্যাস কেৱল যে এজন পুৰুষৰ ক্ষেত্ৰতে প্ৰযোজ্য এনে নহয় । হয়তো নাৰী সমাজৰ মাজতো এনে বহু অপ্ৰকাশিত বদ অভ্যাস আছে সেয়ে সকলোৱে যদি নিজ নিজ দুৰ্বলতাসমূহ  বিচাৰি উলিয়াই সেইবোৰ অতিক্ৰম কৰে তেন্তে সহজেই সমস্যাটোৰ সমাধান নিৰ্ণয় কৰিব পাৰিব আৰু এখন সুসজ্জিত সুখৰ সংসাৰ গঢ়িবলৈ সক্ষম হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ