--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধুৰিআম ফলৰ লগতে ইয়াৰ পাত স্বাস্থ্যৰ বাবেও অতি উপকাৰী। যদি আপোনাৰ দৈনিক চাহ কাপ মধুৰিআমৰ‌ পাতৰ পৰা বনাই সেৱন কৰা হয়, তেন্তে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত আৰু পেটৰ বিষৰ দৰে বহু সমস্যা দূৰ কৰাত যথেষ্ট সহায় কৰে।

আমি সকলোৱে জানো যে মধুৰিআম স্বাস্থ্যৰ বাবে অতি উপকাৰী। ফাইবাৰ, ভিটামিন চি, লাইকোপিন আৰু এন্টিঅক্সিডেন্ট আদিৰে ভৰপূৰ এই ফল  খালে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা উপশম পোৱা যায় আৰু পেট পৰিষ্কাৰ কৰাত সহায় কৰে। কিন্তু আপুনি জানেনে যে মধুৰিআমৰ‌ লগতে মধুৰিআমৰ‌ পাতো স্বাস্থ্যৰ বাবেও অতি উপকাৰী। ইয়াৰ পাতবোৰ ভিটামিন চিৰ দৰে এন্টিঅক্সিডেন্ট আৰু কুৱেৰচেটিনৰ দৰে ফ্লেভন’ইডৰ শক্তিৰ কেন্দ্ৰবিন্দু।ঢ়গতিকে মধুৰিআমৰ‌ পাতৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

১/ ডায়েৰিয়াত উপকাৰী

অধ্যয়ন অনুসৰি মধুৰিআম পাত গ্ৰহণ কৰিলে ডায়েৰিয়াৰ সাধাৰণ কাৰণ ষ্টেফাইলোক’কাছ অৰেয়াছ বেক্টেৰিয়াৰ বৃদ্ধিত বাধা দিয়ে। প্ৰতিবেদন অনুসৰি ডায়েৰিয়াত ভুগি থকা লোকসকলে মধুৰিআম‌ পাতৰ চাহ খালে পেটৰ বিষ, ক্ৰেম্প আৰু ডায়েৰিয়াৰ সমস্যাৰ পৰা সকাহ পায়। ইয়াৰ বাবে মধুৰিআমৰ পাতৰ কুমলীয়া আগ একাপ কুহুমীয়া পানীত দি পানীখিনি ফিল্টাৰ কৰি খালী পেটত খোৱাৰ ফলত সোনকালে সকাহ পোৱা যায়।

২/ কলেষ্টেৰল কমায়

এক গৱেষণাৰ মতে, পেঁপাপাতৰ চাহ খালে কলেষ্টেৰল কমোৱাত সহায়ক হয়। দৰাচলতে পেঁপা পাত চৰ্বি হ্ৰাস কৰাত ফলপ্ৰসূ, যাৰ ফলত হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ অগ্ৰগতি ৰোধ কৰিব পাৰি।


৩/ ডায়েবেটিছত ফলপ্ৰসূ

মধুৰিআমৰ পাতৰ থকা যৌগবোৰে  চুক্ৰ’জ আৰু মাল্ট’জ  শোষণত বাধা দি খাদ্য খোৱাৰ পিছৰ তেজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। মধুৰিআম পাতৰ চাহে কেইবাটাও ভিন্ন এনজাইম বাধা দিয়ে, যিয়ে পাচনতন্ত্ৰত কাৰ্বহাইড্ৰেটক গ্লুক’জলৈ ৰূপান্তৰিত কৰে। এনে অৱস্থাত তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰিত হয়, যিটো ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী।


মধুৰি পাত কেনেকৈ সেৱন কৰিব লাগে

ইয়াৰ বাবে আপুনি একাপ পানী উতলাই তাত ৩-৪ টা সতেজ মধুৰি পাত দি তাৰ পিছত ফিল্টাৰ কৰি এই পানী খাব। ইয়াৰ ফলত আপোনাৰ বহু সমস্যাৰ সমাধান হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ