--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানৱ দেহৰ কিডনী অতি গুৰুত্বপূর্ণ অংগ৷ কিডনী দুটাৰ অবিহনে মানুহ জীয়াই থকা অসম্ভৱ৷ কিডনীয়ে শৰীৰৰ অতিৰিক্ত পানী আৰু ক্ষতিকাৰক টক্সিন প্রস্রাৱৰ মাধ্যমেৰে বাহিৰ কৰাৰ লগতে আমাৰ শৰীৰত থকা ইলেক্ট্র’লাইট আৰু বিভিন্ন তৰল পদার্থবোৰৰ ভাৰসাম্য ৰক্ষা কৰে৷

বিভিন্ন স্বাস্থ্যসন্মত খাদ্য খাই কিডনী ভালে ৰখাটো আমাৰ দায়িত্ব। আহক, আমি জানো আমাৰ কিডনীকেইটা সুস্থ ৰাখিবৰ বাবে কি কি খাদ্য খাব লাগে–

১) নহৰু: এণ্টিক্সিডেণ্ট আৰু এণ্টিক্লটিং উপাদানেৰে পৰিপূর্ণ নহৰুৰ ব্যৱহাৰে কিডনী সমস্যাৰ লগতে হার্টৰ সমস্যাৰ সম্ভাৱনা কম কৰে৷ প্রতিদিনে পুৱা খালী পেটত নহৰু এক ফুটা বা দুই ফুটা খোৱাৰ অভ্যাস কৰিলে অপ্রয়োজনীয় কলেষ্টেৰল কমোৱাৰ লগতে প্রদাহ কমোৱাত সহায় কৰে৷ যিসকলৰ ধাতুজনিত ৰোগৰ প্রভাৱ বেছি সেইসকলৰ বাবেও উপযোগী৷

২) গাজৰ: হাইপাৰটেনচন কিডনী ৰোগৰ অন্য এটি কাৰণ৷ গাজৰ এনে এবিধ খাদ্য, যিয়ে হাইপাৰটেনচন কমোৱাত সহায় কৰে৷ ইয়াৰ বাহিৰেও ডায়েবেটিছ নিয়ন্ত্রণৰ ক্ষেত্রতো সহায়ক৷ যিহেতু ডায়েবেটিছ কিডনী ৰোগৰ অন্য এটা কাৰণ৷ কেঁচা গাজৰত উচ্চ মাত্রাত পটাছিয়াম থাকে, সেয়েহে কিডনীৰ ৰোগীসকলে পর্যাপ্ত পৰিমাণে গাজৰ খাব লাগে৷

৩) কণীৰ বগা অংশ: কিডনীৰ সমস্যা থকা ব্যক্তিসকলক কণীৰ বগা অংশ খাবলৈ পৰামর্শ দিয়া হয়৷ কাৰণ ইয়াত ফছফৰাছৰ পৰিমাণ কমকৈ থাকে আৰু প্র’টিনৰ পৰিমাণ বেছিকৈ পোৱা যায়৷ উচ্চমাত্রাৰ প্র’টিনৰ লগতে প্রয়োজনীয় এমাইনো এচিড থাকে৷ সেয়েহে ই কিডনীৰ কার্যক্ষমতা বৃদ্ধি কৰে৷ ইয়াৰ উচ্চমাত্রাৰ প্র’টিনৰ বিপাকৰ পাছত কম আৱর্জনা উৎপন্ন হয়৷ আনহাতে কিডনীৰ সমস্যা থকা লোকসকলক কণীৰ কুহুম খাবলৈ দিয়া নহয়৷ 

৪) জাম জাতীয় ফল: জাম, ষ্ট্রবেৰী আদি কিডনীৰ বাবে বৰ উপকাৰী৷ মেগনেছিয়াম, ভিটামিন চি, ফাইবাৰ আৰু ফলিক এচিড বহুত বেছি মাত্রাত জাম জাতীয় ফলত পোৱা যায়৷  এইবোৰত এণ্টিক্সিডেণ্টৰ সমানে সমানে থাকে এণ্টিইনফ্লামেটৰী উপাদান৷ যি কিডনীৰ ৰোগ দূৰ কৰাৰ লগতে মূত্রাশয়ৰ কাম সুচাৰুৰূপে পৰিচালিত কৰিবলৈ অৰিহণা যোগায়৷

৫) মাছ: কিছুমান সাগৰীয় মাছত অ’মেগা–৩ ফেটি এচিড থাকে৷ যিয়ে কিডনীৰ প্রদাহ কমাই বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে৷ ইয়াৰ বাহিৰেও মাছত বিভিন্ন প্রকাৰৰ ভিটামিন পোৱা যায়৷ ডায়েবেটিছ ৰোগীসকলে মাছ খালে প্রস্রাৱত অস্বাভাৱিকভাৱে প্র’টিনৰ মাত্রা কমে৷ 

৬) বন্ধা কবি: কিডনীৰ কার্যক্ষমতা আৰু পুষ্টিৰ বাবে প্রাকৃতিক ঔষধ হিচাপে বন্ধাকবি ব্যৱহাৰ কৰিব পাৰি৷ বন্ধাকবিয়ে কিডনীৰ কার্যক্ষমতা বঢ়ায়৷ যদিহে আপুনি কিডনীৰ সমস্যাত ভুগিছে, তেতিয়াহ’লে আপোনাৰ খাদ্যৰ তালিকাত বন্ধাকবি অপৰিহার্য৷ আপোনাৰ শৰীৰত জমা হোৱা ফ্রী ৰেডিকেলে কোনো ক্ষতি কৰাৰ আগেয়ে ফাইটোকেমিকেলযুক্ত বন্ধাকবিয়ে ফ্র ৰেডিকেল নাশ কৰাত সহায় কৰে৷ ইয়াৰ বাহিৰেও ইয়াত ফাইবাৰ আৰু ফলিক এচিডৰ লগতে ভিটামিনB6 আৰু ভিটামিনC থাকে৷ বন্ধাকবি ডায়েটৰ বাবেও বৰ উপযোগী৷ কাৰণ বন্ধাকবিত পটাচিয়ামৰ পৰিমাণ কম থাকে৷

৭) অলিভ অইল: কিডনীৰ সুৰক্ষাৰ অলিভ অইল উপযোগী৷ এই তেলবিধ এণ্টিক্সিডেণ্ট আৰু এণ্টি ইনফ্লামেটৰী ফেটি এচিডৰ উৎকৃষ্ট উৎস৷ সেয়েহে এই তেলে অক্সিডেচন কমাই কিডনী ভালে ৰখাত সহায় কৰে৷ ইয়াৰ বাহিৰেও ইয়াত পলিফেনল আৰু এণ্টিক্সিডেণ্ট উপাদান থাকে, যিয়ে প্রদাহ আৰু জাৰণ প্রতিৰোধ কৰে৷ অলিভ অইলত উচ্চ মাত্রাত এণ্টিক্সিডেণ্ট পোৱা যায়৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
প্রায় দুমাহে সমগ্র ইৰানত বন্ধ হৈ আছে শিক্ষা প্রতিষ্ঠানসমূহ; অন্ধকাৰত শিক্ষাৰ্থীৰ ভৱিষ্যৎ
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ