--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বিশ্ব বৃক্ক দিৱস। ১০ মাৰ্চত সমগ্ৰ বিশ্বজুৰি বৃক্ক দিৱস পালন কৰা হয়। বৃক্কৰ ক্ষতি কৰা কাৰকসমূহ, বৃক্কৰ সৈতে সম্পৰ্কিত ৰোগ আৰু বৃক্কক কেনেদৰে স্বাস্থ্যৱান কৰি ৰাখিব লাগে সেই বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ বিশ্ব বৃক্ক দিৱস উদযাপন কৰা হয়। কিডনী বা বৃক্কৰ আকৃতি বীনৰ বীজৰ দৰে। ই হৈছে শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ, সেয়েহে বৃক্কৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ। কেতিয়াবা বৃক্ক বিকল হৈ পৰে।  বহুলোকে একেবাৰে শেষতহে বৃক্কৰ সমস্যাৰ বিষয়ে জানিব পাৰে, তেতিয়ালৈকে তেওঁলোকৰ বৃক্কৰ বহুখিনি ক্ষতিগ্ৰস্ত হয়। বৃক্ক বিকল হোৱাৰ পূৰ্বে প্ৰাৰম্ভিক পৰ্যায়ত কিছুমান লক্ষণে দেখা দিয়ে কিন্তু মানুহে সেই লক্ষণ বুজি নাপাই গুৰুত্ব নিদিয়ে। বৃক্কৰ ৰোগ আৰম্ভ হ'লে এই লক্ষণসমূহে দেখা দিয়ে। এনে নহয় যে আপোনাৰ এই লক্ষণ দেখা দিলে বুলিয়ে বৃক্কৰ ৰোগ হ'ব কিন্তু এই লক্ষণ সঘনে দেখা দিলে ডাক্তৰৰ কাষ চপাটো অতি প্ৰয়োজন।

আহকচোন জানো লক্ষণসমূহ কি কি-

১)ওকালি আহি থকা ২)বমি বমি ভাৱ লাগি থকা ৩)কম ভোক অনুভৱ কৰা ৪)ভাগৰ-দুৰ্বলতা ৫)টোপনিৰ অভাৱ ৬)খুব কম বা খুব বেছি পৰিমাণে প্ৰস্ৰাৱ কৰা ৭)মনোযোগ দিবলৈ অক্ষম ৮)মাংসপেশীৰ বিষ ৯)ভৰি আৰু গোৰোহা ফুলা ১০)শুকান ছাল ১১)উচ্চ ৰক্তচাপ ১২)চুটি উশাহ ১৩)বুকুৰ বিষ

কিডনী ৰোগৰ বহুতো কাৰণ থাকিব পাৰে। যেনে:

১)টাইপ 1 বা টাইপ 2 ডায়বেটিচ ২)উচ্চ ৰক্তচাপ ৩)পলিচিষ্টিক বৃক্কৰ ৰোগ ৪)আনুবংশিক বৃক্কৰ ৰোগ ৫)বৰ্ধিত প্ৰষ্টেট ৬)কিডনীত পাথৰৰ সমস্যা ৭)কিডনী ফিল্টাৰ কৰা উপাদানৰ বিসংগতি ৮)কিডনীৰ নলীৰ বিসংগতি ৯)কিছুমান কৰ্কট ৰোগৰ দৰে স্থিতি য'ত প্ৰস্ৰাৱ বন্ধ হয় ১০)ভাচিকোৰেণ্টেৰাল অৰ্থাৎ এক স্থিতি য'ত প্ৰস্ৰাৱ কিডনীলৈ ঘূৰি আহে। ১১)কিডনীৰ সংক্ৰমণ অৰ্থাৎ পাইলনফ্ৰাইটিছ যদি কোনোবাই দীৰ্ঘদিন ধৰি এনে লক্ষণ দেখি আছে তেন্তে তেওঁ চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত।যিমান সম্ভৱ সিমান সোনকালে চিকিৎসকৰ ওচৰলৈ গ'লে কিডনী বিকল হোৱাৰ পৰা ৰক্ষা পাব পাৰি। চিকিৎসকে প্ৰস্ৰাৱ পৰীক্ষা, তেজ পৰীক্ষা আদিৰ জৰিয়তে আপোনাৰ কিডনী কি পৰ্যায়ত আছে সেয়া জনাব পাৰিব। আৰু পঢ়কঃ কি হ’ব? পৃথিৱীৰ ফালে আহি আছে কুটুব মিনাৰতকৈ ৬ গুণ ডাঙৰ গ্ৰহাণু

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন