--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বিশ্ব বৃক্ক দিৱস। ১০ মাৰ্চত সমগ্ৰ বিশ্বজুৰি বৃক্ক দিৱস পালন কৰা হয়। বৃক্কৰ ক্ষতি কৰা কাৰকসমূহ, বৃক্কৰ সৈতে সম্পৰ্কিত ৰোগ আৰু বৃক্কক কেনেদৰে স্বাস্থ্যৱান কৰি ৰাখিব লাগে সেই বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ বিশ্ব বৃক্ক দিৱস উদযাপন কৰা হয়। কিডনী বা বৃক্কৰ আকৃতি বীনৰ বীজৰ দৰে। ই হৈছে শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ, সেয়েহে বৃক্কৰ যত্ন লোৱাটো অতি গুৰুত্বপূৰ্ণ। কেতিয়াবা বৃক্ক বিকল হৈ পৰে।  বহুলোকে একেবাৰে শেষতহে বৃক্কৰ সমস্যাৰ বিষয়ে জানিব পাৰে, তেতিয়ালৈকে তেওঁলোকৰ বৃক্কৰ বহুখিনি ক্ষতিগ্ৰস্ত হয়। বৃক্ক বিকল হোৱাৰ পূৰ্বে প্ৰাৰম্ভিক পৰ্যায়ত কিছুমান লক্ষণে দেখা দিয়ে কিন্তু মানুহে সেই লক্ষণ বুজি নাপাই গুৰুত্ব নিদিয়ে। বৃক্কৰ ৰোগ আৰম্ভ হ'লে এই লক্ষণসমূহে দেখা দিয়ে। এনে নহয় যে আপোনাৰ এই লক্ষণ দেখা দিলে বুলিয়ে বৃক্কৰ ৰোগ হ'ব কিন্তু এই লক্ষণ সঘনে দেখা দিলে ডাক্তৰৰ কাষ চপাটো অতি প্ৰয়োজন।

আহকচোন জানো লক্ষণসমূহ কি কি-

১)ওকালি আহি থকা ২)বমি বমি ভাৱ লাগি থকা ৩)কম ভোক অনুভৱ কৰা ৪)ভাগৰ-দুৰ্বলতা ৫)টোপনিৰ অভাৱ ৬)খুব কম বা খুব বেছি পৰিমাণে প্ৰস্ৰাৱ কৰা ৭)মনোযোগ দিবলৈ অক্ষম ৮)মাংসপেশীৰ বিষ ৯)ভৰি আৰু গোৰোহা ফুলা ১০)শুকান ছাল ১১)উচ্চ ৰক্তচাপ ১২)চুটি উশাহ ১৩)বুকুৰ বিষ

কিডনী ৰোগৰ বহুতো কাৰণ থাকিব পাৰে। যেনে:

১)টাইপ 1 বা টাইপ 2 ডায়বেটিচ ২)উচ্চ ৰক্তচাপ ৩)পলিচিষ্টিক বৃক্কৰ ৰোগ ৪)আনুবংশিক বৃক্কৰ ৰোগ ৫)বৰ্ধিত প্ৰষ্টেট ৬)কিডনীত পাথৰৰ সমস্যা ৭)কিডনী ফিল্টাৰ কৰা উপাদানৰ বিসংগতি ৮)কিডনীৰ নলীৰ বিসংগতি ৯)কিছুমান কৰ্কট ৰোগৰ দৰে স্থিতি য'ত প্ৰস্ৰাৱ বন্ধ হয় ১০)ভাচিকোৰেণ্টেৰাল অৰ্থাৎ এক স্থিতি য'ত প্ৰস্ৰাৱ কিডনীলৈ ঘূৰি আহে। ১১)কিডনীৰ সংক্ৰমণ অৰ্থাৎ পাইলনফ্ৰাইটিছ যদি কোনোবাই দীৰ্ঘদিন ধৰি এনে লক্ষণ দেখি আছে তেন্তে তেওঁ চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত।যিমান সম্ভৱ সিমান সোনকালে চিকিৎসকৰ ওচৰলৈ গ'লে কিডনী বিকল হোৱাৰ পৰা ৰক্ষা পাব পাৰি। চিকিৎসকে প্ৰস্ৰাৱ পৰীক্ষা, তেজ পৰীক্ষা আদিৰ জৰিয়তে আপোনাৰ কিডনী কি পৰ্যায়ত আছে সেয়া জনাব পাৰিব। আৰু পঢ়কঃ কি হ’ব? পৃথিৱীৰ ফালে আহি আছে কুটুব মিনাৰতকৈ ৬ গুণ ডাঙৰ গ্ৰহাণু

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা হ্রাস, 'ইণ্ডিয়া টুডে'-'চি' ভোটাৰৰ মুড অব দ্য নেশ্যন'
ছৈয়দা হামিদৰ বিৰুদ্ধে ১৫খন জিলাত অজাপৰ এজাহাৰ