--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিডনী আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ, ইয়াৰ সহায়ত তেজত থকা দূষিত পদাৰ্থসমূহ ফিল্টাৰ কৰা হয়, আৰু শৰীৰত বিশুদ্ধ তেজৰ সোঁত নিশ্চিত কৰাত আমাৰ কিডনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিডনীৰ কাৰ্য্যত সামান্য সমস্যা হ’লেও ইয়াৰ প্ৰভাৱ আমাৰ শৰীৰত স্পষ্টকৈ দেখা যায়। কিডনীৰ সংক্ৰমণ আৰু কিডনী বিকল হোৱাৰ দৰে সমস্যাইও জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে। ইয়াৰ লক্ষণসমূহ সময়ত চিনি পোৱাটো অতি প্ৰয়োজনীয়। কিডনীৰ ক্ষতি হ’লে আমাৰ শৰীৰে কেনেদৰে সতৰ্কবাণী দিয়ে জানো আহক।

১/ ভাগৰ বৃদ্ধিঃ কিডনীৰ ফিল্টাৰিং প্ৰক্ৰিয়া বন্ধ হোৱাৰ বাবে শৰীৰৰ বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে। যাৰ বাবে দুৰ্বলতা দেখা দিবলৈ আৰম্ভ কৰে আৰু ভাগৰুৱাও আৰম্ভ হয়।

২/ টোপনিৰ অভাৱঃ কিডনীৰ কাৰ্য্যক্ষমতাত অসুবিধা হ’লে আমাৰ টোপনিত প্ৰভাৱ পৰে, ইয়াৰ ফলত অনিদ্ৰাৰ সমস্যা হয়। সেয়ে সময়মতে সজাগ হৈ থাকিব লাগে।

৩/ খজুৱতিঃ যেতিয়া কিডনীৰ সমস্যাৰ বাবে বিষাক্ত পদাৰ্থবোৰ ওলাই আহিব নোৱাৰে তেতিয়া এই মলিবোৰ তেজত জমা হ’বলৈ আৰম্ভ কৰে আৰু ইয়েই ছালত খজুৱতি হোৱাৰ কাৰণ হৈ পৰে।

৪/ প্ৰস্ৰাৱৰ ৰঙৰ পৰিৱৰ্তনঃ যেতিয়া কিডনীৰ ক্ষতি হয় তেতিয়া অধিক প্ৰটিন ওলাই আহিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে প্ৰস্ৰাৱৰ ৰং হালধীয়া বা বাদামী হ’বলৈ আৰম্ভ কৰে, বহু ক্ষেত্ৰত ফেন আৰু প্ৰস্ৰাৱৰ পৰা তেজো ওলাবলৈ আৰম্ভ কৰে।

৫/ মুখ আৰু ভৰি ফুলাঃ  যেতিয়া কিডনীয়ে আমাৰ শৰীৰৰ পৰা ছডিয়াম আঁতৰাব নোৱাৰে তেতিয়া ই শৰীৰত জমা হ’বলৈ আৰম্ভ কৰে। ইয়াৰ বাবে ভৰি আৰু মুখত ফুলা আৰম্ভ হয়।

৬/ পেশীৰ ক্ৰেম্পঃ কিডনী বিকল হোৱাৰ বাবে ভৰি আৰু পেশীত ক্ৰেম্প হ’বলৈ আৰম্ভ কৰে। কাৰণ ছডিয়াম, কেলচিয়াম, পটাছিয়াম বা অন্যান্য ইলেক্ট্ৰলাইটৰ মাত্ৰাত ভাৰসাম্যহীনতা দেখা যায়।

৭/ উশাহ লোৱাত কষ্ট পোৱাঃ যদি আপুনি বাৰে বাৰে উশাহ লোৱাত কষ্ট অনুভৱ কৰি আছে তেন্তে ই কিডনীৰ ৰোগৰ লক্ষণ হ’ব পাৰে কাৰণ এনে অৱস্থাত ৰেথ্ৰ’প’ইটিন নামৰ হৰম’ন এটাৰ উৎপাদন প্ৰভাৱিত হয়, এই হৰম’নে আৰ বি চি গঠনত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক