--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিডনী আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ, ইয়াৰ সহায়ত তেজত থকা দূষিত পদাৰ্থসমূহ ফিল্টাৰ কৰা হয়, আৰু শৰীৰত বিশুদ্ধ তেজৰ সোঁত নিশ্চিত কৰাত আমাৰ কিডনীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিডনীৰ কাৰ্য্যত সামান্য সমস্যা হ’লেও ইয়াৰ প্ৰভাৱ আমাৰ শৰীৰত স্পষ্টকৈ দেখা যায়। কিডনীৰ সংক্ৰমণ আৰু কিডনী বিকল হোৱাৰ দৰে সমস্যাইও জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে। ইয়াৰ লক্ষণসমূহ সময়ত চিনি পোৱাটো অতি প্ৰয়োজনীয়। কিডনীৰ ক্ষতি হ’লে আমাৰ শৰীৰে কেনেদৰে সতৰ্কবাণী দিয়ে জানো আহক।

১/ ভাগৰ বৃদ্ধিঃ কিডনীৰ ফিল্টাৰিং প্ৰক্ৰিয়া বন্ধ হোৱাৰ বাবে শৰীৰৰ বিষাক্ত পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে। যাৰ বাবে দুৰ্বলতা দেখা দিবলৈ আৰম্ভ কৰে আৰু ভাগৰুৱাও আৰম্ভ হয়।

২/ টোপনিৰ অভাৱঃ কিডনীৰ কাৰ্য্যক্ষমতাত অসুবিধা হ’লে আমাৰ টোপনিত প্ৰভাৱ পৰে, ইয়াৰ ফলত অনিদ্ৰাৰ সমস্যা হয়। সেয়ে সময়মতে সজাগ হৈ থাকিব লাগে।

৩/ খজুৱতিঃ যেতিয়া কিডনীৰ সমস্যাৰ বাবে বিষাক্ত পদাৰ্থবোৰ ওলাই আহিব নোৱাৰে তেতিয়া এই মলিবোৰ তেজত জমা হ’বলৈ আৰম্ভ কৰে আৰু ইয়েই ছালত খজুৱতি হোৱাৰ কাৰণ হৈ পৰে।

৪/ প্ৰস্ৰাৱৰ ৰঙৰ পৰিৱৰ্তনঃ যেতিয়া কিডনীৰ ক্ষতি হয় তেতিয়া অধিক প্ৰটিন ওলাই আহিবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে প্ৰস্ৰাৱৰ ৰং হালধীয়া বা বাদামী হ’বলৈ আৰম্ভ কৰে, বহু ক্ষেত্ৰত ফেন আৰু প্ৰস্ৰাৱৰ পৰা তেজো ওলাবলৈ আৰম্ভ কৰে।

৫/ মুখ আৰু ভৰি ফুলাঃ  যেতিয়া কিডনীয়ে আমাৰ শৰীৰৰ পৰা ছডিয়াম আঁতৰাব নোৱাৰে তেতিয়া ই শৰীৰত জমা হ’বলৈ আৰম্ভ কৰে। ইয়াৰ বাবে ভৰি আৰু মুখত ফুলা আৰম্ভ হয়।

৬/ পেশীৰ ক্ৰেম্পঃ কিডনী বিকল হোৱাৰ বাবে ভৰি আৰু পেশীত ক্ৰেম্প হ’বলৈ আৰম্ভ কৰে। কাৰণ ছডিয়াম, কেলচিয়াম, পটাছিয়াম বা অন্যান্য ইলেক্ট্ৰলাইটৰ মাত্ৰাত ভাৰসাম্যহীনতা দেখা যায়।

৭/ উশাহ লোৱাত কষ্ট পোৱাঃ যদি আপুনি বাৰে বাৰে উশাহ লোৱাত কষ্ট অনুভৱ কৰি আছে তেন্তে ই কিডনীৰ ৰোগৰ লক্ষণ হ’ব পাৰে কাৰণ এনে অৱস্থাত ৰেথ্ৰ’প’ইটিন নামৰ হৰম’ন এটাৰ উৎপাদন প্ৰভাৱিত হয়, এই হৰম’নে আৰ বি চি গঠনত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু