--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অচিৰেই সলনি হ’ব দেশৰ অপৰাধমূলক আইন! এই সম্পৰ্কত ইংগিত দিছে অসমৰ এগৰাকী সাংসদে। ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই আইন সংশোধন ৰ বাবে যাৱতীয় প্ৰস্তুতিও আৰম্ভ কৰিছে। দেশৰ বিভিন্নজন সাংসদৰ পৰা সেই অনুসৰি গৃহ বিভাগে এই সম্পৰ্কীয় পৰামৰ্শ বিচাৰিছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈলৈও এই সম্পৰ্কত পৰামৰ্শ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। তেওঁ এই গৃহ বিভাগৰ পত্ৰৰ প্ৰতি সঁহাৰি জনাই দুটা পৰামৰ্শও আগবঢ়াইছে। সাংসদ বৰদলৈয়ে এই সম্পৰ্কত ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে। প্ৰদ্যুৎ বৰদলৈয়ে ছ’চিয়েল মিডিয়াত লিখিছে, অলপতে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীগৰাকীৰ পৰা মই এখন চিঠি পাইছিলোঁ। গৃহমন্ত্ৰীয়ে ক’লে যে, চৰকাৰে বোলে আমাৰ দেশৰ অপৰাধমূলক (Criminal Laws) আইনখনৰ কিছু সংশোধন ঘটাব আৰু মোৰ পৰাও এনে কিবা পৰামৰ্শ আছে নেকি সুধিলে। মই এনে সংশোধন দেশৰ বাবে আজি বৰ দৰকাৰী হ'ব বুলি কৈ অমিত শ্বাহ ডাঙৰীয়ালৈ মোৰ বিশেষকৈ দুটা বিষয়ত আমাৰ বৰ্তমানৰ আইনখনৰ ধাৰাবোৰ বৰ কঠোৰ হোৱাটো বিচাৰিছোঁ বুলি কৈ লিখি পঠিয়ালোঁ। ১) ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ চেঁপাত আমাৰ দেশৰ সাধাৰণ পৰিৱেশ অকল অসহিষ্ণুয়েই হৈ পৰা নাই, এতিয়া চাৰিওফালে মুছলমানকে ধৰি আন আন ধৰ্মীয় সংখ্যালঘুৰ প্ৰতি সমাজত প্ৰণালীগতভাৱে এক ঘৃণা আৰু বিদ্বেষৰ পৰিৱেশ সৃষ্টি কৰিব খোজা হৈছে। আজিকালি কিছু লোকে আনকি আমাৰ নেতা-মন্ত্ৰীয়েও খোলা-খুলিকৈয়ে মেলে মিটিঙে, প্ৰেছৰ আগত বা ছ’চিয়েল মিডিয়াৰ যোগেদি সাম্প্ৰদায়িক কথা-বতৰা কোৱাৰ উপৰি সমাজত হিংসা, সংঘৰ্ষ আৰু ঘৃণা বিয়পোৱা ভাষণ দিবলৈ আৰম্ভ কৰিছে অথচ চৰকাৰ নিশ্চুপ হৈ বহি থাকে। আৰক্ষীয়েও 'খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ বান্ধে'ৰ নীতি গ্ৰহণ কৰি অতি নিৰ্লজ্জভাৱে নিজৰ দুমুখীয়া কাম কাজ চলাই আহিছে। মই মোৰ চিঠিৰ যোগেদি দেশৰ গৃহমন্ত্ৰী জনাক সোঁৱৰাই দিছোঁ যে ভাৰতবৰ্ষই ১৯৪৮ চনতে সাম্প্ৰদায়িক সংঘৰ্ষজনিত অপৰাধৰ পৰা আমাৰ দেশৰ মানুহক মুক্তি দিয়াৰ বাবে এক আন্ত:ৰাষ্ট্ৰীয় প্ৰটকলত চহী কৰি থৈছে (Signatory of Convention on Prevention & Punishment of the Crime of Genocide)। মই লগতে আৰু উনুকিয়াই দিছোঁ যে দেশৰ আইন আয়োগে (Law Commission) ২০১৭ চনতে পৰামৰ্শ দি থৈছে যে সাম্প্ৰদায়িক ঘৃণা বিয়পোৱা যি কোনো কামৰ বিৰুদ্ধে কঠোৰ আইন (Indian Penal Code) প্ৰণয়ন কৰাটো চৰকাৰৰ দায়িত্ব যাতে পুলিচ বা প্ৰশাসন কোনো সমাজত পক্ষপাত দুষ্ট হৈ সাৰি যাব নোৱাৰে। ২) দ্বিতীয়তে চৰকাৰী পৃষ্ঠপোষকতাত পুলিচক এনকাউন্টাৰ কৰিবলৈ অবাধ কৰ্তৃত্ব দিয়াটো ঠিক যেন তেওঁলোকৰ হাতত একোখন খোলা চেক বহী (blank cheque) গতাই দিয়াৰ দৰে বৰ বিপদজনক কাম হৈ পৰিছে। যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশৰ কথা বাদেই দিলোঁ, আমাৰ অসমতে ২০২১ চনৰ মে মাহৰ পৰা এতিয়ালৈকে এনকাউন্টাৰ জনিত ঘটনাত ৩১ জন মানুহৰ মৃত্যু আৰু ৬২ জন মানুহ গুলিৰে আঘাতপ্ৰাপ্ত হৈছে। এই ঘটনা বিলাকৰ ওপৰত গাইগুটীয়া আৰু নিৰপেক্ষ তদন্ত হোৱাটো অতি দৰকাৰ। সেয়েহে মই গৃহমন্ত্ৰীলৈ দিয়া মোৰ চিঠিৰ যোগেদি আমাৰ পুলিচে পালন কৰিব লগীয়া অপৰাধ নিয়ন্ত্ৰণ বিধিৰো (Criminal Procedure Code) সংশোধনী ঘটাবলৈ দাবী জনালোঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক