--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ  'পাঠান'য়ে বক্স অফিচত অভূতপূৰ্ব ব্যৱসায় কৰি আছে। চাৰি বছৰৰ পিছত বলীউডৰ 'বাদশ্বাহ'ৰ চিনেমাই মুক্তি লাভ কৰিছে। ২৫ জানুৱাৰী, বুধবাৰে 'পাঠান' মুক্তি দিয়া হৈছিল। শুক্ৰবাৰৰ পিছত পৰিসংখ্যাই কয় যে ছবিখনে বিশ্বজুৰি তিনিশ কোটি টকাৰ ব্যৱসায় কৰিছে। প্ৰথম তিনিদিনতে 'পাঠান' ৩০০ কোটিৰ সীমাত উপনীত হৈছে।

বুধবাৰে বৃহস্পতিবাৰে আৰু শুক্ৰবাৰে প্ৰথম তিনিদিন আছিল পাঠানৰ জ্বৰত আক্ৰান্ত। শনিবাৰে আৰু দেওবাৰে পাঠানৰ উপাৰ্জন আৰু বৃদ্ধি হ'ব পাৰে।

শুক্ৰবাৰৰ পৰিসংখ্যা অনুসৰি, ভাৰতীয় বজাৰত তৃতীয় দিনা 'পাঠান'য়ে ৩৬ কোটি টকা উপাৰ্জন কৰিছিল। আনহাতে বিশ্বজুৰি ছৱিখনে ১০০ কোটিৰ সীমা অতিক্ৰম কৰিছিল।

দ্বিতীয় দিনা, 'পাঠান'য়ে ভাৰতীয় বজাৰত ৭০ কোটি টকাৰ ব্যৱসায় কৰিছিল। বিশ্ব বক্স অফিচত দ্বিতীয় দিনা ছবিখনৰ উপাৰ্জনে ২০০ কোটিৰ সীমা অতিক্ৰম কৰে।

শুক্ৰবাৰে দেশত পাঠানৰ উপাৰ্জন অলপ হ্ৰাস পাইছিল।  ৩৬ কোটি টকা উপাৰ্জন কৰে। তিনিদিনতে বিশ্বজুৰি ৩০০ কোটিৰ সীমা স্পৰ্শ কৰিবছে পাঠানে।

শ্বাহৰুখ খানে চাৰি বছৰৰ পিছত যশ ৰাজ ফিল্মছৰ স্পাই ইউনিভাৰ্ছৰ এখন সম্পূৰ্ণ একচন ছবিৰ দ্বাৰা উভতি আহিছে।  উভটি আহিয়েই 'পাঠান'ৰ বক্স অফিচৰ সফলতাই হলিউডৰ কেইখনমান জনপ্ৰিয় চলচ্চিত্ৰকো পৰাস্ত কৰিছে। উদাহৰণ স্বৰূপে, 'টাইটানিক' (১৯৯৭) মুক্তিৰ পিছত প্ৰথম তিনি দিনত ২৩১ কোটি টকাৰ ব্যৱসায় কৰিছিল।

ইয়াৰ তিনি বছৰ আগতে ১৯৯৪ চনত 'ফৰেষ্ট গাম্প' মুক্তি লাভ কৰিছিল। ছবিখনৰ প্ৰথম তিনিদিনৰ মুঠ উপাৰ্জন আছিল প্ৰায় ২০০ কোটি টকা।

সেই বছৰৰ জুন মাহতে 'দ্য লায়ন কিং' মুক্তি পাইছিল। ছবিখনে পৃথিৱীৰ বিভিন্ন প্ৰান্তত জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছিল। প্ৰথম তিনিদিনৰ বাবে ছবিখনৰ মুঠ উপাৰ্জন আছিল ১৯৯ কোটি টকা।

জনপ্ৰিয় হলিউড ছবি 'বেবী'জ ডে আউট'য়ে মুক্তিৰ পিছত প্ৰথম তিনি দিনত প্ৰায় ২৫ কোটি টকাৰ ব্যৱসায় কৰিছিল।

পৰিসংখ্যা অনুসৰি, 'পাঠান'য়ে এই জনপ্ৰিয় হলিউড চলচ্চিত্ৰসমূহৰ সৈতে প্ৰতিদ্বন্দিতা কৰিছে। কিন্তু মনত ৰাখিব, এই ছবিবোৰ নবৈৰ দশকৰ। ধনৰ মূল্য অনুসৰি উপাৰ্জনৰ পৰিমাণ কম হোৱাটো স্বাভাৱিক। 

 'পাঠানে' ভাৰতীয় বজাৰতো নজিৰ স্থাপন কৰিছে। প্ৰথম তিনিদিনত দেশৰ আন কোনো হিন্দী চলচ্চিত্ৰই ইমান টকা উপাৰ্জন কৰা নাই। আন ভাষাত এই সফলতাৰ কোনো উদাহৰণ নাই।

কেজিএফ ২ যোৱা বছৰ মুক্তি দিয়া হৈছিল।  ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম দিনৰ ব্যৱসায়ৰ ক্ষেত্ৰত এই চলচ্চিত্ৰখন শীৰ্ষস্থানত আছিল। প্ৰথম, দ্বিতীয় আৰু তৃতীয় দিনত, 'পাঠানে' 'কেজিএফ 2'কো পৰাস্ত কৰিছে।

হৃত্বিক ৰোশন আৰু টাইগাৰ শ্ৰফ অভিনীত 'ৱাৰ' প্ৰথম তিনি দিনত উপাৰ্জনৰ ক্ষেত্ৰত হিন্দী চলচ্চিত্ৰৰ তালিকাত শীৰ্ষস্থানত আছিল। ২০১৮ চনত অমিতাভ বচ্চন, আমিৰ খান অভিনীত 'ঠগছ অফ হিন্দোস্তান'য়েও বক্স অফিচত ব্যৱসায় কৰিছিল। তৃতীয় দিনৰ শেষত, 'পাঠান'য়ে দুয়োখন চলচ্চিত্ৰকে অতিক্ৰম কৰিছে।

মূলতঃ বিশ্বজুৰি এতিয়া পাঠানৰ জ্বৰ। ৫৭ বছৰীয়া শ্বাহৰুখৰ কেৰিশ্মা চাবলৈ দৰ্শকৰ মাজত এক উন্মাদনা বাঢ়িব ধৰিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement