--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এয়াই সেই কিম জং উন হয়নে…এই সময়ত বিশ্বৰ প্ৰায় প্ৰতিজনেই কৰিছে এই প্ৰশ্ন। চেহেৰা দেখি চিনিবলৈকে টান হৈ পৰিল উত্তৰ কোৰিয়াৰ একছত্ৰী শাসক কিম জং উনক। সমগ্ৰ বিশ্বৰে সংবাদমাধ্যমত একপ্ৰকাৰ খলকনিৰ সৃষ্টি কৰিছে কিম জং উনৰ এখন ফটোৱে। কিম জং উনে ভাষণ দি থকা অৱস্থাত তোলা এখন ফটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। মানুহে বিশ্বাস কৰিবলৈকে টান পাইছে যে এয়াই সেইজন কিম জং উন। উত্তৰ কোৰিয়াৰ একছত্ৰী শাসক কিম আছিল একেবাৰে শকত আৱত চেহেৰাৰ। মঙহৰ ভৰত তেওঁৰ দুগাল উলমি থাকে। শৰীৰৰ মাংসৰ ভৰৰ বাবে কিম জং উনৰ ডিঙিও নথকাৰ দৰে। কিন্তু সেই কিম জং উন এতিয়া অতীত হ'ল।

অতীতৰ কিম জং উন

৩৭ বছৰীয়া কিম জং উনৰ এই ফটো সামাজিক মাধ্যত ভাইৰেল হৈ পৰিছে। উত্তৰ কোৰিয়াৰ প্ৰাক্তন শাসক তথা পিতৃ কিম জং ইলৰ মৃত্যু বাৰ্ষিকীৰ এক অনুষ্ঠানত অংশ লৈছিল পুত্ৰ কিমে। সেই অনুষ্ঠানতেই নতুন ৰূপত দেখা যায় নেতাগৰাকীক। দেশখনৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি কিমৰ নতুন ফটোখন ২৮ ডিচেম্বৰৰ।

বৰ্তমানৰ কিম জং উন

ফটোখন দেখি বহুতো লোকে কৈছে কিমে শৰীৰৰ পৰা প্ৰায় ৪০ পাউণ্ড মান ওজন হ্ৰাস কৰিছে। আনহাতে দেশখনৰ চৰকাৰী সূত্ৰে প্ৰকাশ কৰা অনুসৰি কিমে কমকৈ খাদ্য গ্ৰহণ কৰা আৰম্ভ কৰিছে। দেশখনত দেখা দিয়া ভয়াৱহ খাদ্য সংকটৰ বাবেই দেশৰ জনসাধাৰণকো কমকৈ খাদ্য গ্ৰহণৰ বাবে আহ্বান নিজেও কমকৈ খাদ্য গ্ৰহণ কৰি আছে। পিছে এই কথাৰ সত্যতা নিৰূপণ কৰাৰ কোনো উপায় নাই। কিমে সঁচাকৈয়ে কমকৈ খাদ্য গ্ৰহণ কৰা কাৰণে ওজন হ্ৰাস পাইছে নে ব্যায়াম কৰি ওজন হ্ৰাস কৰিছে সেয়া প্ৰশ্ন কৰাৰ সাহস কাৰোৰে নাই। সকলোৱে কিন্তু কিম জং উনৰ এই নতুন ৰূপৰ প্ৰশংসা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ