--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এয়াই সেই কিম জং উন হয়নে…এই সময়ত বিশ্বৰ প্ৰায় প্ৰতিজনেই কৰিছে এই প্ৰশ্ন। চেহেৰা দেখি চিনিবলৈকে টান হৈ পৰিল উত্তৰ কোৰিয়াৰ একছত্ৰী শাসক কিম জং উনক। সমগ্ৰ বিশ্বৰে সংবাদমাধ্যমত একপ্ৰকাৰ খলকনিৰ সৃষ্টি কৰিছে কিম জং উনৰ এখন ফটোৱে। কিম জং উনে ভাষণ দি থকা অৱস্থাত তোলা এখন ফটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। মানুহে বিশ্বাস কৰিবলৈকে টান পাইছে যে এয়াই সেইজন কিম জং উন। উত্তৰ কোৰিয়াৰ একছত্ৰী শাসক কিম আছিল একেবাৰে শকত আৱত চেহেৰাৰ। মঙহৰ ভৰত তেওঁৰ দুগাল উলমি থাকে। শৰীৰৰ মাংসৰ ভৰৰ বাবে কিম জং উনৰ ডিঙিও নথকাৰ দৰে। কিন্তু সেই কিম জং উন এতিয়া অতীত হ'ল।

অতীতৰ কিম জং উন

৩৭ বছৰীয়া কিম জং উনৰ এই ফটো সামাজিক মাধ্যত ভাইৰেল হৈ পৰিছে। উত্তৰ কোৰিয়াৰ প্ৰাক্তন শাসক তথা পিতৃ কিম জং ইলৰ মৃত্যু বাৰ্ষিকীৰ এক অনুষ্ঠানত অংশ লৈছিল পুত্ৰ কিমে। সেই অনুষ্ঠানতেই নতুন ৰূপত দেখা যায় নেতাগৰাকীক। দেশখনৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি কিমৰ নতুন ফটোখন ২৮ ডিচেম্বৰৰ।

বৰ্তমানৰ কিম জং উন

ফটোখন দেখি বহুতো লোকে কৈছে কিমে শৰীৰৰ পৰা প্ৰায় ৪০ পাউণ্ড মান ওজন হ্ৰাস কৰিছে। আনহাতে দেশখনৰ চৰকাৰী সূত্ৰে প্ৰকাশ কৰা অনুসৰি কিমে কমকৈ খাদ্য গ্ৰহণ কৰা আৰম্ভ কৰিছে। দেশখনত দেখা দিয়া ভয়াৱহ খাদ্য সংকটৰ বাবেই দেশৰ জনসাধাৰণকো কমকৈ খাদ্য গ্ৰহণৰ বাবে আহ্বান নিজেও কমকৈ খাদ্য গ্ৰহণ কৰি আছে। পিছে এই কথাৰ সত্যতা নিৰূপণ কৰাৰ কোনো উপায় নাই। কিমে সঁচাকৈয়ে কমকৈ খাদ্য গ্ৰহণ কৰা কাৰণে ওজন হ্ৰাস পাইছে নে ব্যায়াম কৰি ওজন হ্ৰাস কৰিছে সেয়া প্ৰশ্ন কৰাৰ সাহস কাৰোৰে নাই। সকলোৱে কিন্তু কিম জং উনৰ এই নতুন ৰূপৰ প্ৰশংসা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু