--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৭৫ চনৰ পৰা আৰম্ভ হৈছিল এদিনীয়া ক্ৰিকেট বিশ্বকাপ। আৰম্ভণিৰে পৰা কেইবাখনো দেশে এই প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ আহিছে। চাও আহক বিশ্বকাপ ক্ৰিকেট খেলা দেশসমূহৰ তালিকা।

আৰম্ভণিৰে পৰা ইংলেণ্ড, ভাৰত, অষ্ট্ৰেলিয়া, পাকিস্তান, নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজ, শ্ৰীলংকাই ক্ৰিকেট বিশ্বকাপ খেলি আহিছে। মুঠ ১৩ বাৰ। ইয়াৰ ভিতৰত অষ্ট্ৰেলিয়াই পাঁচবাৰ, ভাৰতে দুবাৰ আৰু পাকিস্তান, শ্ৰীলংকা, ইংলেণ্ডে এবাৰকৈ বিশ্বকাপ জয় কৰিছে।

এসময়ত ক্ৰিকেটৰ মহাশক্তি ৱেষ্ট ইণ্ডিজ। আৰম্ভণিৰে পৰা খেলিছে কিন্তু এইবাৰ কোৱালিফাই নহ’ল। সেয়ে ১২ বাৰ খেলিছে। আফ্ৰিকা মহাদেশৰ  জিম্বাবুৱেই ১৯৮৩ চনৰ পৰা ২০১৫ চনলৈ ৯ বাৰ বিশ্বকাপত খেলিছে। দক্ষিণ আফ্ৰিকাই ১৯৯২ চনৰ পৰা ২০২৩ চনলৈকে ৯ বাৰ খেলিছে। বাংলাদেশে ১৯৯৯ চনৰ পৰা ২০২৩ চনলৈ সাতবাৰ খেলিছে।

ইউৰোপিয়ান দেশ নেদাৰলেণ্ডে ১৯৯৬ৰ পৰা ২০২৩লৈকে পাঁচবাৰ খেলিছে। অনুৰূপধৰণে কেনিয়াই ১৯৯৬ ৰ পৰা ২০১১ লৈকে ৫ বাৰ খেলিছে। কানাডাই ১৯৭৯ৰ পৰা ২০১১ বিশ্বকাপলৈকে ৪ বাৰ খেলিছে। আয়াৰলেণ্ডে ২০০৭ৰ পৰা ২০১৫লৈকে ৩ বাৰ খেলিছে। আফগানিস্তানে ২০১৫ৰ পৰা ২০২৩লৈকে ৩ বাৰ খেলিছে। স্কটলেণ্ডেও ৩ বাৰ- ১৯৯৯, ২০০৭, ২০১৫।

সংযুক্ত আৰৱ আমিৰাত (UAE)-য়ে - ২ বাৰ খেলিছে-  ১৯৯৬ আৰু ২০১৫লৈকে। নামিবিয়া আৰু বাৰ্মুদাই ক্ৰমে ২০০৩ আৰু ২০০৭ বিশ্বকাপত এবাৰকৈ খেলিছিল। ইয়াৰ উপৰিও উগাণ্ডা, তাঞ্জানিয়াকে ধৰি কেইবাখনো দেশেৰে গঠিত পূৱ আফ্ৰিকাই ১৯৭৫ চনৰ বিশ্বকাপ খেলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক