--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোন হ’ব প্লেয়াৰ অৱ দ্যা টুৰ্ণামেণ্ট? এই বিশ্বকাপত শ্ৰেষ্ঠ ক্ৰিকেটাৰ হোৱাৰ দৌৰত ৯ জন তাৰকা আছে। সেই ৯ জনৰ নাম ঘোষণা কৰিছে আইচিচিয়ে। বিশ্বকাপৰ ফাইনেলৰ দিনা এইবাৰ বিশ্বকাপৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ কোন হ’ব সেয়া ঘোষণা কৰা হ’ব। 

বিশ্বকাপৰ প্ৰথমখন খেলত বিৰাট কোহলীয়ে ৮৫ ৰানৰ ইনিংছ খেলি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতক জয় কৰে। ইখনৰ পিছত সিখন মেচত মেচ বিজয়ী ৰান সংগ্ৰহ কৰি আহিছে বিৰাটে। ছেমি ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে শতক অৰ্জন কৰে। ১০খন মেচত ৭১১ ৰান সংগ্ৰহ কৰা বিৰাট এই বিশ্বকাপৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হোৱাৰ অন্যতম প্ৰতিদ্বন্দ্বী।

২০২১ চনত টি-২০ বিশ্বকাপ জয়ৰ পথত অষ্ট্ৰেলিয়াৰ এজন গুৰুত্বপূৰ্ণ সদস্য আছিল আদম জাম্পা। এইবাৰো একেই। চেন্নাইত ভাৰতৰ বিৰুদ্ধে প্ৰথমখন মেচত উইকেট নোপোৱাৰ পিছতো প্ৰতিযোগিতা অগ্ৰগতিৰ লগে লগে জাম্পা অধিক ভয়ংকৰ হৈ পৰিছে। এই পৰ্যন্ত ২২ টা উইকেট দখল কৰিছে। জাম্পাই তিনিখনকৈ মেচত ৪ উইকেট দখল কৰিছে।

বিশ্বকাপৰ আৰম্ভণিতে ভবা হৈছিল যে কুইণ্টন ডি ককে হয়তো বিশ্বকাপত ৰাণৰ অভিলেখ ভংগ কৰিব পাৰে। ইখনৰ পিছত সিখন মেচত শতক কৰি আছিল। এই বিশ্বকাপত তেওঁৰ তিনিটা শতক আছে। এয়া তেওঁৰ শেষ বিশ্বকাপ। তেওঁ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ লৈছে। ৫৯১ ৰান সংগ্ৰহ কৰা ডি’ককে আইচিচিৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ বাবেও দৌৰত নামিছে।

বিশ্বকাপৰ প্ৰথম চাৰিখন মেচ খেলাৰ সুযোগ নাপালে মহম্মদ শ্বামীয়ে। দলত তেওঁক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। পৰৱৰ্তী ৬খন মেচত তেওঁ ২৩টা উইকেট দখল কৰে। তিনিখন মেচত ৫ বা তাতকৈ অধিক উইকেট দখল কৰিছে ছামীয়ে।  শ্ৰেষ্ঠ ক্ৰিকেটাৰ হোৱাৰ দৌৰত আছে শ্বামী।

সপোনৰ ছন্দত আছিল ৰাচিন ৰবীন্দ্ৰ। ছেমি ফাইনেলত তেওঁৰ দল নক আউট হোৱাৰ বাবে ফাইনেল খেলা নহ’ব। কিন্তু ৰাচিনে নিজৰ প্ৰথম বিশ্বকাপত ৫৭৮ ৰান সংগ্ৰহ কৰে। তেওঁ ৫টা উইকেট দখল কৰে। তেওঁ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হোৱাৰ দৌৰত।

সমগ্ৰ বিশ্বকাপত একেৰাহে ৰান নকৰিলেও আফগানিস্তানৰ বিৰুদ্ধে অকলে ২০১ ৰান কৰি দলৰ ইনিংছ জয় কৰি শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ তালিকাত স্থান লাভ কৰে। আফগানিস্তানে ২৯২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। অষ্ট্ৰেলিয়াই ৯১ ৰানত ৭ উইকেট হেৰুৱাইছে। তাৰ পৰাই মেক্সৱেলে অকলে দলটো জয় কৰিছিল। তেওঁৰ এই ইনিংছক এদিনীয়া ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ ইনিংছ বুলি গণ্য কৰা হয়।

ৰানৰ ক্ষেত্ৰত হয়তো বহু পিছ পৰি আছে ভাৰতীয় অধিনায়কগৰাকী। কিন্তু প্ৰতিখন মেচতে তেওঁৰ জিলিকি থকা ইনিংছে ভাৰতৰ বাবে ডাঙৰ ৰান সংগ্ৰহৰ ভেটি স্থাপন কৰিছে। অধিনায়ক ৰোহিত শৰ্মাই ১০খন খেলত ৫৫০ ৰান সংগ্ৰহ কৰিছে। লগতে শ শ। দ্ৰুত ৰান সংগ্ৰহ কৰি বিৰোধী দলক হেঁচাত পেলোৱা শ্ৰেষ্ঠ ক্ৰিকেটাৰ হোৱাৰ দৌৰত আছে ৰোহিতো।

কেৱল শামীয়েই নহয়, বিশ্বকাপৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হোৱাৰ দৌৰত আছে আন এজন ভাৰতীয় পেচাৰ যশপ্ৰীত বুমৰাহ। আৰম্ভণিতে তেওঁ উইকেট দখল কৰিছিল। আৰম্ভণিতে বহু মেচত বিৰোধী দলক ঠেলি দিছে। যাৰ ফলত বাকী বলাৰসকলৰ বাবে সহজ হৈ পৰে। তেওঁ এই পৰ্যন্ত ১৮টা উইকেট দখল কৰিছে।

এই বিশ্বকাপত কিউই ক্ৰিকেটাৰ ডাৰিল মিচেলে ৫৫২ ৰান সংগ্ৰহ কৰে। ডাঙৰ ৰান কৰাই হওক বা ৰান খেদাই হওক, তেওঁ আছিল নিউজিলেণ্ড দলৰ মূল ভেটি। ভাৰতৰ বিৰুদ্ধে ছেমি ফাইনেলত পৰাস্ত হোৱাৰ পাছতো মিচেলে ১৩৪ ৰানৰ ইনিংছ খেলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন