--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আফগানিস্তানৰ বিৰুদ্ধে গ্লেন মেক্সৱেলে অবিশ্বাস্য ইনিংছ খেলিছিল। তেওঁৰ অপৰাজিত ২০১ ৰানত জয়লাভ কৰিছিল অষ্ট্ৰেলিয়াই পৰাস্ত হোৱা মেচখনত। মেক্সৱেলে এককভাৱে দলটোক বিশ্বকাপৰ ছেমি ফাইনেললৈ উন্নীত কৰে। পত্নী বিনি ৰমনেও স্বামীৰ ইনিংছ দেখি আচৰিত হৈছিল।

মেক্সৱেলে খেলি থকাৰ সময়ত বিনি ৱানখেডে ষ্টেডিয়ামত আছিল। মেচৰ পিছতে তেওঁ নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এখন ছবি পোষ্ট কৰে। মেক্সৱেলক খেলপথাৰত খেলা দেখা গৈছে। বিনিয়ে ১০০ কাটি ছবিখনৰ মাজত ২০১ লিখিলে। অৰ্থাৎ তাইৰ স্বামীয়ে শতোণ নহয়, দ্বিশতক কৰিছে বুলি বুজাইছিল। এই ইনিংছটো দেখাৰ পিছত তেওঁ নিজৰ আৱেগক ধৰি ৰাখিব পৰা নাই বুলিও বুজাই দিলে বিনিয়ে।

২০২২ চনত বিনিৰ সৈতে বিবাহপাশত আবদ্ধ হয় মেক্সৱেলে। চলিত বৰ্ষৰ মে’ মাহত তেওঁলোকৰ এটি পুত্ৰ সন্তান জন্ম হৈছিল। বিশ্বকাপৰ আৰম্ভণিতে তেওঁলোক ভাৰতত নাছিল। প্ৰতিযোগিতাৰ সময়ত ভাৰতলৈ আহিছিল পত্নী আৰু নৱজাত পুত্ৰ। মেক্সৱেলৰ খেলৰ শৈলী যেন সলনি হৈছে তেওঁৰ কাষত পৰিয়াল লৈ। তেওঁ বিধ্বংসী খেল খেলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক