--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূৰ্দান্ত ফৰ্ম অব্যাহত আছে ভাৰতীয় মিডল অৰ্ডাৰ বেটিং লাইন আপৰ। চলিত বিশ্বকাপৰ টীম ইণ্ডিয়াৰ প্ৰথমখন মেচত চেন্নাইৰ এম এ চিডাম্বৰত ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ কৰিছে। আয়োজক দলটোৰ বিজয়ৰ মূলতে আছিল বিৰাট কোহলী আৰু কে এল ৰাহুলৰ দূৰ্দান্ত বেটিং।

টছত জয়ী হৈ প্ৰথমে বেটিং কৰি কেংগেৰু বাহিনী বিধ্বস্ত হয়। শূণ্য ৰানতে আউট হয় নিৰ্ভৰযোগ্য অপেনিং বেটাৰ মিচেল মাৰ্চ। ডেভিড ৱাৰ্ণাৰ (৪১) আৰু ষ্টিভ স্মিথে (৪৬) দলক আগুৱাই নিয়ে। কিন্তু কম সময়ৰ ব্যৱধানতে খহি পৰে বেটিং লাইন আপ। দীঘলীয়া ইনিংছ খেলিবলৈ ব্যৰ্থ হয় মাৰ্নাছ লাবুচানে (২৭), গ্লেন মেক্সৱেল (১৫), এলেক্স কেৰী (০) আৰু কেমেৰুণ গ্ৰীন (৮)। ফলস্বৰূপে ১৯৯ ৰাণতে অল আউট হয় মহাপ্ৰতাপী অষ্ট্ৰেলিয়া।

ভাৰতৰ হৈ স্পিন বাহিনীয়ে দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায়। ৰবীন্দ্ৰ জাডেজাই ৩টা, কুলদীপ যাদৱে ২টা উইকেট লাভ কৰে। জছপ্ৰীত বুমৰাহে দুটা আৰু মহম্মদ চিৰাজ, হাৰ্দিক পাণ্ডিয়া আৰু আৰ অশ্বীনে এটাকৈ উইকেট ভগায় লয়।

২০০ ৰাণৰ সহজ লক্ষ্য অনুসৰণ কৰি প্ৰথমেই উজুটি খায় ভাৰত। মাত্ৰ ২ ৰাণতে তিনিটাকৈ উইকেট হেৰুৱায়। শূণ্য ৰাণত পেভিলিয়নমুখী হয় ঈশান কিশান, ৰোহিত শৰ্মা আৰু শ্ৰেয়াছ আয়াৰ। ভয়ংকৰ ৰূপ লয় মিচেল ষ্টাৰ্ক আৰু জ’ছ হেজলউডে। কিন্তু বিৰাট কোহলী আৰু কে এল ৰাহুলে দৰ্শনীয় বেটিঙেৰে দলক বিজয়মুখী কৰে। কোহলীয়ে ৮৫ আৰু কে এল ৰাহুলে ৯৭ কৰি অপৰাজীত থাকে। অষ্ট্ৰেলিয়াৰ হৈ হেজলউডে তিনিটা উইকেট লাভ কৰে।
 
চলিত বিশ্বকাপত দুয়োটা দলেই হট ফেভাৰিট হিচাপে বিবেচিত হৈছে। তেনেস্থলত অষ্ট্ৰেলিয়াৰ বেটিং ব্যৰ্থতাই অনাগত সময়ত কি ৰূপ লয় সেয়া লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু