--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূৰ্দান্ত ফৰ্ম অব্যাহত আছে ভাৰতীয় মিডল অৰ্ডাৰ বেটিং লাইন আপৰ। চলিত বিশ্বকাপৰ টীম ইণ্ডিয়াৰ প্ৰথমখন মেচত চেন্নাইৰ এম এ চিডাম্বৰত ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ কৰিছে। আয়োজক দলটোৰ বিজয়ৰ মূলতে আছিল বিৰাট কোহলী আৰু কে এল ৰাহুলৰ দূৰ্দান্ত বেটিং।

টছত জয়ী হৈ প্ৰথমে বেটিং কৰি কেংগেৰু বাহিনী বিধ্বস্ত হয়। শূণ্য ৰানতে আউট হয় নিৰ্ভৰযোগ্য অপেনিং বেটাৰ মিচেল মাৰ্চ। ডেভিড ৱাৰ্ণাৰ (৪১) আৰু ষ্টিভ স্মিথে (৪৬) দলক আগুৱাই নিয়ে। কিন্তু কম সময়ৰ ব্যৱধানতে খহি পৰে বেটিং লাইন আপ। দীঘলীয়া ইনিংছ খেলিবলৈ ব্যৰ্থ হয় মাৰ্নাছ লাবুচানে (২৭), গ্লেন মেক্সৱেল (১৫), এলেক্স কেৰী (০) আৰু কেমেৰুণ গ্ৰীন (৮)। ফলস্বৰূপে ১৯৯ ৰাণতে অল আউট হয় মহাপ্ৰতাপী অষ্ট্ৰেলিয়া।

ভাৰতৰ হৈ স্পিন বাহিনীয়ে দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায়। ৰবীন্দ্ৰ জাডেজাই ৩টা, কুলদীপ যাদৱে ২টা উইকেট লাভ কৰে। জছপ্ৰীত বুমৰাহে দুটা আৰু মহম্মদ চিৰাজ, হাৰ্দিক পাণ্ডিয়া আৰু আৰ অশ্বীনে এটাকৈ উইকেট ভগায় লয়।

২০০ ৰাণৰ সহজ লক্ষ্য অনুসৰণ কৰি প্ৰথমেই উজুটি খায় ভাৰত। মাত্ৰ ২ ৰাণতে তিনিটাকৈ উইকেট হেৰুৱায়। শূণ্য ৰাণত পেভিলিয়নমুখী হয় ঈশান কিশান, ৰোহিত শৰ্মা আৰু শ্ৰেয়াছ আয়াৰ। ভয়ংকৰ ৰূপ লয় মিচেল ষ্টাৰ্ক আৰু জ’ছ হেজলউডে। কিন্তু বিৰাট কোহলী আৰু কে এল ৰাহুলে দৰ্শনীয় বেটিঙেৰে দলক বিজয়মুখী কৰে। কোহলীয়ে ৮৫ আৰু কে এল ৰাহুলে ৯৭ কৰি অপৰাজীত থাকে। অষ্ট্ৰেলিয়াৰ হৈ হেজলউডে তিনিটা উইকেট লাভ কৰে।
 
চলিত বিশ্বকাপত দুয়োটা দলেই হট ফেভাৰিট হিচাপে বিবেচিত হৈছে। তেনেস্থলত অষ্ট্ৰেলিয়াৰ বেটিং ব্যৰ্থতাই অনাগত সময়ত কি ৰূপ লয় সেয়া লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ