--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ মাজভাগত চলি আছে আই পি এলৰ প্ৰস্তুতি। ১৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই নিলাম। ডুবাইত অনুষ্ঠিত হ’ব এই নিলাম। চৰ্চাত আছে ৰচীন ৰবীন্দ্ৰৰ নাম। নিউজিলেণ্ডৰ এই অল-ৰাউণ্ডাৰগৰাকীয়ে বিশ্বকাপত ৫৬৫ ৰান সংগ্ৰহ কৰে। সেইটোৱেই হৈছে এই বিশ্বকাপত এতিয়ালৈকে সৰ্বাধিক ৰান। এনে এজন ক্ৰিকেটাৰ পাবলৈ হ’লে আই পি এলৰ নিলামত ধুমুহাৰ সৃষ্টি হ’ব পাৰে। কোনসমূহ দলে তেওঁক বিচাৰে?

পঞ্জাৱ দলৰ তিনি নম্বৰত বেটিঙৰ অভাৱ। পঞ্জাবে তিনি নম্বৰ স্থানত মেথিউ শ্বৰ্ট, ভানুকা ৰাজাপাকছা আৰু অথৰভা টাউডেক চেষ্টা কৰিছিল। কিন্তু কোনো এজনেই দলৰ আস্থা হ’ব নোৱাৰিলে। সেয়ে তেওঁলোকে ৰাছিনৰ ওপৰত চকু ৰাখিছে।

হায়দৰাবাদে চলিত বৰ্ষৰ আই পি এলৰ তলৰ স্থানত অন্ত পেলাইছিল। ১৪খন খেলৰ ভিতৰত মাত্ৰ চাৰিখন খেলতে জয়লাভ কৰে। দলটোৰ বেটিং বিভাগ বাৰে বাৰে বিফল হ’ল৷ ৰাহুল ত্ৰিপাঠী একেবাৰে ফৰ্মত নাছিল। ৰাহুলৰ দুৰ্বল ফৰ্মৰ বাবেই হায়দৰাবাদে ক্ষতিগ্ৰস্ত হয়। ৰাচিনে সেই অভাৱ পূৰণ কৰিব পাৰে। গতিকে হায়দৰাবাদে ৰাচিনক নিলামত পাবলৈ জপিয়াই পৰিব।

কলকাতা নাইট ৰাইডাৰ্ছৰ সমস্যা হৈছে অ’পেনাৰৰ সৈতে। কেতিয়াবা ৰহমানুল্লাহ গুৰবাজে, কেতিয়াবা লিটন দাসে অপেনিং কৰিছে। কিন্তু কোনোৱেই ৰান কৰিব পৰা নাছিল। কেকেআৰে সেই ঠাইত ৰচিনক বিচাৰিব। এই বিশ্বকাপত ৰাচিনেও অ’পেনাৰ হিচাপে খেলিছিল। গতিকে  কলকাতাই নিলামত ল’ব পাৰে কিউই অল-ৰাউণ্ডাৰগৰাকীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোলাঘাটত কৰুণ ঘটনা! শাহুৱেকৰ অত্যাচাৰ সহিব নোৱাৰি সন্তানক বুকুত বান্ধি পুখুৰীত জাঁপ মাতৃৰ
SIT জেৰাৰ অন্তত প্ৰথমবাৰৰ বাবে মুখ খুলিলে অসম অসম এছʼচিয়েচনৰ সম্পাদক দেৱজ্যোতি হাজৰিকাই
সকলোৱে লিখিছে #JusticeForZubeenGarg ; সামাজিক মাধ্যমত হেচটেগ ব্যৱহাৰৰ গুৰুত্ব কি?
আজিৰে পৰা আমেৰিকালৈ পুনৰ ডাক সেৱা আৰম্ভ ভাৰতৰ
প্রতি দহ গ্রাম সোণৰ দাম ১,২৪,১৫৫ টকালৈ বৃদ্ধি
গৰৈমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড! কলেজীয়া ছাত্ৰীক হত্যা কৰিলে প্ৰেমিকে
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ