--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ জয় নোপোৱাৰ পিছতো বাবৰ আজম, ৰিজৱানহঁত খালী হাতে ঘৰলৈ উভতি অহা নাই। লীগ পৰ্যায়ত ৯খন খেলৰ ভিতৰত পাঁচখন খেলত জয়ী নোহোৱাৰ বাবে বাবাৰে ছেমি ফাইনেল খেলিব পৰা নাই। শনিবাৰে ইংলেণ্ডৰ হাতত পৰাস্ত হৈ দেওবাৰে ঘৰলৈ উভতি যায়। অৱশ্যে তেওঁ লগত লৈ গৈছে বিপুল পৰিমাণৰ পুৰস্কাৰৰ ধন।

অন্তিম চাৰিটাত স্থান নাপালেও এই পুৰস্কাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ পৰা ২ লাখ ৬০ হাজাৰ ডলাৰ লাভ কৰিছে। পাকিস্তানৰ মুদ্ৰাত, যাৰ পৰিমাণ ৭ কোটি ৩৩ লাখ টকাতকৈও অধিক। ভাৰতীয় মূল্যত ২ কোটি ১৪ লাখ টকাতকৈ অধিক।

লীগৰ প্ৰতিখন জয়ী মেচত পাকিস্তানে ৪০ হাজাৰ ডলাৰ (প্ৰায় ৩৩ লাখ ৩৪ হাজাৰ টকা) লাভ কৰিছে। চাৰিখন মেচত জয়ী হোৱাৰ বাবে ১ লাখ ৬০ হাজাৰ টকা (প্ৰায় ১ কোটি ৩৩ লাখ টকা) লাভ কৰিছে। ইয়াৰ বাহিৰেও ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰা দলক ১ লাখ ডলাৰ (প্ৰায় ৮৩ লাখ ৩৫ হাজাৰ টকা) প্ৰদান কৰিছে আই চি চিয়ে।

বাবৰঁহতে বিশ্বকাপ খেলিবলৈ অহাৰ আগতে পাঁচ মাহ ধৰি দৰমহা পোৱা নাছিল। পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ সৈতে হোৱা কেন্দ্ৰীয় চুক্তি অনুসৰি প্ৰতিমাহে ক্ৰিকেটাৰসকলে নিৰ্দিষ্ট পৰিমাণৰ ধন পোৱাৰ কথা। কিন্তু পিচিবিৰ প্ৰশাসনিক জটিলতাৰ বাবে ক্ৰিকেটাৰসকলৰ দৰমহা বন্ধ হৈ পৰে। গতিকে তেওঁলোকে বিশ্বকাপ জয় নকৰিলেও বাবৰে আৰ্থিকভাৱে লাভৱান হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক