--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্লেন মেক্সৱেলৰ কল্পনাতীত ইনিংছৰ পাছত উত্তাল হৈ পৰিছে ক্ৰিকেট জগতখন। বহুতে ক’বলৈ আৰম্ভ কৰিছে, এইটোৱেই নেকি বিশ্বকাপৰ ইতিহাসত এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ ইনিংছ। তাৰ তুলনা কৰা হৈছে ১৯৮৩ চনৰ টানব্ৰিজ ওৱেলছত অনুষ্ঠিত বিশ্বকাপত জিম্বাবুৱেৰ বিৰুদ্ধে কপিল দেৱৰ ১৭৫ ৰানৰ অপৰাজিত ইনিংছ। ভাৰতে ১৭ ৰানত ৫টা উইকেট হেৰুৱাই জিম্বাবুৱেৰ বিৰুদ্ধে একক প্ৰচেষ্টাৰে সফল অন্ত পেলায় কপিলে। কিন্তু সেই মেচত ভাৰতে প্ৰথমে বেটিং কৰিছিল।

অসম্ভৱ জয়ৰ পাছত অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে কয় যে উইকেটৰ আনটো মূৰত থকা বিধ্বংসী মেক্সৱেলে তেওঁক বাকৰুদ্ধ কৰি পেলাইছে। তেওঁ ক’লে, “কেতিয়াবা এনে লাগে যেন ইয়াতকৈ হাস্যকৰ একো হ’ব নোৱাৰে। মেক্সিৰ ইনিংছ কেনেকৈ বৰ্ণনা কৰিব নাজানো।’’

মেক্সৱেলৰ ইনিংছ দেখাৰ পাছত স্তম্ভিত শচীন টেণ্ডুলকাৰে টুইট কৰি কয় - ''এদিনীয়া ক্ৰিকেটত এনে ইনিংছ কেতিয়াও দেখা নাই। এদিনীয়া ক্ৰিকেটত দেখা এইখন সৰ্বশ্ৰেষ্ঠ ইনিংছ। আফগানিস্তানে অৱশ্যে আৰম্ভণিতে ভাল যুঁজ দিছিল। কিন্তু সেই শেষৰ ২৫ অভাৰ মেক্সৱেলৰ বাবে মেচখনৰ ভাগ্য সলনি কৰিবলৈ যথেষ্ট আছিল।’’

শ্বোয়াইব আখতাৰে কয়- ''আমি এটা অলৌকিকতাৰ সাক্ষী হৈছিলো। আঘাতপ্ৰাপ্ত ভৰিৰে এনেধৰণৰ কাম কৰা সম্ভৱ নহয় বুলি ভাবিলোহেঁতেন, যদিহে মেক্সৱেলৰ বেটিং দেখা নাপালোঁহেঁতেন। দেশপ্ৰেমৰ ইয়াতকৈ ডাঙৰ উদাহৰণ থাকিব নোৱাৰে।''

এ বি ডি ভিলিয়াৰ্ছৰ টুইট- "আফগানিস্তানৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই কিমান বেয়াকৈ জয়ী নহ'ল। মেক্সৱেলৰ ইনিংছে আমাক স্তম্ভিত কৰি তুলিলে। অষ্ট্ৰেলিয়াৰ দললৈ অভিনন্দন।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক