--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্লেন মেক্সৱেলৰ কল্পনাতীত ইনিংছৰ পাছত উত্তাল হৈ পৰিছে ক্ৰিকেট জগতখন। বহুতে ক’বলৈ আৰম্ভ কৰিছে, এইটোৱেই নেকি বিশ্বকাপৰ ইতিহাসত এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ ইনিংছ। তাৰ তুলনা কৰা হৈছে ১৯৮৩ চনৰ টানব্ৰিজ ওৱেলছত অনুষ্ঠিত বিশ্বকাপত জিম্বাবুৱেৰ বিৰুদ্ধে কপিল দেৱৰ ১৭৫ ৰানৰ অপৰাজিত ইনিংছ। ভাৰতে ১৭ ৰানত ৫টা উইকেট হেৰুৱাই জিম্বাবুৱেৰ বিৰুদ্ধে একক প্ৰচেষ্টাৰে সফল অন্ত পেলায় কপিলে। কিন্তু সেই মেচত ভাৰতে প্ৰথমে বেটিং কৰিছিল।

অসম্ভৱ জয়ৰ পাছত অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে কয় যে উইকেটৰ আনটো মূৰত থকা বিধ্বংসী মেক্সৱেলে তেওঁক বাকৰুদ্ধ কৰি পেলাইছে। তেওঁ ক’লে, “কেতিয়াবা এনে লাগে যেন ইয়াতকৈ হাস্যকৰ একো হ’ব নোৱাৰে। মেক্সিৰ ইনিংছ কেনেকৈ বৰ্ণনা কৰিব নাজানো।’’

মেক্সৱেলৰ ইনিংছ দেখাৰ পাছত স্তম্ভিত শচীন টেণ্ডুলকাৰে টুইট কৰি কয় - ''এদিনীয়া ক্ৰিকেটত এনে ইনিংছ কেতিয়াও দেখা নাই। এদিনীয়া ক্ৰিকেটত দেখা এইখন সৰ্বশ্ৰেষ্ঠ ইনিংছ। আফগানিস্তানে অৱশ্যে আৰম্ভণিতে ভাল যুঁজ দিছিল। কিন্তু সেই শেষৰ ২৫ অভাৰ মেক্সৱেলৰ বাবে মেচখনৰ ভাগ্য সলনি কৰিবলৈ যথেষ্ট আছিল।’’

শ্বোয়াইব আখতাৰে কয়- ''আমি এটা অলৌকিকতাৰ সাক্ষী হৈছিলো। আঘাতপ্ৰাপ্ত ভৰিৰে এনেধৰণৰ কাম কৰা সম্ভৱ নহয় বুলি ভাবিলোহেঁতেন, যদিহে মেক্সৱেলৰ বেটিং দেখা নাপালোঁহেঁতেন। দেশপ্ৰেমৰ ইয়াতকৈ ডাঙৰ উদাহৰণ থাকিব নোৱাৰে।''

এ বি ডি ভিলিয়াৰ্ছৰ টুইট- "আফগানিস্তানৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই কিমান বেয়াকৈ জয়ী নহ'ল। মেক্সৱেলৰ ইনিংছে আমাক স্তম্ভিত কৰি তুলিলে। অষ্ট্ৰেলিয়াৰ দললৈ অভিনন্দন।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক