--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিৰাট কোহলীয়ে দূৰ্দান্ত বেটিং কৰে। ভংগ কৰে শচীন টেণ্ডুলকাৰৰ এক অনন্য অভিলেখ। আইচিচিৰ প্ৰতিযোগিতাত ভাৰতীয়ৰ সৰ্বাধিক ৰানৰ অভিলেখ আথিল শচীন টেণ্ডুলকাৰৰ। দেওবাৰে সেই অভিলেখ ভংগ কৰিলে বিৰাটে।

আইচিচি প্ৰতিযোগিতাত শচীনে ৫৮ ইনিংছত ২৭১৯ ৰান সংগ্ৰহ কৰিছিল। আজি ৬৪ সংখ্যক ইনিংছ খেলিছিল বিৰাটে। সেই ইনিংছত তেওঁ শচীনক অতিক্ৰম কৰে। শচীন আৰু বিৰাটৰ বাহিৰেও আই চি চি প্ৰতিযোগিতাত ২০০০ ৰানৰ সীমা অতিক্ৰম কৰা একমাত্ৰ ভাৰতীয় ৰোহিত শৰ্মা।

ৰোহিত শৰ্মাইও বিশ্বকাপৰ মেচত দেশৰ আটাইতকৈ বয়সীয়াল অধিনায়ক হিচাপে পৰিগণিত হৈছে। তেওঁৰ বয়স ৩৬ বছৰ ১৬১ দিন। তেওঁ মহম্মদ আজাহাৰুদ্দিন (১৯৯৯ চনত ৩৬ বছৰ আৰু ১২৪ দিন), ৰাহুল দ্ৰাবিড (২০০৭ চনত ৩৪ বছৰ আৰু ৭১ দিন), এছ ভেংকটাৰঘৱন (১৯৭৯ চনত ৩৪ বছৰ আৰু ৫৬ দিন) আৰু এম এছ ধোনী (২০১৫ চনত ৩৩ বছৰ আৰু ২৬২ দিন)ক অতিক্ৰম কৰিছে।

এদিনীয়া বিশ্বকাপৰ ইতিহাসত শূণ্য ৰাণত অষ্ট্ৰেলিয়াৰ অ’পেনাৰক আউট কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয় যশপ্ৰীত বুমৰাহ। তৃতীয় অভাৰত পেচাৰগৰাকীয়ে অ’পেনাৰ মিচেল মাৰ্ছক আউট কৰে।

অষ্ট্ৰেলিয়াৰ হৈ ডেভিদ ৱাৰ্নাৰেও বিশ্বকাপত ১০০০ ৰান সম্পূৰ্ণ কৰে। অ’পেনাৰগৰাকীয়ে ৫২টা বলত ৪১ ৰান সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ