--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিৰাট কোহলীয়ে দূৰ্দান্ত বেটিং কৰে। ভংগ কৰে শচীন টেণ্ডুলকাৰৰ এক অনন্য অভিলেখ। আইচিচিৰ প্ৰতিযোগিতাত ভাৰতীয়ৰ সৰ্বাধিক ৰানৰ অভিলেখ আথিল শচীন টেণ্ডুলকাৰৰ। দেওবাৰে সেই অভিলেখ ভংগ কৰিলে বিৰাটে।

আইচিচি প্ৰতিযোগিতাত শচীনে ৫৮ ইনিংছত ২৭১৯ ৰান সংগ্ৰহ কৰিছিল। আজি ৬৪ সংখ্যক ইনিংছ খেলিছিল বিৰাটে। সেই ইনিংছত তেওঁ শচীনক অতিক্ৰম কৰে। শচীন আৰু বিৰাটৰ বাহিৰেও আই চি চি প্ৰতিযোগিতাত ২০০০ ৰানৰ সীমা অতিক্ৰম কৰা একমাত্ৰ ভাৰতীয় ৰোহিত শৰ্মা।

ৰোহিত শৰ্মাইও বিশ্বকাপৰ মেচত দেশৰ আটাইতকৈ বয়সীয়াল অধিনায়ক হিচাপে পৰিগণিত হৈছে। তেওঁৰ বয়স ৩৬ বছৰ ১৬১ দিন। তেওঁ মহম্মদ আজাহাৰুদ্দিন (১৯৯৯ চনত ৩৬ বছৰ আৰু ১২৪ দিন), ৰাহুল দ্ৰাবিড (২০০৭ চনত ৩৪ বছৰ আৰু ৭১ দিন), এছ ভেংকটাৰঘৱন (১৯৭৯ চনত ৩৪ বছৰ আৰু ৫৬ দিন) আৰু এম এছ ধোনী (২০১৫ চনত ৩৩ বছৰ আৰু ২৬২ দিন)ক অতিক্ৰম কৰিছে।

এদিনীয়া বিশ্বকাপৰ ইতিহাসত শূণ্য ৰাণত অষ্ট্ৰেলিয়াৰ অ’পেনাৰক আউট কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হয় যশপ্ৰীত বুমৰাহ। তৃতীয় অভাৰত পেচাৰগৰাকীয়ে অ’পেনাৰ মিচেল মাৰ্ছক আউট কৰে।

অষ্ট্ৰেলিয়াৰ হৈ ডেভিদ ৱাৰ্নাৰেও বিশ্বকাপত ১০০০ ৰান সম্পূৰ্ণ কৰে। অ’পেনাৰগৰাকীয়ে ৫২টা বলত ৪১ ৰান সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু