--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত নিৰ্মিত বেটেৰে বিশ্বকাপত উজ্বলি উঠিছে ডেভিড ৱাৰ্ণাৰ! অষ্ট্ৰেলিয়াৰ অ’পেনিং বেটছমেনগৰাকী ভাৰতত নিৰ্মিত বিশেষ বেটৰ ওপৰত নিৰ্ভৰশীল। কেইবাদিনো ফৰ্মত নাছিল ৱাৰ্নাৰ। বিশ্বকাপ দলত তেওঁৰ স্থানক লৈ প্ৰশ্ন উত্থাপন হৈছিল। বাওঁহাতৰ অ’পেনাৰগৰাকীয়ে বিশ্বকাপৰ প্ৰাৰম্ভিক পৰ্যায়তো ৰান লাভ কৰা নাছিল। কিন্তু প্ৰতিযোগিতাৰ মাজৰ পৰাই তেওঁক পুনৰ চিনাকি ৰূপত দেখা যায়। কেনেকৈ ঘূৰি আহিব ফৰ্মলৈ? বেকগ্ৰাউণ্ডত আছে এখন বিশেষ বেট। 

ৱাৰ্নাৰে বিশ্বকাপৰ ছেমি ফাইনেলৰ পূৰ্বে ফৰ্মলৈ ঘূৰি অহাৰ ৰহস্য প্ৰকাশ কৰে। অষ্ট্ৰেলিয়াত বনোৱা বেটখনেৰে তেওঁ ৰান কৰিব পৰা নাছিল। ৱাৰ্নাৰে কয়, “মই ৰান পাবলৈ চেষ্টা কৰি আছিলো। কিন্তু মই সঠিক শ্বট এটা ল’ব পৰা নাছিলো। ভাৰতৰ উইকেটত বলটো অলপ তললৈ আহে। বাউন্সৰ সৈতে মোকাবিলা কৰিবলৈ অসুবিধা হৈছিল। বেটৰ যিটো অংশৰে মই বলটো মাৰিবলৈ চেষ্টা কৰি আছিলো, সেইটো নহ’ল। পিছত মই নিজেই এটা উপায় ভাবিলোঁ।’’

ৱাৰ্নাৰে কয়, ‘মই বেটৰ মাজৰ অলপ তলৰ অংশৰে বলটো মাৰিবলৈ চেষ্টা কৰো। কাৰ্যক্ষেত্ৰত মই বেটৰ এটা নিৰ্দিষ্ট অংশত কাগজ এটুকুৰা সংলগ্ন কৰিছিলোঁ। বলিং মেচিনৰ সন্মুখত বেটৰ সেই বিশেষ অংশটোৰ সৈতে বহু সময় ধৰি খেলিবলৈ চেষ্টা কৰিছিলো। কাগজখনত থকা চিনবোৰ চাই বুজিবলৈ চেষ্টা কৰিলোঁ, বলটো সঠিক ঠাইত মাৰিব পাৰিছো নে নাই। তাৰ পিছতো ডাঙৰ ডাঙৰ শ্বট লোৱাত অসুবিধা হৈছিল।''

গতিকে সমস্যাটো কেনেকৈ সমাধান কৰিলে? ৱাৰ্নাৰে কয়- ''মই সাধাৰণতে বেটৰ অলপ তলৰ অংশৰে বল মাৰি ভাল পাওঁ। কিন্তু ভাৰতীয় উইকেটত কাম কৰা নাছিল। গতিকে আৰু ৫-৬ চে.মি.ৰ তলৰ অংশৰে খেলিবলৈ চেষ্টা কৰো। বেটৰ তলৰ ফালটো সাধাৰণতে অলপ পাতল হয়। কিন্তু মই ব্যৱহাৰ কৰা বেটখনৰ তলৰ অংশটো অলপ ডাঠ। তলৰ অংশৰ বাবেও বেটখন অলপ গধুৰ। ইয়াৰ ফলত বল মাৰিবলৈ সহজ হৈ পৰে। ৰানো পোৱা যায়।’’

ৱাৰ্নাৰে অলপ বেলেগ বেট লৈ বিশ্বকাপ খেলি থকাটো অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙৰ দৃষ্টিৰ পৰা সাৰি যোৱা নাই। অষ্ট্ৰেলিয়াৰ আন এজন প্ৰাক্তন অধিনায়ক এৰন ফিঞ্চেও ৱাৰ্নাৰৰ ভাৰতীয় বেট দেখি আচৰিত হৈছিল। বেটৰ তলৰ অংশত বহুত কাঠ আছে বুলিও তেওঁ কয়।

বিশ্বকাপত এতিয়ালৈকে ৮খন খেলত গড়ে ৫৫.৭৫ ৰানত ৪৪৬ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৱাৰ্নাৰে। তেওঁৰ বেটৰ পৰা দুশ ইনিংছ আহিল। তেওঁ ভাৰতত নিৰ্মিত বেট ব্যৱহাৰ কৰি বিশ্বকাপৰ বাকী থকা মেচসমূহত দলটোক সহায় কৰাৰ আশা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক