--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত নিৰ্মিত বেটেৰে বিশ্বকাপত উজ্বলি উঠিছে ডেভিড ৱাৰ্ণাৰ! অষ্ট্ৰেলিয়াৰ অ’পেনিং বেটছমেনগৰাকী ভাৰতত নিৰ্মিত বিশেষ বেটৰ ওপৰত নিৰ্ভৰশীল। কেইবাদিনো ফৰ্মত নাছিল ৱাৰ্নাৰ। বিশ্বকাপ দলত তেওঁৰ স্থানক লৈ প্ৰশ্ন উত্থাপন হৈছিল। বাওঁহাতৰ অ’পেনাৰগৰাকীয়ে বিশ্বকাপৰ প্ৰাৰম্ভিক পৰ্যায়তো ৰান লাভ কৰা নাছিল। কিন্তু প্ৰতিযোগিতাৰ মাজৰ পৰাই তেওঁক পুনৰ চিনাকি ৰূপত দেখা যায়। কেনেকৈ ঘূৰি আহিব ফৰ্মলৈ? বেকগ্ৰাউণ্ডত আছে এখন বিশেষ বেট। 

ৱাৰ্নাৰে বিশ্বকাপৰ ছেমি ফাইনেলৰ পূৰ্বে ফৰ্মলৈ ঘূৰি অহাৰ ৰহস্য প্ৰকাশ কৰে। অষ্ট্ৰেলিয়াত বনোৱা বেটখনেৰে তেওঁ ৰান কৰিব পৰা নাছিল। ৱাৰ্নাৰে কয়, “মই ৰান পাবলৈ চেষ্টা কৰি আছিলো। কিন্তু মই সঠিক শ্বট এটা ল’ব পৰা নাছিলো। ভাৰতৰ উইকেটত বলটো অলপ তললৈ আহে। বাউন্সৰ সৈতে মোকাবিলা কৰিবলৈ অসুবিধা হৈছিল। বেটৰ যিটো অংশৰে মই বলটো মাৰিবলৈ চেষ্টা কৰি আছিলো, সেইটো নহ’ল। পিছত মই নিজেই এটা উপায় ভাবিলোঁ।’’

ৱাৰ্নাৰে কয়, ‘মই বেটৰ মাজৰ অলপ তলৰ অংশৰে বলটো মাৰিবলৈ চেষ্টা কৰো। কাৰ্যক্ষেত্ৰত মই বেটৰ এটা নিৰ্দিষ্ট অংশত কাগজ এটুকুৰা সংলগ্ন কৰিছিলোঁ। বলিং মেচিনৰ সন্মুখত বেটৰ সেই বিশেষ অংশটোৰ সৈতে বহু সময় ধৰি খেলিবলৈ চেষ্টা কৰিছিলো। কাগজখনত থকা চিনবোৰ চাই বুজিবলৈ চেষ্টা কৰিলোঁ, বলটো সঠিক ঠাইত মাৰিব পাৰিছো নে নাই। তাৰ পিছতো ডাঙৰ ডাঙৰ শ্বট লোৱাত অসুবিধা হৈছিল।''

গতিকে সমস্যাটো কেনেকৈ সমাধান কৰিলে? ৱাৰ্নাৰে কয়- ''মই সাধাৰণতে বেটৰ অলপ তলৰ অংশৰে বল মাৰি ভাল পাওঁ। কিন্তু ভাৰতীয় উইকেটত কাম কৰা নাছিল। গতিকে আৰু ৫-৬ চে.মি.ৰ তলৰ অংশৰে খেলিবলৈ চেষ্টা কৰো। বেটৰ তলৰ ফালটো সাধাৰণতে অলপ পাতল হয়। কিন্তু মই ব্যৱহাৰ কৰা বেটখনৰ তলৰ অংশটো অলপ ডাঠ। তলৰ অংশৰ বাবেও বেটখন অলপ গধুৰ। ইয়াৰ ফলত বল মাৰিবলৈ সহজ হৈ পৰে। ৰানো পোৱা যায়।’’

ৱাৰ্নাৰে অলপ বেলেগ বেট লৈ বিশ্বকাপ খেলি থকাটো অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙৰ দৃষ্টিৰ পৰা সাৰি যোৱা নাই। অষ্ট্ৰেলিয়াৰ আন এজন প্ৰাক্তন অধিনায়ক এৰন ফিঞ্চেও ৱাৰ্নাৰৰ ভাৰতীয় বেট দেখি আচৰিত হৈছিল। বেটৰ তলৰ অংশত বহুত কাঠ আছে বুলিও তেওঁ কয়।

বিশ্বকাপত এতিয়ালৈকে ৮খন খেলত গড়ে ৫৫.৭৫ ৰানত ৪৪৬ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৱাৰ্নাৰে। তেওঁৰ বেটৰ পৰা দুশ ইনিংছ আহিল। তেওঁ ভাৰতত নিৰ্মিত বেট ব্যৱহাৰ কৰি বিশ্বকাপৰ বাকী থকা মেচসমূহত দলটোক সহায় কৰাৰ আশা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক