--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপত আৰু দুটা বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয় ৰোহিত শৰ্মাই। বেংগালুৰুত নেদাৰলেণ্ডৰ বিৰুদ্ধে আৰম্ভণিৰে পৰাই তেওঁ আক্ৰমণাত্মক বেটিং আৰম্ভ কৰিছিল। ডাঙৰ ডাঙৰ শ্বট খেলিছিল। ভাৰতীয় অধিনায়কগৰাকীয়ে ছিক্সাৰ মাৰিয়েই দুটা বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়।

কেলেণ্ডাৰ বছৰত সৰ্বাধিক ছয়ৰ অভিলেখ ৰোহিতৰ হাতত আছে। চলিত কেলেণ্ডাৰ বৰ্ষত তেওঁ ৫৯টা ছয় মাৰিছে। বছৰটো এতিয়াও শেষ হোৱা নাই। বিশ্বকাপ এতিয়াও খেলিবলৈ বাকী আছে। ৰোহিতৰ ছয়ৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

দক্ষিণ আফ্ৰিকাৰ এ বি ডি ভিলিয়াৰৰ অভিলেখ ভংগ কৰিলে ৰোহিতে। ২০১৫ চনত ডি ভিলিয়াৰ্ছে ৫৮টা ছিক্সাৰ মাৰিছিল। ২০১৯ চনত ৫৬টা ছয়ৰে তালিকাৰ তৃতীয় স্থানত আছে ৱেষ্ট ইণ্ডিজৰ ক্ৰীছ গেইলে। এই তালিকাত চতুৰ্থ স্থানত আছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ শ্বাহিদ আফ্ৰিদি। এটা কেলেণ্ডাৰ বছৰত তেওঁ ৪৮টা ছয় মাৰে।

অধিনায়ক হিচাপেও ৰোহিতে বিশ্বকাপত সৰ্বাধিক ছিক্সাৰৰ দখল কৰিছে। চলিত বিশ্বকাপত ভাৰতীয় অধিনায়কগৰাকীয়ে ২৩টা ছয় মাৰিছে। ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক ইয়ন মৰ্গানক চেৰ পেলাইছে। ২০১৯ চনৰ বিশ্বকাপত তেওঁ ২২টা ছয় মাৰে। দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক ডি ভিলিয়েৰ্ছে ২০১৫ চনৰ বিশ্বকাপত ২১টা ছয় সংগ্ৰহ মাৰিছিল। অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক এৰন ফিঞ্চ এই তালিকাত চতুৰ্থ স্থানত আছে। ২০১৯ চনৰ বিশ্বকাপত তেওঁ ১৮টা ছয় মাৰে। নিউজিলেণ্ডৰ প্ৰাক্তন অধিনায়ক ব্ৰেণ্ডন মেককালামে ২০১৫ চনৰ বিশ্বকাপত ১৭টা ছয় মাৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক