--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনাৰ পাকঘৰত থকা ধনীয়া গুড়ি, হালধিৰ গুড়ি, আৰু অন্যান্য মছলাবোৰ হয়তো আপুনি ভবাৰ দৰে নহ’বও পাৰে। দিল্লী আৰক্ষীয়ে উত্তৰ-পূব দিল্লীৰ কৰোৱাল নগৰ অঞ্চলৰ দুটা কাৰখানাত নিৰ্মাণ হৈ থকা ১৫ টন ভুৱা মছলা জব্দ কৰি এই প্ৰচেছিং ইউনিটসমূহৰ মালিককে ধৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

সন্দেহযুক্ত দিলীপ সিং (৪৬), সৰফৰাজ (৩২) - ইউনিটসমূহৰ মালিক - আৰু খুৰ্চীদ মালিক (৪২)-এ এই মিশ্ৰিত মছলাসমূহ দিল্লী/এনচিআৰৰ স্থানীয় বজাৰ আৰু বিক্ৰেতাসকলক মূল সামগ্ৰীৰ সমান দামত যোগান ধৰিছিল বুলি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই সদৰী কৰিছে।

উদ্ধাৰ কৰা মছলাসমূহৰ পৰা পচি যোৱা পাত আৰু চাউল, নষ্ট হোৱা মিলেট, কাঠৰ গুড়ি, জলকীয়াৰ ঠাৰি, নকল সামগ্ৰী উৎপাদনত ব্যৱহৃত এচিড আৰু তেল আদি উদ্ধাৰ হৈছে বুলি ডিচিপি (অপৰাধ শাখা) ৰাকেশ পাৱেৰিয়াই জানিবলৈ দিয়ে।


ডিচিপি পাৱেৰিয়াই জনোৱা মতে, উত্তৰ-পূব দিল্লীৰ কিছুমান বিশেষ নিৰ্মাতা আৰু দোকানী বিভিন্ন ব্ৰেণ্ডৰ অধীনত মিশ্ৰিত মছলাৰ উৎপাদন আৰু বিক্ৰীৰ ক্ষেত্ৰত জড়িত হোৱাৰ সন্দৰ্ভত আৰক্ষীয়ে তথ্য লাভ কৰে। এই তথ্যৰ ভিত্তিত কাম কৰি এটা দল গঠন কৰা হয়, যাৰ ফলত ১ মে'ত অভিযান চলোৱা হয়।

ভেজাল মছলা প্ৰস্তুত কৰি থকাৰ সময়তে এই অভিযানৰ কথ গম পাই পলায়নৰ চেষ্টা কৰে দিলীপ সিং আৰু সৰফৰাজে। দুয়োকে আটক কৰি জেৰা কৰিছে আৰক্ষীয়ে। 

আৰক্ষীয়ে জনোৱা মতে, ইউনিটৰ মালিকে ভেজাল মছলা উৎপাদন কৰি কেৱল জনসাধাৰণক প্ৰতাৰণা কৰাই নহয়, মানুহৰ জীৱনৰ সৈতেও খেলিছে।

জেৰাৰ সময়ত জানিব পৰা গৈছে যে ২০২১ চনত সিং আৰু সৰফৰাজে মিশ্ৰিত মছলা উৎপাদন কৰি অধিক লাভৰ বাবে নিজৰ ইউনিট স্থাপন কৰিছিল। মিশ্ৰিত মছলাৰ ব্যৱসায়ত নামি পৰাৰ পূৰ্বে তেওঁলোক কাপোৰ বিক্ৰী আৰু ক্ৰয়ৰ সৈতে জড়িত আছিল।

আৰক্ষীয়ে লগতে জনোৱা মতে, অধিক তদন্ত অব্যাহত থকাৰ সময়তে সন্দেহযুক্ত লোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু