--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপোনাৰ পাকঘৰত থকা ধনীয়া গুড়ি, হালধিৰ গুড়ি, আৰু অন্যান্য মছলাবোৰ হয়তো আপুনি ভবাৰ দৰে নহ’বও পাৰে। দিল্লী আৰক্ষীয়ে উত্তৰ-পূব দিল্লীৰ কৰোৱাল নগৰ অঞ্চলৰ দুটা কাৰখানাত নিৰ্মাণ হৈ থকা ১৫ টন ভুৱা মছলা জব্দ কৰি এই প্ৰচেছিং ইউনিটসমূহৰ মালিককে ধৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

সন্দেহযুক্ত দিলীপ সিং (৪৬), সৰফৰাজ (৩২) - ইউনিটসমূহৰ মালিক - আৰু খুৰ্চীদ মালিক (৪২)-এ এই মিশ্ৰিত মছলাসমূহ দিল্লী/এনচিআৰৰ স্থানীয় বজাৰ আৰু বিক্ৰেতাসকলক মূল সামগ্ৰীৰ সমান দামত যোগান ধৰিছিল বুলি এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই সদৰী কৰিছে।

উদ্ধাৰ কৰা মছলাসমূহৰ পৰা পচি যোৱা পাত আৰু চাউল, নষ্ট হোৱা মিলেট, কাঠৰ গুড়ি, জলকীয়াৰ ঠাৰি, নকল সামগ্ৰী উৎপাদনত ব্যৱহৃত এচিড আৰু তেল আদি উদ্ধাৰ হৈছে বুলি ডিচিপি (অপৰাধ শাখা) ৰাকেশ পাৱেৰিয়াই জানিবলৈ দিয়ে।


ডিচিপি পাৱেৰিয়াই জনোৱা মতে, উত্তৰ-পূব দিল্লীৰ কিছুমান বিশেষ নিৰ্মাতা আৰু দোকানী বিভিন্ন ব্ৰেণ্ডৰ অধীনত মিশ্ৰিত মছলাৰ উৎপাদন আৰু বিক্ৰীৰ ক্ষেত্ৰত জড়িত হোৱাৰ সন্দৰ্ভত আৰক্ষীয়ে তথ্য লাভ কৰে। এই তথ্যৰ ভিত্তিত কাম কৰি এটা দল গঠন কৰা হয়, যাৰ ফলত ১ মে'ত অভিযান চলোৱা হয়।

ভেজাল মছলা প্ৰস্তুত কৰি থকাৰ সময়তে এই অভিযানৰ কথ গম পাই পলায়নৰ চেষ্টা কৰে দিলীপ সিং আৰু সৰফৰাজে। দুয়োকে আটক কৰি জেৰা কৰিছে আৰক্ষীয়ে। 

আৰক্ষীয়ে জনোৱা মতে, ইউনিটৰ মালিকে ভেজাল মছলা উৎপাদন কৰি কেৱল জনসাধাৰণক প্ৰতাৰণা কৰাই নহয়, মানুহৰ জীৱনৰ সৈতেও খেলিছে।

জেৰাৰ সময়ত জানিব পৰা গৈছে যে ২০২১ চনত সিং আৰু সৰফৰাজে মিশ্ৰিত মছলা উৎপাদন কৰি অধিক লাভৰ বাবে নিজৰ ইউনিট স্থাপন কৰিছিল। মিশ্ৰিত মছলাৰ ব্যৱসায়ত নামি পৰাৰ পূৰ্বে তেওঁলোক কাপোৰ বিক্ৰী আৰু ক্ৰয়ৰ সৈতে জড়িত আছিল।

আৰক্ষীয়ে লগতে জনোৱা মতে, অধিক তদন্ত অব্যাহত থকাৰ সময়তে সন্দেহযুক্ত লোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ