--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতীয় লাখ লাখ লোকৰ জনপ্ৰিয় অভনেতা শ্বাহিদ কাপুৰক লৈ এতিয়া সকলো অনুৰাগী হৈ পৰিছে আপ্লুত। কাৰণ তেওঁ এজন জনপ্ৰিয় অভিনেতা আৰু সফল জীৱন সংগী হোৱাৰ উপৰি অভিনেতাগৰাকী এজন ভাল পিতৃও।

 স্বামী শ্বাহিদ কাপুৰৰ বিষয়ে পত্নী মীৰা ৰাজপুতে এক সাক্ষাৎকাৰত কয় যে ‘জীৱনৰ প্ৰতিটো খোজতে প্ৰিয়জনৰ সমৰ্থন সঁচাকৈয়ে অতি গুৰুত্বপূৰ্ণ। কাৰণ শ্বাহিদে মোক সদায় সমৰ্থন তথা সহযোগ কৰি আহিছে যাৰ বাবে মই হয়তো সুখী জীৱন-যাপন কৰিবলৈ সক্ষম হৈছো।শ্বাহিদ আৰু মই দুয়ো আমাৰ সন্তানক লৈ অত্যন্ত সুখী।’

 ২০১৫ চনত শ্বাহিদ কাপুৰ আৰু মীৰা ৰাজপুতে বিবাহপাশত আবদ্ধ হৈছিল। ২০১৬ চনত দম্পতীহালে প্ৰথম কন্যা মিছাৰ জন্মৰ বিপৰীতে ২০১৮ চনত দ্বিতীয় সন্তান পুত্ৰ জেইনৰ জন্ম হয়। পিতৃ হোৱাৰ অভিজ্ঞতা প্ৰকাশ কৰি আৱেগিক হৈ পৰা শ্বাহিদে এবাৰ এ এন আইক দিয়া এক সাক্ষাৎকাৰত কৈছিল, ‘পিতৃত্বই সঁচাকৈয়ে জীৱন সলনি কৰে। শিশুৰ উপস্থিতিয়ে মোৰ দৃষ্টিভংগী সলনি কৰিছে।’ তেওঁ লগতে কয় যে ‘কোনো পিতৃয়ে সন্তান জন্ম দিয়াৰ পাছত নিজৰ কথা ভাবিব নোৱাৰে। মোৰ লগতো এনেকুৱাই হৈছে৷ জীৱনৰ প্ৰতি মোৰ দৃষ্টিভংগী আগতকৈ বহুত সলনি হৈছে।

 প্ৰথম আৰু দ্বিতীয়বাৰৰ পিতৃ হোৱাৰ অভিজ্ঞতাৰ মাজত পাৰ্থক্য কি আছিল? এনে এটা প্ৰশ্নৰ উত্তৰত শ্বাহিদ কাপুৰে মিড ডেৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে দ্বিতীয়বাৰৰ অনুভৱ প্ৰথমবাৰৰ তুলনাত সম্পূৰ্ণ বেলেগ। মই ভাবো এতিয়া মই দুই সন্তানৰ পিতৃ, মই বহুত শান্ত আৰু অধিক অভিজ্ঞ হৈ পৰিছো।' এবাৰ শ্বাহিদে ফিল্মফেয়াৰৰ সৈতে হোৱা বাৰ্তালাপত কৈছিল, ‘পিতৃ-মাতৃত্ব সমানেই ‘সুন্দৰ’ আৰু ‘হতাশাজনন’! পিতৃ হোৱালৈকে মই যথেষ্ট আত্মকেন্দ্ৰিক আছিলো। মই যদিও ভাবো, মই সদায় নিঃস্বাৰ্থ হৈ আহিছো। কিন্তু যেতিয়া মই এজন পিতৃ হওঁ, তেতিয়া উপলব্ধি কৰিব পাৰো যে মই ইমানদিনে স্বাৰ্থপৰ হৈ আছো। শ্বাহিদে লগতে কৈছিল, ‘এতিয়া মই নিজৰ বিষয়েও বেছি নাভাবো। এতিয়া প্ৰথমে সন্তানৰ কথা ভাবিব লাগিব। মই যিয়েই নকৰোঁ বা যিমানেই ব্যস্ত নহওঁ কিয়, পিতৃ হোৱাৰ পাছত জীৱনৰ প্ৰথম অগ্ৰাধিকাৰ পৰিয়ালকেই দিয়া হয়।'

 কিন্তু পিতৃ-মাতৃত্ব কিয় হতাশাজনক? শ্বাহিদে কয় যে কেতিয়াবা পিতৃ-মাতৃত্ব হতাশাজনক হৈ পৰে কাৰণ বেছিভাগ মানুহে পৰিয়াল আৰু সন্তানৰ কথা চিন্তা কৰি নিজৰ বাবে সময় উলিয়াবলৈ পাহৰি যায়। এয়া মূলতঃ হতাশাজনক। কেতিয়াবা নিজৰ কথাও শুনিবলগীয়া। ময়ো কেতিয়াবা এই বিষয়টোক লৈ নিজৰ ওপৰতে খং উঠে।

 এজন পিতৃ হিচাপে শ্বাহিদ কাপুৰ কেনেকুৱা? এই প্ৰশ্নৰ উত্তৰত মীৰা ৰাজপুতে সংবাদ মাধ্যমৰ আগত এনেদৰে কয়-‘শ্বাহিদ এজন অতি ধৈৰ্য্যশীল পিতৃ। ল’ৰা-ছোৱালীক বহুত ভাল পায় আৰু পৰ্যাপ্ত সময় দিবলৈ চেষ্টা কৰে। আজৰি সময়খিনি সন্তানৰ লগত কটাবলৈ তেওঁ ভালপায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ