--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বিশ্বকাপ ক্ৰিকেট ২০২৩ৰ ফাইনেল মেচ অনুষ্ঠিত হ’ব। ইয়াকে লৈ দেশবাসী উৎকণ্ঠিত হৈ পৰিছে। সমুখ সমৰত নামিব ভাৰত আৰু অষ্ট্ৰেলিয়া। ভাৰতৰ হাতত বিশ্বকাপ চাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে সমগ্ৰ দেশবাসী।

আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বকাপৰ মেগা ফাইনেল। ৰোহিত শৰ্মাৰ হাতত বিশ্বকাপ চাবলৈ সমগ্ৰ দেশবাসী অপেক্ষা কৰি আছে। কিন্তু বিশ্বকাপৰ ট্ৰফীটোৰ বিষয়ে বহুতেই নাজানে। এই ট্ৰফীটো কেনেকৈ নিৰ্মাণ কৰা হয় জানো আহক। 

সমগ্ৰ বিশ্বৰ দলসমূহে সপোন দেখা বিশ্বকাপ ট্ৰফী নিৰ্মাণৰ কাহিনীও কম আকৰ্ষণীয় নহয়। আমি দেখি থকা বিশ্বকাপৰ ট্ৰফীটো আগতে এনেকুৱা নাছিল। ক্ৰিকেট বিশ্বকাপৰ প্ৰথম ছটা ছিজনত প্ৰতিবাৰেই বিজয়ীক বিভিন্ন ডিজাইনৰ ট্ৰফী প্ৰদান কৰা হৈছিল যদিও ১৯৯৬ চনৰ পৰা আই চি চিয়ে নতুন ট্ৰফীৰ জন্ম দিছিল।

১৯৭৫ চনত ক্ৰিকেট বিশ্বকাপ আৰম্ভ হৈছিল, এই ট্ৰফী বৰ্তমানৰ দৰে দিয়া হোৱা নাছিল। বৰ্তমানৰ এই ট্ৰফীটো ১৯৯৯ চনৰ পৰাই চলি আহিছে। ইয়াৰ পূৰ্বে প্ৰতিখন বিজয়ী দেশক সুকীয়াকৈ ডিজাইন কৰা ট্ৰফী প্ৰদান কৰা হৈছিল।

বৰ্তমান আমি দেখা বিশ্বকাপ ট্ৰফীটোৰ ডিজাইন কৰিছিল লণ্ডনৰ গেৰেৰ্ড এণ্ড কোম্পানীৰ পল মাৰ্ছডেনে। এই ট্ৰফীৰ ওজন ১১ কেজি আৰু উচ্চতা ৬০ চে.মি। পূৰ্বৰ সকলো বিশ্বকাপৰ ট্ৰফীতকৈ এই ট্ৰফীৰ উচ্চতা বহু বেছি। বিশ্বকাপৰ ট্ৰফীটো সোণ আৰু ৰূপেৰে নিৰ্মাণ কৰা হয়। ট্ৰফীটোৰ ৰং আৰু স্থায়িত্ব বৃদ্ধিৰ বাবে সোণ-ৰূপৰ পানীত কেইবাবাৰো ডুবাই দিয়া হয়। 

ট্ৰফীৰ ওপৰত এটা গোলাকাৰ গ্ল’ব ৰখা হয়। যিয়ে একেলগে বল আৰু পৃথিৱীক বুজায়। এই গ্ল’বটো তিনিটা স্তম্ভত স্থাপন কৰা হৈছে। এই স্তম্ভবোৰক ষ্টাম্প হিচাপে গণ্য কৰা হয়। তলত এটা বৃত্তাকাৰ ভিত্তি আছে য’ত বছৰ আৰু বিজয়ী দলৰ নাম লিখা থাকে। তিনিটা ৰূপৰ ষ্টাম্প, বে'ল, বৃত্তাকাৰ ডিস্কত লগোৱা আছে। এই বিশ্বকাপ ট্ৰফীৰ তলত আছে ICCৰ ল’গ’।

বিশ্বকাপৰ ট্ৰফী বনোৱাত বহুতৰে হাত আছে। ইয়াৰ মূল তিনিটা পৰ্যায় আছে। প্ৰথমে ডিজাইন, তাৰ পিছত মেনুফেকচাৰিং আৰু শেষত খোদিত কৰা হয়। ট্ৰফী নিৰ্মাণ কৰা কোম্পানীটোৰ পৰিচালক ষ্টিভেন অটৱিলে কয় যে ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী ডিজাইন কৰাটো আমাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল কাৰণ আমি বিশ্বক এনেকুৱা কাপ দিবলৈ ওলাইছিলো যিটো বিশ্বমানৰ দেখা যাব।

 ইয়াৰ ডিজাইন আছিল আটাইতকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ অনন্য ডিজাইনৰ বাবে অটৱিলৰ দলটোৱে বহু কাম কৰিছিল। ডিজাইন মেনেজাৰ জো ক্লাৰ্কে কয়, ‘আপুনি দেখা ট্ৰফীটো সৃষ্টি কৰাত বহুত কঠোৰ পৰিশ্ৰম কৰা হৈছিল। আমি এনেকুৱা এটা বস্তু বনাব বিচাৰিছিলো য’ত ক্ৰিকেট বল, ষ্টাম্প আদি ক্ৰিকেট সম্পৰ্কীয় বস্তুবোৰ দেখা পোৱা যায়। প্ৰথমে আমি কাগজত স্কেচ প্ৰস্তুত কৰিলোঁ আৰু তাৰ পিছত কম্পিউটাৰত চূড়ান্ত স্পৰ্শ দিলোঁ।

ক্ৰিকেট বিশ্বকাপ ট্ৰফীৰ গ্ল’ব অংশত সমগ্ৰ বিশ্বৰ এখন মানচিত্ৰ দেখা যায়, যিটো ডেভিদ বেডফোৰ্ডে নিজেই নিজৰ হাতেৰে নিৰ্মাণ কৰিছে। বিশ্বকাপ ট্ৰফীৰ আনুমানিক মূল্য ৩০ হাজাৰ ডলাৰ। বৰ্তমানৰ আই চি চি ট্ৰফীটো বিশ্বৰ শীৰ্ষ ১০ টা দামী ক্ৰীড়া ট্ৰফীৰ ভিতৰত অন্যতম, ইয়াৰ দাম ভাৰতীয় মূল্য হিচাপত প্ৰায় ২৫ লাখ টকা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক