--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বিশ্বকাপ ক্ৰিকেট ২০২৩ৰ ফাইনেল মেচ অনুষ্ঠিত হ’ব। ইয়াকে লৈ দেশবাসী উৎকণ্ঠিত হৈ পৰিছে। সমুখ সমৰত নামিব ভাৰত আৰু অষ্ট্ৰেলিয়া। ভাৰতৰ হাতত বিশ্বকাপ চাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে সমগ্ৰ দেশবাসী। আইচিচিৰ এদিনীয়া বিশ্বকাপ ২০২৩ আৰম্ভ হোৱাৰ এমাহৰো অধিক হ’ল৷ ৫ অক্টোবৰত প্ৰথমখন খেল অনুষ্ঠিত হয় আৰু আজি ১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব চূড়ান্ত খেলখন। 

এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো দলকে আইচিচিয়ে ধন প্ৰদান কৰিব। বহু আগতেই এই কথা ঘোষণা কৰিছিল ক্ৰিকেট ব’ৰ্ডে। সকলো দলকে তেওঁলোকৰ প্ৰদৰ্শন অনুসৰি ধন দিয়া হয়। ছেমি ফাইনেলত প্ৰৱেশ কৰা দলটোৱে সুকীয়াকৈ পুৰস্কাৰৰ ধন লাভ কৰিব। যিটো দলক প্ৰতিযোগিতাৰ বিজয়ী ঘোষণা কৰা হ’ব সেই দলটোক সৰ্বাধিক ধন দিয়া হ’ব। আপোনালোকক ক'ম যে এই প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱা দলবোৰে কিমান টকা লাভ কৰিব আৰু এই মেচখনৰ বিজয়ী হোৱা দলটোৱে কিমান টকা উপাৰ্জন কৰিব।

২০২৩ চনৰ বিশ্বকাপৰ বাবে পুৰস্কাৰ ধন ঘোষণা কৰিছে আই চি চিয়ে। ভাৰতীয় টকাৰ হিচাপত ক’বলৈ গ’লে বিশ্বকাপ জয়ী হোৱা দলটোৱে লাভ কৰিব প্ৰায় ৩৩ কোটি ১৭ লাখ টকা। একে সময়তে ফাইনেলত পৰাস্ত হোৱা দলটোৱে লাভ কৰিব প্ৰায় ১৬ কোটি ৫৮ লাখ টকা। গ্ৰুপ পৰ্যায়ৰ পিছত বাহিৰ হোৱা দলটোৱে লাভ কৰিব ১ লাখ ডলাৰ।

এই প্ৰতিযোগিতাৰ সময়ত প্ৰতিখন খেলৰ সময়ত যি দলে বিজয়ী হয়, সেই দলে সেই এখন খেলৰ বাবে অতিৰিক্ত ৪০,০০০ মাৰ্কিন ডলাৰ (প্ৰায় ৩৩ লাখ টকা) লাভ কৰিব। ছেমি ফাইনেল আৰু ফাইনেলৰ পুৰস্কাৰ ধনৰ কথা ক’বলৈ গ’লে বিশ্বকাপ বিজয়ী দলটোৱে ৪০ লাখ ডলাৰ (প্ৰায় ৩৩.১৭ কোটি টকা) পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ দলে ২০ লাখ ডলাৰ (প্ৰায় ১৬.৫৮ কোটি টকা) পুৰস্কাৰ লাভ কৰিব। ছেমি ফাইনেলত পৰাস্ত হোৱা দুয়োটা দলে সমান পৰিমাণৰ আঠ লাখ ডলাৰ (প্ৰায় ৬.৬৩ কোটি টকা) লাভ কৰিব। শেষত নকআউটত প্ৰৱেশ কৰিব নোৱাৰা দলবোৰকো ১ লাখ মাৰ্কিন ডলাৰ দিয়া হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক