--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ক’ভিড-১৯ সৈতে মোকাবিলা কৰিবলৈ ভাৰতত প্ৰায় দুটাকৈ লকডাউন ঘোষণা কৰা হৈছিল৷ বৰ্তমান ক’ভিডৰ ভয়াৱহতা কমিছে যদিও ই সম্পূৰ্ণৰূপে নিৰ্মূল হোৱা নাই৷ এনে সময়তে হঠাৎ টুইটাৰত চৰ্চিত হৈছে  'India Lockdown'৷ লগে-লগে শংকিত হৈ পৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল৷ 

কিন্তু  সৌভাগ্যবশতঃ প্ৰকৃততে কোনো লকডাউন ঘোষণা হোৱা নাই ভাৰতবৰ্ষত৷ দৰাচলতে  চলচ্চিত্ৰ নিৰ্মাতা মধুৰ ভাণ্ডাৰকাৰে একে নামৰে এখন ছবি পৰিচালনা কৰিছে ৷ এই ছবিখন  অ’টিটিত প্লেটফৰ্মত মুক্তি  পাবলৈ ওলাইছে।


 কালি ছবিখনৰ এটা টিজাৰ মুক্তি পোৱাৰ পিছতে নেটিজেনে Lockdown India  ট্ৰেণ্ডিং কৰিবলৈ ধৰিছিল। আৰু এই ট্ৰেণ্ডিঙেই এতিয়া বিপাঙত পেলাইছে জনতাক৷ 
 
২ ডিচেম্বৰত Zee5 ত  ছবিখনৰ প্ৰিমিয়াৰ হ’ব৷ 
ছবিখনৰ জৰিয়তে লকডাউনৰ বাস্তৱ ৰূপটো প্ৰতিফলিত কৰা হৈছে৷ উক্ত চিনেমাখনৰ ট্ৰেইলাৰত  প্ৰব্ৰজিত শ্ৰমিকৰ দুৰ্দশা , কোনোদিন নাম নুশুনা ৰোগ এটাৰ মোকাবিলা কৰিবলৈ যাওঁতে মানুহে সন্মুখীন হোৱা জটিলতা, লকডাউনে সাধাৰণ মানুহৰ জীৱনলৈ নমাই অনা ভয়াৱহতাখিনিও ফুটাই তোলা হৈছে৷ 

লকডাউনৰ পিছত লাহে লাহে আমাৰ জীৱন স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যদিও এতিয়াও লকডাউন বুলিলে শংকিত হৈ উঠোঁ৷ কাৰণ লকডাউনৰ অভিজ্ঞতাখিনি বহুতৰ বাবে ভয়াৱহ আছিল৷। সেয়েহে টুইটাৰত এই ট্ৰেণ্ড দেখি আতংকিত হৈ পৰিল বহুলোক৷ আনফালে এচামে আকৌ সৃষ্টি কৰিলে মীমৰো ৷ অৱশ্যে এনেদৰে ধেমালিৰ জৰিয়তে প্ৰচাৰ চলোৱাৰ বাবে Zee5 ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলে ক্ষমাও বিচাৰে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু