--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ক’ভিড-১৯ সৈতে মোকাবিলা কৰিবলৈ ভাৰতত প্ৰায় দুটাকৈ লকডাউন ঘোষণা কৰা হৈছিল৷ বৰ্তমান ক’ভিডৰ ভয়াৱহতা কমিছে যদিও ই সম্পূৰ্ণৰূপে নিৰ্মূল হোৱা নাই৷ এনে সময়তে হঠাৎ টুইটাৰত চৰ্চিত হৈছে  'India Lockdown'৷ লগে-লগে শংকিত হৈ পৰিছে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল৷ 

কিন্তু  সৌভাগ্যবশতঃ প্ৰকৃততে কোনো লকডাউন ঘোষণা হোৱা নাই ভাৰতবৰ্ষত৷ দৰাচলতে  চলচ্চিত্ৰ নিৰ্মাতা মধুৰ ভাণ্ডাৰকাৰে একে নামৰে এখন ছবি পৰিচালনা কৰিছে ৷ এই ছবিখন  অ’টিটিত প্লেটফৰ্মত মুক্তি  পাবলৈ ওলাইছে।


 কালি ছবিখনৰ এটা টিজাৰ মুক্তি পোৱাৰ পিছতে নেটিজেনে Lockdown India  ট্ৰেণ্ডিং কৰিবলৈ ধৰিছিল। আৰু এই ট্ৰেণ্ডিঙেই এতিয়া বিপাঙত পেলাইছে জনতাক৷ 
 
২ ডিচেম্বৰত Zee5 ত  ছবিখনৰ প্ৰিমিয়াৰ হ’ব৷ 
ছবিখনৰ জৰিয়তে লকডাউনৰ বাস্তৱ ৰূপটো প্ৰতিফলিত কৰা হৈছে৷ উক্ত চিনেমাখনৰ ট্ৰেইলাৰত  প্ৰব্ৰজিত শ্ৰমিকৰ দুৰ্দশা , কোনোদিন নাম নুশুনা ৰোগ এটাৰ মোকাবিলা কৰিবলৈ যাওঁতে মানুহে সন্মুখীন হোৱা জটিলতা, লকডাউনে সাধাৰণ মানুহৰ জীৱনলৈ নমাই অনা ভয়াৱহতাখিনিও ফুটাই তোলা হৈছে৷ 

লকডাউনৰ পিছত লাহে লাহে আমাৰ জীৱন স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যদিও এতিয়াও লকডাউন বুলিলে শংকিত হৈ উঠোঁ৷ কাৰণ লকডাউনৰ অভিজ্ঞতাখিনি বহুতৰ বাবে ভয়াৱহ আছিল৷। সেয়েহে টুইটাৰত এই ট্ৰেণ্ড দেখি আতংকিত হৈ পৰিল বহুলোক৷ আনফালে এচামে আকৌ সৃষ্টি কৰিলে মীমৰো ৷ অৱশ্যে এনেদৰে ধেমালিৰ জৰিয়তে প্ৰচাৰ চলোৱাৰ বাবে Zee5 ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলে ক্ষমাও বিচাৰে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক