--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়ালৈ গৈছে কিম জং উন৷ আকাশীপথেৰে নহয়, ৰেলযাত্ৰা কৰিছে উত্তৰ কোৰিয়াৰ একচ্ছত্ৰী শাসকজনে৷ কিন্তু দক্ষিণ এছিয়াৰ এখন দেশৰ পৰা পূব ইউৰোপৰ ৰাছিয়াৰ ৰাজধানী মস্কোলৈ কিয় ৰেলযাত্ৰা কৰিলে তেওঁ! কিন্তু কিমৰ ৰেলযাত্ৰা নতুন নহয়৷ দেশ বিদেশ ভ্ৰমিবলৈ কিমৰ আছে ব্যক্তিগত ৰেল৷

২০১৯ চনত কিমে এই বিলাসী ৰেলযোগে ভিয়েটনামৰ হানয়ত উপস্থিত হয়। হালধীয়া ৰেখাৰে গঢ় লৈ উঠা গাঢ় সেউজীয়া ৰেলখন বিলাসী হোটেলতকৈও কম নহয়। উত্তৰ কোৰিয়া চৰকাৰৰ এক সূত্ৰই জনোৱা মতে, কিমৰ বিলাসী জীৱনশৈলীৰ লগত সংগতি ৰাখি এই বিশেষ ৰে’লখন নিৰ্মাণ কৰা হৈছে।

২১টা কোঠাৰ এই ৰে’লখনত বহুতো বিলাসী কোঠা আছে। বেছিভাগ কোঠাতে গোলাপী চামৰাৰে আবৃত ডাঙৰ ডাঙৰ চকী, বিশাল টিভিৰ পৰ্দা। ৰেলৰ ডবাবোৰ শেঁতা গোলাপী ৰঙৰ পৰ্দাৰে ঢাকি থোৱা আছে। ৰেলখনত খাদ্যৰ বাবে যথেষ্ট ঠাই আছে। শুবলৈ সুকীয়া কোঠা। এটা কোঠাত বিলাসী গাড়ী আছে। ইয়াৰ উপৰিও চেটেলাইট ফোন ব্যৱস্থা আছে, যাতে কিমে প্ৰয়োজন হ’লে দেশৰ বিষয়াসকলৰ সৈতে শীঘ্ৰে পৰামৰ্শ ল’ব পাৰে।

তাৰ আগতে কিমেও এই ৰেলখনত উঠি চীনলৈ গৈছিল। কিন্তু কিম অকলশৰীয়া নহয়, দেউতাকেও ৰেলযোগে বিদেশ ভ্ৰমণ কৰিছিল। প্ৰয়াত শাসক কিম জং ইলে আকাশলৈ ভয় খাইছিল। ১৯৯৪-২০১১ চনৰ শাসনকালত কিমৰ পিতৃয়ে ৭বাৰ চীন ভ্ৰমণ কৰিছিল। আৰু তিনিবাৰ ৰাছিয়ালৈ গৈছিল।

সমগ্ৰ ৰেলখন ষ্টীলৰ শ্বীট আৰু বুলেটপ্ৰুফেৰে আবৃত। গধুৰতাৰ বাবে গতি কেতিয়াও ঘণ্টাত ৬০ কিলোমিটাৰতকৈ বেছি নহয়। জৰুৰীকালীন অৱস্থাত সশস্ত্ৰ বাহন আৰু হেলিকপ্টাৰো ৰেলখনত থাকে। 

উত্তৰ কোৰিয়া চৰকাৰৰ সূত্ৰই দাবী কৰিছে যে ২০১১ চনত এনে এখন ৰে’লতে হাৰ্ট এটেকত কিম জং ইলৰ মৃত্যু হৈছিল। একেধৰণৰ চেহেৰাৰ কেইবাখনো ৰে’ল আছে কিম শাসকবৰ্গৰ। পিয়ংইয়াঙৰ বিশেষ কাৰখানাত নিৰ্মাণ কৰা হয় এইসমূহ। কিমৰ প্ৰবৰ ককাক কিম ইল-ছুঙেও এই ৰেলেৰে যাত্ৰা কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা