--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়ালৈ গৈছে কিম জং উন৷ আকাশীপথেৰে নহয়, ৰেলযাত্ৰা কৰিছে উত্তৰ কোৰিয়াৰ একচ্ছত্ৰী শাসকজনে৷ কিন্তু দক্ষিণ এছিয়াৰ এখন দেশৰ পৰা পূব ইউৰোপৰ ৰাছিয়াৰ ৰাজধানী মস্কোলৈ কিয় ৰেলযাত্ৰা কৰিলে তেওঁ! কিন্তু কিমৰ ৰেলযাত্ৰা নতুন নহয়৷ দেশ বিদেশ ভ্ৰমিবলৈ কিমৰ আছে ব্যক্তিগত ৰেল৷

২০১৯ চনত কিমে এই বিলাসী ৰেলযোগে ভিয়েটনামৰ হানয়ত উপস্থিত হয়। হালধীয়া ৰেখাৰে গঢ় লৈ উঠা গাঢ় সেউজীয়া ৰেলখন বিলাসী হোটেলতকৈও কম নহয়। উত্তৰ কোৰিয়া চৰকাৰৰ এক সূত্ৰই জনোৱা মতে, কিমৰ বিলাসী জীৱনশৈলীৰ লগত সংগতি ৰাখি এই বিশেষ ৰে’লখন নিৰ্মাণ কৰা হৈছে।

২১টা কোঠাৰ এই ৰে’লখনত বহুতো বিলাসী কোঠা আছে। বেছিভাগ কোঠাতে গোলাপী চামৰাৰে আবৃত ডাঙৰ ডাঙৰ চকী, বিশাল টিভিৰ পৰ্দা। ৰেলৰ ডবাবোৰ শেঁতা গোলাপী ৰঙৰ পৰ্দাৰে ঢাকি থোৱা আছে। ৰেলখনত খাদ্যৰ বাবে যথেষ্ট ঠাই আছে। শুবলৈ সুকীয়া কোঠা। এটা কোঠাত বিলাসী গাড়ী আছে। ইয়াৰ উপৰিও চেটেলাইট ফোন ব্যৱস্থা আছে, যাতে কিমে প্ৰয়োজন হ’লে দেশৰ বিষয়াসকলৰ সৈতে শীঘ্ৰে পৰামৰ্শ ল’ব পাৰে।

তাৰ আগতে কিমেও এই ৰেলখনত উঠি চীনলৈ গৈছিল। কিন্তু কিম অকলশৰীয়া নহয়, দেউতাকেও ৰেলযোগে বিদেশ ভ্ৰমণ কৰিছিল। প্ৰয়াত শাসক কিম জং ইলে আকাশলৈ ভয় খাইছিল। ১৯৯৪-২০১১ চনৰ শাসনকালত কিমৰ পিতৃয়ে ৭বাৰ চীন ভ্ৰমণ কৰিছিল। আৰু তিনিবাৰ ৰাছিয়ালৈ গৈছিল।

সমগ্ৰ ৰেলখন ষ্টীলৰ শ্বীট আৰু বুলেটপ্ৰুফেৰে আবৃত। গধুৰতাৰ বাবে গতি কেতিয়াও ঘণ্টাত ৬০ কিলোমিটাৰতকৈ বেছি নহয়। জৰুৰীকালীন অৱস্থাত সশস্ত্ৰ বাহন আৰু হেলিকপ্টাৰো ৰেলখনত থাকে। 

উত্তৰ কোৰিয়া চৰকাৰৰ সূত্ৰই দাবী কৰিছে যে ২০১১ চনত এনে এখন ৰে’লতে হাৰ্ট এটেকত কিম জং ইলৰ মৃত্যু হৈছিল। একেধৰণৰ চেহেৰাৰ কেইবাখনো ৰে’ল আছে কিম শাসকবৰ্গৰ। পিয়ংইয়াঙৰ বিশেষ কাৰখানাত নিৰ্মাণ কৰা হয় এইসমূহ। কিমৰ প্ৰবৰ ককাক কিম ইল-ছুঙেও এই ৰেলেৰে যাত্ৰা কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ