--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনৰ ছি জিনপিং চৰকাৰে সদাব্যস্ত বেইজিঙক ‘আৰাম’ দিব বিচাৰিছে। আৰু সেই কাৰণেই চীনে ছবছৰ পূৰ্বে এখন নতুন অত্যাধুনিক চহৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু ছয় বছৰৰ পাছতো চীনৰ "সপোনৰ চহৰ" জিয়ং'আন এতিয়াও ইটা, কাঠ, শিলেৰে ভৰা নিৰ্মাণ স্থান হৈয়ে আছে।

আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ এটা দলৰ মতে, জিয়ং’আনৰ ধীৰ বিকাশে প্ৰমাণ কৰে যে চীনৰ অৰ্থনীতিয়ে ভাৰসাম্য হেৰুৱাইছে। বিভিন্ন খবৰ অনুসৰি চলিত বৰ্ষৰ মে’ মাহৰ পৰা জিয়ংয়ান নিৰ্মাণত পলম হোৱাক লৈ প্ৰশ্ন উত্থাপন হৈছে। আৰু ইয়াৰ পিছতে ৰাষ্ট্ৰপতি ছিয়ে নিজেই নিৰ্মাণৰত চহৰখন ভ্ৰমণ কৰে।

চীন চৰকাৰৰ কেন্দ্ৰীয় সমিতি আৰু চীন কমিউনিষ্ট পাৰ্টি (চিচিপি)ৰ প্ৰত্যক্ষ তত্বাৱধানত জিয়ংআন প্ৰকল্প নিৰ্মাণ কৰা হৈছে। আৰু সেইবাবেই ছি খৰখেদাকৈ জিয়ংয়ানলৈ গ’ল।

চীনৰ সংবাদ মাধ্যমৰ মতে, নিৰ্মাণাধীন চহৰখনৰ কিছু অংশ ইতিমধ্যে ধ্বংসাৱশেষলৈ পৰিণত হৈছে। কিন্তু জিয়ং’আন ভ্ৰমণ কৰাৰ পিছত সকলোকে আচৰিত কৰি ছিয়ে দাবী কৰে যে চহৰখনৰ নিৰ্মাণৰ কাম নিখুঁতভাৱে আগবাঢ়িছে।

জিয়ংইয়াঙৰ পৰা উভতি অহাৰ পিছত ছিয়ে কয় যে জিয়ংয়ান চহৰ নিৰ্মাণ কৰাটো এটা ডাঙৰ পৰিকল্পনা। চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈছে। অধৈৰ্য্য হৈ নাথাকিব। সঠিক ফলাফল পাবলৈ আমি দীৰ্ঘদিন ধৰি কঠোৰ পৰিশ্ৰম কৰিব লাগিব।”

জিয়ংয়ান সৃষ্টি কৰাৰ ধাৰণাটো আছিল জিংপিঙৰ মগজুৰ সৃষ্টি। ২০১৭ চনৰ পৰাই এই চহৰখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল। শ্বেনজেন বা চাংহাইতকৈ চহৰখনক অধিক অত্যাধুনিক কৰি তোলাটোৱেই হৈছে তেওঁৰ ইচ্ছা।

বেইজিঙৰ পৰা ১০০ কিলোমিটাৰ দক্ষিণ-পশ্চিমে হেবেই প্ৰদেশৰ বাওডিং অঞ্চলত নিৰ্মাণ কৰা হৈছে জিয়ংয়ান। ১৭৭০ বৰ্গ কিলোমিটাৰৰ এই চহৰখনে ভৱিষ্যতে চীনৰ নতুন অৰ্থনৈতিক কেন্দ্ৰ হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে।

চৰকাৰে এই চহৰখন সৃষ্টি কৰাৰ কথা ঘোষণা কৰাৰ পাছত এই চহৰখন ইমানেই উন্নত হ’ব যে চালকবিহীন বৈদ্যুতিক বাছ থাকিব বুলিও ঘোষণা কৰা হ’ল৷ ডাঙৰ ডাঙৰ আধুনিক অট্টালিকা, ৰাস্তা-ঘাট, শ্বপিং মল থাকিব।

সেই দেশৰ চৰকাৰী সূত্ৰৰ মতে ছিয়ে জিয়ংইয়াঙক প্ৰকৃত ডিজিটেল চহৰলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে। মহানগৰীৰ প্ৰতিটো চুকতে যান-বাহন নিৰীক্ষণ কৰিব পৰাকৈ চেন্সৰ আৰু ৰবট থাকিব।

কিন্তু চহৰখন সৃষ্টিৰ আঁৰৰ মূল যুক্তি আছিল বেইজিঙৰ যানজঁটৰ সমস্যা দূৰ কৰিবলৈ ২০৩৫ চনৰ ভিতৰত বেইজিঙৰ পৰা জিয়ং’আনলৈ অতিৰিক্ত চৰকাৰী কাৰ্যালয় স্থানান্তৰ কৰা।

ছি জিনপিঙে বিচাৰে যে আই টি কোম্পানীসমূহে পাৰ্ল ৰিভাৰ ডেল্টাৰ পৰিৱৰ্তে জিয়ং’আনত নতুন কাৰ্যালয় নিৰ্মাণ কৰক। ফলত পাৰ্ল ৰিভাৰ ডেল্টাত চাপো কমি যাব।

কিন্তু ছবছৰত চহৰখন নিৰ্মাণৰ কাম সেইদৰে আগবাঢ়িব পৰা নাছিল। ২০১৯ বৰ্ষৰ পৰা এই চহৰখনৰ নিৰ্মাণৰ গতিক লৈ প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিলে। ছিৰ ‘ড্ৰিম প্ৰজেক্ট’ক লৈ সৰ্বসাধাৰণ ৰাইজৰ মনত সন্দেহ বাঢ়িবলৈ ধৰিলে।

"দ্য ইকনমিষ্ট" কাকতৰ প্ৰতিবেদন অনুসৰি জিয়ং'আন চহৰৰ পথসমূহ এতিয়াও ইটোৱে সিটোৰ লগত সংযোগ কৰা হোৱা নাই। তথাপিও চহৰখন যেন নিৰ্জীৱ। বহুতে দাবী কৰে যে এই চহৰখন ৰাতিৰ আন্ধাৰত ‘ভূতৰ দৰে’ দেখা যায়।

চীনৰ নতুনকৈ নিৰ্মাণ কৰা চহৰসমূহত ধন ঢালিছে চীনৰ আগশাৰীৰ আই টি কোম্পানীয়ে। সেই ধন অহা বন্ধ নহয়, সেইবাবেই ছি জিনপিং চৰকাৰে এই প্ৰকল্পটোৰ সৈতে খেলা-ধূলা কৰি আছে বুলি আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ এটা দলে কয়।

চীনৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি সেই দেশৰ চৰকাৰে ইতিমধ্যে ৭৮ বিলিয়ন ডলাৰ ব্যয় কৰি ‘সপোনৰ চহৰ’ নিৰ্মাণ কৰিছে। কিন্তু সেয়া কৰা কামৰ আধাও নহয়।
 
এই অঞ্চলটোক বসবাসযোগ্য কৰি তুলিবলৈ বহু কোটি টকা খৰচ হ’ব বুলি অনুমান কৰা হৈছে। চীন চৰকাৰে কয় যে যদিও আৰম্ভণিৰে পৰা এই কাম জোৰদাৰভাৱে আৰম্ভ হৈছিল, তথাপিও ক’ৰ’না পৰিস্থিতিৰ বাবে জিয়ংয়ান বনোৱাৰ গতি বন্ধ হৈ গৈছে। অৱশ্যে ছি জিনপিং চৰকাৰে বাকী কাম শীঘ্ৰে সম্পূর্ণ হ’ব বুলি আশ্বাস দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক