--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিশ্বৰ বহু দেশত গাঁজা ৰখা বা খোৱা সম্পূৰ্ণভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। গাঞ্জাই এজন ব্যক্তিক কেনেদৰে প্ৰভাৱিত কৰে? এই কথা জানিবলৈ বিজ্ঞানীসকলে এটা গৱেষণা চলায়। এই গৱেষণাত বিজ্ঞানীসকলে লাভ কৰা ফলাফল আছিল অতি আচৰিত। এই গৱেষণাত বিজ্ঞানীসকলে ৮০খন গৱেষণাপত্ৰ অধ্যয়ন কৰি সেই অনুসৰি নিজৰ সিদ্ধান্ত আগবঢ়াইছিল।

 গৱেষণাত কি পোৱা গৈছিল?

ভাঙে মানুহৰ ওপৰত বিভিন্ন ধৰণে প্ৰভাৱ পেলায়। গাঞ্জাৰ প্ৰভাৱ নিৰ্ভৰ কৰে এজন ব্যক্তিৰ সামৰ্থ্য, খাদ্যাভ্যাস আৰু স্বাস্থ্যৰ ওপৰত। অষ্ট্ৰেলিয়াৰ ছিডনী বিশ্ববিদ্যালয়ৰ চাইকোফাৰ্মাক’লজিষ্ট লেন মেকক্ৰেইগাৰে ব্যাখ্যা কৰিছে যে যদি কোনো ব্যক্তিয়ে ভাং সেৱন কৰে তেন্তে তেওঁৰ শৰীৰত কেইবা সপ্তাহ ধৰি টেট্ৰাহাইড্ৰ’কেনাবিনল (THC) নামৰ ৰাসায়নিক পদাৰ্থ এটা থাকে। ভাঙত এই ৰাসায়নিক পদাৰ্থ পোৱা যায়। এই ৰাসায়নিক পদাৰ্থৰ ফলত মানুহ আসক্ত হৈ পৰে যদিও এই ৰাসায়নিক পদাৰ্থই মানুহক মাত্ৰ কেইঘণ্টামানৰ বাবেহে নিচাত আবদ্ধ কৰি ৰাখিব পাৰে, কিন্তু ইয়াৰ উপস্থিতি শৰীৰত বহুদিনলৈকে পোৱা যায়।

 গাঞ্জাৰ প্ৰভাৱ কিমান দিন থাকে?

৮০টা ভিন্ন ধৰণৰ অধ্যয়ন কৰি বিজ্ঞানীসকলে এই সিদ্ধান্তত উপনীত হৈছে যে ভাঙৰ নিচা ৩ৰ পৰা ১০ ঘণ্টালৈকে থাকে। গৱেষণাৰ নেতৃত্ব দিয়া ইউনিভাৰ্চিটি অব ছিডনীৰ পুষ্টিবিদ ডেনিয়েল মেককাৰ্থনীয়ে কয় যে অধিক মাত্ৰাত ভাং সেৱনে একাংশ লোকক সৰ্বাধিক ১০ ঘণ্টলৈকে নিচা কৰি ৰাখিব পাৰি। নিউৰ’ছায়েন্স এণ্ড বায়’বিহেভিয়াৰ ৰিভিউজত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে প্ৰতিদিনে গাঞ্জা সেৱন কৰা লোকে নিচা থাকিলেও নিজৰ কাম কৰিবলৈ সক্ষম হয়। গতিকে ভাঙে কাক কিমান সময়লৈ নিচাত আবদ্ধ কৰি ৰাখিব পাৰে সেয়া কোৱাটো অলপ কঠিন, তথাপিও ইয়াৰ প্ৰভাৱ কমেও ৫ ঘণ্টালৈকে থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু