--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিশ্বৰ বহু দেশত গাঁজা ৰখা বা খোৱা সম্পূৰ্ণভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। গাঞ্জাই এজন ব্যক্তিক কেনেদৰে প্ৰভাৱিত কৰে? এই কথা জানিবলৈ বিজ্ঞানীসকলে এটা গৱেষণা চলায়। এই গৱেষণাত বিজ্ঞানীসকলে লাভ কৰা ফলাফল আছিল অতি আচৰিত। এই গৱেষণাত বিজ্ঞানীসকলে ৮০খন গৱেষণাপত্ৰ অধ্যয়ন কৰি সেই অনুসৰি নিজৰ সিদ্ধান্ত আগবঢ়াইছিল।

 গৱেষণাত কি পোৱা গৈছিল?

ভাঙে মানুহৰ ওপৰত বিভিন্ন ধৰণে প্ৰভাৱ পেলায়। গাঞ্জাৰ প্ৰভাৱ নিৰ্ভৰ কৰে এজন ব্যক্তিৰ সামৰ্থ্য, খাদ্যাভ্যাস আৰু স্বাস্থ্যৰ ওপৰত। অষ্ট্ৰেলিয়াৰ ছিডনী বিশ্ববিদ্যালয়ৰ চাইকোফাৰ্মাক’লজিষ্ট লেন মেকক্ৰেইগাৰে ব্যাখ্যা কৰিছে যে যদি কোনো ব্যক্তিয়ে ভাং সেৱন কৰে তেন্তে তেওঁৰ শৰীৰত কেইবা সপ্তাহ ধৰি টেট্ৰাহাইড্ৰ’কেনাবিনল (THC) নামৰ ৰাসায়নিক পদাৰ্থ এটা থাকে। ভাঙত এই ৰাসায়নিক পদাৰ্থ পোৱা যায়। এই ৰাসায়নিক পদাৰ্থৰ ফলত মানুহ আসক্ত হৈ পৰে যদিও এই ৰাসায়নিক পদাৰ্থই মানুহক মাত্ৰ কেইঘণ্টামানৰ বাবেহে নিচাত আবদ্ধ কৰি ৰাখিব পাৰে, কিন্তু ইয়াৰ উপস্থিতি শৰীৰত বহুদিনলৈকে পোৱা যায়।

 গাঞ্জাৰ প্ৰভাৱ কিমান দিন থাকে?

৮০টা ভিন্ন ধৰণৰ অধ্যয়ন কৰি বিজ্ঞানীসকলে এই সিদ্ধান্তত উপনীত হৈছে যে ভাঙৰ নিচা ৩ৰ পৰা ১০ ঘণ্টালৈকে থাকে। গৱেষণাৰ নেতৃত্ব দিয়া ইউনিভাৰ্চিটি অব ছিডনীৰ পুষ্টিবিদ ডেনিয়েল মেককাৰ্থনীয়ে কয় যে অধিক মাত্ৰাত ভাং সেৱনে একাংশ লোকক সৰ্বাধিক ১০ ঘণ্টলৈকে নিচা কৰি ৰাখিব পাৰি। নিউৰ’ছায়েন্স এণ্ড বায়’বিহেভিয়াৰ ৰিভিউজত প্ৰকাশিত এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে প্ৰতিদিনে গাঞ্জা সেৱন কৰা লোকে নিচা থাকিলেও নিজৰ কাম কৰিবলৈ সক্ষম হয়। গতিকে ভাঙে কাক কিমান সময়লৈ নিচাত আবদ্ধ কৰি ৰাখিব পাৰে সেয়া কোৱাটো অলপ কঠিন, তথাপিও ইয়াৰ প্ৰভাৱ কমেও ৫ ঘণ্টালৈকে থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ