--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন বিবাহে সকলোতে চৰ্চা লাভ কৰিছে। পত্নীয়ে নিজে পাতি দিয়ে স্বামীৰ দ্বিতীয় বিয়া। পাছে এই বিয়া কোনো যুৱতীৰ বা মহিলাৰ সৈতে হোৱা নাই, হৈছে এগৰকী কিন্নৰৰ সৈতে। ওড়িশাৰ কালাহাণ্ডীত সংঘটিত হৈছে এই ঘটনা। স্বামীয়ে কিন্নৰৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাত পত্নীৰ নাছিল কোনো আপত্তি। কিন্নৰগৰাকীৰ লগত একেটা ঘৰতে থাকিবলৈ মান্তি হৈছে প্ৰথম পত্নী।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, কিন্নৰৰ সৈতে প্ৰেম হৈ যায় এজন লোকৰ। ঘটনাৰ এবছৰ মান পূৰ্বেহে লগ পাইছিল কিন্নৰগৰাকীক। সেই লগ পোৱাৰে পৰা কিন্নৰৰ সৈতে গোপনে সম্পৰ্ক ৰাখিছিল লোকগৰাকীয়ে। তেওঁ প্ৰায়ে কিন্নৰগৰাকীৰ লগত সময় কটাইছিল। কিছুদিন পাছত পত্নীয়ে যেতিয়া কথাটো গম পালে যে দুয়োৰে সম্পৰ্ক এবছৰ হ’ল, তেতিয়া তেওঁ অলপ সময়ৰ বাবে বিচলিত হৈছিল। স্বামীয়ে পত্নীক বুজালে আৰু কিন্নৰগৰাকীক বিয়া কৰোৱাৰ কথা কয়। স্বামীৰ সুখৰ কথা চিন্তা কৰি পত্নী মান্তি হয়। তেওঁ নিজেই কিন্নৰসকলৰ মুৰব্বীজনৰ লগত যোগাযোগ কৰি স্বামীৰ বিয়াখন পাতি দিয়াৰ বাবে আগভাগ লয়। স্বামীৰ পৰিয়ালৰ লোককো বুজাই মেলি মান্তি কৰে পত্নীয়ে।

কিন্নৰগৰাকী নিজৰ ঘৰলৈ আনি কিন্নৰ সমাজৰ সদস্যৰ উপস্থিতিত স্বামীৰ বিয়া পাতি দিয়ে পত্নীয়ে।

পত্নীয়ে এই সন্দৰ্ভত কয় যে-''আমি একেখন চালিৰ তলত থাকিম।আমি দুয়োজনী বাই-ভনীৰ দৰে একেলগে থাকিম। মোৰ স্বামী সুখী হ'লে মোৰ একো আপত্তি নাই। মই মোৰ ফালৰ পৰা দুয়োৰে সুখী বৈবাহিক জীৱনৰ কামনা কৰিলোঁ।''







FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ