--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতৰ বহু লোকে ৰহস্যময় বা ভয়ংকৰ ঠাইৰ বিষয়ে জানিবলৈ ভালপায়। যদি আপুনিও এনে লোকৰ তালিকাত অন্তৰ্ভুক্ত হয়, তেন্তে আপুনিও এই ঠাইবোৰৰ বিষয়ে জানি ৰোমাঞ্চিত অনুভৱ কৰিব। এই ঠাইবোৰৰ ৰহস্য আজিলৈকে কোনেও সমাধান কৰিব পৰা নাই।

 ১. কেৰালাত অৱস্থিত ইডুকি অৰ্থাৎ ৰেড জ’নত ২০০১ চনৰ ২৫ জুলাইত ৰঙা বৰষুণৰ সাক্ষী হৈছিল। আপুনি জানি আচৰিত হ’ব যে দুমাহ ধৰি একেধৰণে ৰক্তাক্ত বৰষুণ দি আছিল। বৰষুণৰ পানী সংগ্ৰহ কৰাৰ পাছত দেখা গ’ল যে ওপৰত স্বচ্ছ পানীৰ ওপঙি আছে আৰু তলৰ পৃষ্ঠাত ৰঙা ৰঙৰ কণা দেখা যায়।

২. উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত অৱস্থিত ইমাম্বাৰা ভাৰতৰ আটাইতকৈ ৰহস্যময় আৰু ঐতিহাসিক স্থানৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই স্মৃতিসৌধৰ ৫০ মিটাৰ দীঘল আৰু ৩ মহলীয়া ওখ হলটো কোনো স্তম্ভৰ সহায় নোহোৱাকৈ থিয় হৈ আছে।

৩. অন্ধ্ৰপ্ৰদেশৰ লেপাক্ষী হৈছে ভগৱান শিৱৰ মন্দিৰ। স্তম্ভৰ বাবেই ইয়াক ৰহস্যময় বুলি কোৱা হয়। এই স্থানত নিৰ্মাণ কৰা ৭০টা স্তম্ভৰ ভিতৰত মাত্ৰ এটা স্তম্ভ বতাহত ওলমি আছে কোনো ধৰণৰ সমৰ্থন নোহোৱাকৈ। বিশ্বাস কৰা হয় যে মন্দিৰৰ এই স্তম্ভৰ তলত কাপোৰ দিলে জীৱনত সুখ-সমৃদ্ধি হয় বুলি কোৱা হয়।

৪. ভাৰতৰ বহু লোক অতি ধৰ্মীয় আৰু ঈশ্বৰৰ প্ৰতি বিশ্বাসী। মহাৰাষ্ট্ৰৰ শনি শিঙনাপুৰত থকা শনি মন্দিৰৰ লগতে কিছুমান ৰহস্যজনক ঘটনাৰ বাবে বিখ্যাত। এই গাঁৱৰ কোনো লোকৰ ঘৰত নাই তলা। স্থানীয় ৰাইজে বিশ্বাস কৰে যে ভগৱান শনিৰ কৃপাত গাঁওখনত অপৰাধৰ হাৰ আজিও শূন্য।

৫. অসমৰ জাতিংগা উপত্যকাত এজাক চৰাইৰ আত্মহত্যাৰ স্থান। সন্ধিয়া ৬ বজাৰ পৰা নিশা ১০ বজালৈ চৰাই আত্মহত্যাৰ ঘটনা অধিক। ইয়াত বাস কৰা বহু লোকে কয় যে এনে ঘটনাৰ আঁৰত ভূত আৰু অদৃশ্য শক্তি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু