--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতৰ বহু লোকে ৰহস্যময় বা ভয়ংকৰ ঠাইৰ বিষয়ে জানিবলৈ ভালপায়। যদি আপুনিও এনে লোকৰ তালিকাত অন্তৰ্ভুক্ত হয়, তেন্তে আপুনিও এই ঠাইবোৰৰ বিষয়ে জানি ৰোমাঞ্চিত অনুভৱ কৰিব। এই ঠাইবোৰৰ ৰহস্য আজিলৈকে কোনেও সমাধান কৰিব পৰা নাই।

 ১. কেৰালাত অৱস্থিত ইডুকি অৰ্থাৎ ৰেড জ’নত ২০০১ চনৰ ২৫ জুলাইত ৰঙা বৰষুণৰ সাক্ষী হৈছিল। আপুনি জানি আচৰিত হ’ব যে দুমাহ ধৰি একেধৰণে ৰক্তাক্ত বৰষুণ দি আছিল। বৰষুণৰ পানী সংগ্ৰহ কৰাৰ পাছত দেখা গ’ল যে ওপৰত স্বচ্ছ পানীৰ ওপঙি আছে আৰু তলৰ পৃষ্ঠাত ৰঙা ৰঙৰ কণা দেখা যায়।

২. উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত অৱস্থিত ইমাম্বাৰা ভাৰতৰ আটাইতকৈ ৰহস্যময় আৰু ঐতিহাসিক স্থানৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই স্মৃতিসৌধৰ ৫০ মিটাৰ দীঘল আৰু ৩ মহলীয়া ওখ হলটো কোনো স্তম্ভৰ সহায় নোহোৱাকৈ থিয় হৈ আছে।

৩. অন্ধ্ৰপ্ৰদেশৰ লেপাক্ষী হৈছে ভগৱান শিৱৰ মন্দিৰ। স্তম্ভৰ বাবেই ইয়াক ৰহস্যময় বুলি কোৱা হয়। এই স্থানত নিৰ্মাণ কৰা ৭০টা স্তম্ভৰ ভিতৰত মাত্ৰ এটা স্তম্ভ বতাহত ওলমি আছে কোনো ধৰণৰ সমৰ্থন নোহোৱাকৈ। বিশ্বাস কৰা হয় যে মন্দিৰৰ এই স্তম্ভৰ তলত কাপোৰ দিলে জীৱনত সুখ-সমৃদ্ধি হয় বুলি কোৱা হয়।

৪. ভাৰতৰ বহু লোক অতি ধৰ্মীয় আৰু ঈশ্বৰৰ প্ৰতি বিশ্বাসী। মহাৰাষ্ট্ৰৰ শনি শিঙনাপুৰত থকা শনি মন্দিৰৰ লগতে কিছুমান ৰহস্যজনক ঘটনাৰ বাবে বিখ্যাত। এই গাঁৱৰ কোনো লোকৰ ঘৰত নাই তলা। স্থানীয় ৰাইজে বিশ্বাস কৰে যে ভগৱান শনিৰ কৃপাত গাঁওখনত অপৰাধৰ হাৰ আজিও শূন্য।

৫. অসমৰ জাতিংগা উপত্যকাত এজাক চৰাইৰ আত্মহত্যাৰ স্থান। সন্ধিয়া ৬ বজাৰ পৰা নিশা ১০ বজালৈ চৰাই আত্মহত্যাৰ ঘটনা অধিক। ইয়াত বাস কৰা বহু লোকে কয় যে এনে ঘটনাৰ আঁৰত ভূত আৰু অদৃশ্য শক্তি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement