--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জীৱন মানে সমস্যা। জীৱন সংগ্ৰামৰ বাটত কিমান যে বাধাৰ সন্মুখীন হ’বলগীয়া হয়, তাৰ কোনো হিচাপ নাথাকে। কিন্তু সেই সমস্যাবোৰক সাহসেৰে মুখামুখি কৰিব পাৰিলেই নিশ্চয় এদিন আকাংক্ষিত সফলতা লাভ কৰিব পাৰি। এই কথাই প্ৰমাণ কৰিলে নীলম মোহনে।

 মাত্ৰ ৩০০০ টকা দৰমহাৰে কৰ্ম জীৱনৰ পাতনি মেলা নীলম আজি ১৩০ কোটি টকাৰ এটা কোম্পানীৰ মালিক হোৱাৰ সমান্তৰালভাৱে এজন সফল ব্যৱসায়ীও। বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা বি এ পঢ়ি থাকোতে বিবাহপাশত আবদ্ধ হৈছিল নীলম। ২১ বছৰ বয়সত নীলামে পাৰিবাৰিক জীৱন আৰম্ভ কৰিছিল। বিয়াৰ পাছত স্বামীৰ কৰ্মস্থলী দিল্লীলৈ স্থানান্তৰিত হোৱাৰ পাছত নীলমে অনুভৱ কৰে যে নিজৰ বাবে কিবা এটা কৰা উচিত। এই হেঁপাহৰে ২২ বছৰ বয়সতে তেওঁ ‘ফেশ্বন’ নামৰ এটা কোম্পানীত কৰ্মজীৱনৰ পাতনি মেলিছিল। অৱশ্যে কিছুদিনৰ পাছত গৰ্ভৱতী হোৱাত তেওঁ কৰ্মস্থলীৰ পৰা ছুটী ল’বলগীয়া হৈছিল।

 পাছলৈ পুত্ৰ সিদ্ধাৰ্থ খনিক ডাঙৰ হৈ দিল্লীত ফ্ৰীলান্সাৰ হিচাপে পুৰুষৰ কাপোৰ ডিজাইন কৰিবলৈ আৰম্ভ কৰে আৰু ইউ পি এক্সপ’ৰ্ট কৰ্প’ৰেশ্যনৰ সৈতে কাম কৰিবলৈ লয়। তেতিয়া তেওঁ মাহিলী দৰমহা মাত্ৰ তিনি হাজাৰ টকাহে পাইছিল। কিন্তু জীৱনত কিবা এটা কৰাৰ সপোন সদায় আছিল। গতিকে বন্ধু হৰমিন্দৰ আৰু সুশীল কুমাৰৰ সৈতে ১৯৮৩ চনত ‘অপেৰা হাউছ প্ৰাইভেট লিমিটেড’ নামৰ এটা ষ্টাৰ্টআপ কোম্পানী আৰম্ভ কৰিছিল।

 তেওঁলোকৰ প্ৰচেষ্টা বিফল নহ’ল। আপুনি জানি আচৰিত হ’ব যে কোম্পানীটোৰ বাৰ্ষিক লেনদেন প্ৰথম বছৰতে নিজেই ১৫ লাখত উপনীত হ’ল। কিন্তু ভবাৰ দৰে সফলতা ইমান মসৃণ নাছিল। উদাহৰণস্বৰূপে একান্ত ব্যক্তিগত কাৰণত নীলমে ১৯৯১ চনত স্বামীৰ সৈতে বিচ্ছেদ ঘটিছিল। ইয়াৰ পাছতে অংশীদাৰসকলৰ সৈতে মতানৈক্যৰ সৃষ্টি হয়, যাৰ বাবে নীলামে মাত্ৰ ৩ কোটি টকাত নিজৰ অংশীদাৰিত্ব বিক্ৰী কৰিবলৈ বাধ্য হয়।

 ইমানবোৰ সমস্যাৰ সন্মুখীন হোৱাৰ পাছতো নীলমে হাৰ নামানিলে আৰু ১৯৯৩ চনত ৪জন দৰ্জীৰ সৈতে ‘মেগনোলিয়া ব্লাছম’ নামৰ নিজা কোম্পানী এটা আৰম্ভ কৰিলে। নীলামে ১৪ লাখ টকাত নিজৰ নতুন কোম্পানীটোৰ বাবে এটা ঘৰ কিনি লৈছিল আৰু সেই ঘৰটোতেই ব্যৱসায় আৰম্ভ কৰিছিল। আজি তেওঁলোকৰ কোম্পানীটোৰ বাৰ্ষিক লেনদেন প্ৰায় ১৩০ কোটি টকা। বৰ্তমান সিদ্ধাৰ্থ আৰু তেওঁৰ পত্নী পল্লৱী দুয়োজনেই ‘মেগনোলিয়া মাৰ্টিনিক ক্লথিং প্ৰাইভেট লিমিটেড’ৰ পৰিচালক। নীলামে বয়োজ্যেষ্ঠসকলৰ বাবে এটা ঘৰো সাজিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু