--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জীৱন মানে সমস্যা। জীৱন সংগ্ৰামৰ বাটত কিমান যে বাধাৰ সন্মুখীন হ’বলগীয়া হয়, তাৰ কোনো হিচাপ নাথাকে। কিন্তু সেই সমস্যাবোৰক সাহসেৰে মুখামুখি কৰিব পাৰিলেই নিশ্চয় এদিন আকাংক্ষিত সফলতা লাভ কৰিব পাৰি। এই কথাই প্ৰমাণ কৰিলে নীলম মোহনে।

 মাত্ৰ ৩০০০ টকা দৰমহাৰে কৰ্ম জীৱনৰ পাতনি মেলা নীলম আজি ১৩০ কোটি টকাৰ এটা কোম্পানীৰ মালিক হোৱাৰ সমান্তৰালভাৱে এজন সফল ব্যৱসায়ীও। বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা বি এ পঢ়ি থাকোতে বিবাহপাশত আবদ্ধ হৈছিল নীলম। ২১ বছৰ বয়সত নীলামে পাৰিবাৰিক জীৱন আৰম্ভ কৰিছিল। বিয়াৰ পাছত স্বামীৰ কৰ্মস্থলী দিল্লীলৈ স্থানান্তৰিত হোৱাৰ পাছত নীলমে অনুভৱ কৰে যে নিজৰ বাবে কিবা এটা কৰা উচিত। এই হেঁপাহৰে ২২ বছৰ বয়সতে তেওঁ ‘ফেশ্বন’ নামৰ এটা কোম্পানীত কৰ্মজীৱনৰ পাতনি মেলিছিল। অৱশ্যে কিছুদিনৰ পাছত গৰ্ভৱতী হোৱাত তেওঁ কৰ্মস্থলীৰ পৰা ছুটী ল’বলগীয়া হৈছিল।

 পাছলৈ পুত্ৰ সিদ্ধাৰ্থ খনিক ডাঙৰ হৈ দিল্লীত ফ্ৰীলান্সাৰ হিচাপে পুৰুষৰ কাপোৰ ডিজাইন কৰিবলৈ আৰম্ভ কৰে আৰু ইউ পি এক্সপৰ্ট কৰ্পৰেশ্যনৰ সৈতে কাম কৰিবলৈ লয়। তেতিয়া তেওঁ মাহিলী দৰমহা মাত্ৰ তিনি হাজাৰ টকাহে পাইছিল। কিন্তু জীৱনত কিবা এটা কৰাৰ সপোন সদায় আছিল। গতিকে বন্ধু হৰমিন্দৰ আৰু সুশীল কুমাৰৰ সৈতে ১৯৮৩ চনত ‘অপেৰা হাউছ প্ৰাইভেট লিমিটেড’ নামৰ এটা ষ্টাৰ্টআপ কোম্পানী আৰম্ভ কৰিছিল।

 তেওঁলোকৰ প্ৰচেষ্টা বিফল নহ’ল। আপুনি জানি আচৰিত হ’ব যে কোম্পানীটোৰ বাৰ্ষিক লেনদেন প্ৰথম বছৰতে নিজেই ১৫ লাখত উপনীত হ’ল। কিন্তু ভবাৰ দৰে সফলতা ইমান মসৃণ নাছিল। উদাহৰণস্বৰূপে একান্ত ব্যক্তিগত কাৰণত নীলমে ১৯৯১ চনত স্বামীৰ সৈতে বিচ্ছেদ ঘটিছিল। ইয়াৰ পাছতে অংশীদাৰসকলৰ সৈতে মতানৈক্যৰ সৃষ্টি হয়, যাৰ বাবে নীলামে মাত্ৰ ৩ কোটি টকাত নিজৰ অংশীদাৰিত্ব বিক্ৰী কৰিবলৈ বাধ্য হয়।

 ইমানবোৰ সমস্যাৰ সন্মুখীন হোৱাৰ পাছতো নীলমে হাৰ নামানিলে আৰু ১৯৯৩ চনত ৪জন দৰ্জীৰ সৈতে ‘মেগনোলিয়া ব্লাছম’ নামৰ নিজা কোম্পানী এটা আৰম্ভ কৰিলে। নীলামে ১৪ লাখ টকাত নিজৰ নতুন কোম্পানীটোৰ বাবে এটা ঘৰ কিনি লৈছিল আৰু সেই ঘৰটোতেই ব্যৱসায় আৰম্ভ কৰিছিল। আজি তেওঁলোকৰ কোম্পানীটোৰ বাৰ্ষিক লেনদেন প্ৰায় ১৩০ কোটি টকা। বৰ্তমান সিদ্ধাৰ্থ আৰু তেওঁৰ পত্নী পল্লৱী দুয়োজনেই ‘মেগনোলিয়া মাৰ্টিনিক ক্লথিং প্ৰাইভেট লিমিটেড’ৰ পৰিচালক। নীলামে বয়োজ্যেষ্ঠসকলৰ বাবে এটা ঘৰো সাজিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ