--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো চুক গভীৰ ৰহস্যৰে ভৰি আছে। আৰু সেই ৰহস্যবোৰৰ সমাধানৰ বাবে বিজ্ঞানীসকলে বছৰ বছৰ ধৰি গৱেষণাত নিয়োজিত হৈ আহিছে। আনকি পৃথিৱীৰ বাহিৰেও আন আন গ্ৰহৰ বিষয়ে জানিবলৈ বিভিন্ন অভিযান চলি আছে। এনে অৱস্থাতে এক চাঞ্চল্যকৰ ঘটনা চৰ্চালৈ আহিছে। সেই কথা জনাৰ পিছত আপুনিও আচৰিত হ’ব। জানিব পৰা মতে ৰাছিয়াৰ এজন ল’ৰাই এটা অদ্ভুত দাবী কৰিছে। আনকি তেওঁক সকলোৱে “বিস্ময় বালক” বুলি অভিহিত কৰিছে। মূলতঃ ল'ৰাজনে দাবী কৰিছে যে তেওঁ মংগল গ্ৰহৰ পৰা আহিছে আৰু পৃথিৱীত তেওঁৰ পুনৰ জনম হৈছে। ৰাছিয়াৰ ভলগোগ্ৰাডৰ বাসিন্দা বৰিস্কা কিপ্ৰিয়ানোভিচ(Boriska Kipriyanovich) নামৰ ল’ৰাজনে কয় যে মানুহ হিচাপে নতুন জীৱন আৰম্ভ কৰাৰ আগতে তেওঁ মংগল গ্ৰহৰ বাসিন্দা আছিল।

মহাকাশ সম্পৰ্কে বৰিস্কা কিপ্ৰিয়ানোভিচৰ অসাধাৰণ জ্ঞানে সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলক আচৰিত কৰি তুলিছে। এই ল’ৰাজনে প্ৰথমবাৰৰ বাবে ২০১৭ চনত বিশ্বৰ বিষয়ে কিছু সতৰ্কবাণী দি শিৰোনাম দখল কৰিছিল। তেওঁ দাবী কৰে যে হাজাৰ হাজাৰ বছৰৰ আগতে পাৰমাণৱিক সংঘৰ্ষত তেওঁলোকৰ প্ৰজাতিটো সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। আৰু এতিয়া আমাৰ পৃথিৱীখন একে দিশতে আগবাঢ়িছে। ইয়াৰ উপৰিও তেওঁ লগতে উল্লেখ কৰিছে যে পৃথিৱীবাসীসকলেও তেওঁলোকৰ দৰে ধ্বংসৰ সন্মুখীন হ'ব। মানৱ জাতিক ৰক্ষা কৰিবলৈ তেওঁক পৃথিৱীলৈ পঠোৱা হৈছে বুলিও দাবী কৰে।

মংগল গ্ৰহত ৩৫ বছৰৰ পাছত বয়স বৃদ্ধি নহয়

বৰিস্কাৰ মতে তেওঁ মংগল গ্ৰহত পাইলট আছিল আৰু যুদ্ধত তেওঁৰ গ্ৰহ ধ্বংস হোৱাৰ পাছত পৃথিৱীলৈ ৰাওনা হয়। ল’ৰাজনে কয় যে মংগল গ্ৰহত এতিয়াও কিছুমান বাসিন্দা আছে। বৰিস্কাই জনায় যে মংগল গ্ৰহৰ বাসিন্দাসকল অমৰ আৰু ৩৫ বছৰৰ পাছত তেওঁলোকৰ বয়স বৃদ্ধি নহয়।


বৰিস্কাৰ মতে মংগল গ্ৰহৰ লোকসকল শাৰীৰিকভাৱে অতি ওখ (প্ৰায় ৭ ফুট) আৰু প্ৰযুক্তিগতভাৱে যথেষ্ট উন্নত। তেওঁলোকে মহাকাশৰ মাজেৰেও যাতায়ত কৰিবলৈ সক্ষম হৈছে। তেওঁ লগতে কয়, “যেতিয়া মোৰ বয়স ১৪-১৫ বছৰ আছিল, তেতিয়া মোৰ মনত আছে যে মংগল গ্ৰহত যুদ্ধ হৈছিল। সেইবাবেই মোৰ বন্ধু এজনৰ সৈতে প্ৰায়ে বিমান আক্ৰমণত অংশগ্ৰহণ কৰিবলগীয়া হৈছিল। মংগল গ্ৰহৰ মহাকাশযান ঘূৰণীয়া আৰু অতি জটিল।”

বৰিস্কাই  লগতে কয় যে গিজাৰ মহান স্ফিংক্সত এটা ৰহস্য আছে। ইয়াক উদঙাই দিলে পৃথিৱীৰ জীৱন চিৰদিনৰ বাবে সলনি হৈ যাব। লগতে তেওঁ দাবী কৰে যে তেওঁৰ আগৰ প্ৰজাতিবোৰ মিচৰীয়সকলৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছিল। তথাপিও বৰিস্কাই ক’লে যে যেতিয়া স্ফিংক্স অৱ গেইজাৰৰ ৰহস্য সকলোৰে আগত প্ৰকাশ পাব তেতিয়া পৃথিৱীৰ জীৱন আৰু কেতিয়াও আগৰ দৰে নহ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু