--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো চুক গভীৰ ৰহস্যৰে ভৰি আছে। আৰু সেই ৰহস্যবোৰৰ সমাধানৰ বাবে বিজ্ঞানীসকলে বছৰ বছৰ ধৰি গৱেষণাত নিয়োজিত হৈ আহিছে। আনকি পৃথিৱীৰ বাহিৰেও আন আন গ্ৰহৰ বিষয়ে জানিবলৈ বিভিন্ন অভিযান চলি আছে। এনে অৱস্থাতে এক চাঞ্চল্যকৰ ঘটনা চৰ্চালৈ আহিছে। সেই কথা জনাৰ পিছত আপুনিও আচৰিত হ’ব। জানিব পৰা মতে ৰাছিয়াৰ এজন ল’ৰাই এটা অদ্ভুত দাবী কৰিছে। আনকি তেওঁক সকলোৱে “বিস্ময় বালক” বুলি অভিহিত কৰিছে। মূলতঃ ল'ৰাজনে দাবী কৰিছে যে তেওঁ মংগল গ্ৰহৰ পৰা আহিছে আৰু পৃথিৱীত তেওঁৰ পুনৰ জনম হৈছে। ৰাছিয়াৰ ভলগোগ্ৰাডৰ বাসিন্দা বৰিস্কা কিপ্ৰিয়ানোভিচ(Boriska Kipriyanovich) নামৰ ল’ৰাজনে কয় যে মানুহ হিচাপে নতুন জীৱন আৰম্ভ কৰাৰ আগতে তেওঁ মংগল গ্ৰহৰ বাসিন্দা আছিল।

মহাকাশ সম্পৰ্কে বৰিস্কা কিপ্ৰিয়ানোভিচৰ অসাধাৰণ জ্ঞানে সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলক আচৰিত কৰি তুলিছে। এই ল’ৰাজনে প্ৰথমবাৰৰ বাবে ২০১৭ চনত বিশ্বৰ বিষয়ে কিছু সতৰ্কবাণী দি শিৰোনাম দখল কৰিছিল। তেওঁ দাবী কৰে যে হাজাৰ হাজাৰ বছৰৰ আগতে পাৰমাণৱিক সংঘৰ্ষত তেওঁলোকৰ প্ৰজাতিটো সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। আৰু এতিয়া আমাৰ পৃথিৱীখন একে দিশতে আগবাঢ়িছে। ইয়াৰ উপৰিও তেওঁ লগতে উল্লেখ কৰিছে যে পৃথিৱীবাসীসকলেও তেওঁলোকৰ দৰে ধ্বংসৰ সন্মুখীন হ'ব। মানৱ জাতিক ৰক্ষা কৰিবলৈ তেওঁক পৃথিৱীলৈ পঠোৱা হৈছে বুলিও দাবী কৰে।

মংগল গ্ৰহত ৩৫ বছৰৰ পাছত বয়স বৃদ্ধি নহয়

বৰিস্কাৰ মতে তেওঁ মংগল গ্ৰহত পাইলট আছিল আৰু যুদ্ধত তেওঁৰ গ্ৰহ ধ্বংস হোৱাৰ পাছত পৃথিৱীলৈ ৰাওনা হয়। ল’ৰাজনে কয় যে মংগল গ্ৰহত এতিয়াও কিছুমান বাসিন্দা আছে। বৰিস্কাই জনায় যে মংগল গ্ৰহৰ বাসিন্দাসকল অমৰ আৰু ৩৫ বছৰৰ পাছত তেওঁলোকৰ বয়স বৃদ্ধি নহয়।


বৰিস্কাৰ মতে মংগল গ্ৰহৰ লোকসকল শাৰীৰিকভাৱে অতি ওখ (প্ৰায় ৭ ফুট) আৰু প্ৰযুক্তিগতভাৱে যথেষ্ট উন্নত। তেওঁলোকে মহাকাশৰ মাজেৰেও যাতায়ত কৰিবলৈ সক্ষম হৈছে। তেওঁ লগতে কয়, “যেতিয়া মোৰ বয়স ১৪-১৫ বছৰ আছিল, তেতিয়া মোৰ মনত আছে যে মংগল গ্ৰহত যুদ্ধ হৈছিল। সেইবাবেই মোৰ বন্ধু এজনৰ সৈতে প্ৰায়ে বিমান আক্ৰমণত অংশগ্ৰহণ কৰিবলগীয়া হৈছিল। মংগল গ্ৰহৰ মহাকাশযান ঘূৰণীয়া আৰু অতি জটিল।”

বৰিস্কাই  লগতে কয় যে গিজাৰ মহান স্ফিংক্সত এটা ৰহস্য আছে। ইয়াক উদঙাই দিলে পৃথিৱীৰ জীৱন চিৰদিনৰ বাবে সলনি হৈ যাব। লগতে তেওঁ দাবী কৰে যে তেওঁৰ আগৰ প্ৰজাতিবোৰ মিচৰীয়সকলৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছিল। তথাপিও বৰিস্কাই ক’লে যে যেতিয়া স্ফিংক্স অৱ গেইজাৰৰ ৰহস্য সকলোৰে আগত প্ৰকাশ পাব তেতিয়া পৃথিৱীৰ জীৱন আৰু কেতিয়াও আগৰ দৰে নহ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ