--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
খেলপথাৰতে কিয় কাজিয়াত লিপ্ত হ’ল ৰোহিত আৰু কাৰ্ত্তিক ? দুই ক্ৰিকেটাৰৰ সংঘৰ্ষৰ ফটো এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত৷   লগতে ফটোক লৈ সৃষ্টি হৈছে যথেষ্ট বিতৰ্কৰ। ইয়াৰ মাজতে দলৰ ভিতৰুৱা কথা প্ৰকাশ কৰিলে সূৰ্যকুমাৰে৷ 

ৰোহিত শৰ্মাই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলপথাৰত দিনেশ কাৰ্তিকৰ ওপৰত খং প্ৰকাশ কৰিছিল। ভাৰতৰ অধিনায়কজনক কাৰ্তিকৰ মুখত  হেঁচি আঘাত কৰিবলৈ চেষ্টা কৰি থকা দেখা গৈছিল। ৰোহিতৰ খং তেওঁৰ আচৰণত স্পষ্ট হৈছিল। সূৰ্যকুমাৰ যাদৱে ঘটনাটোক কেৱল কৌতুক বুলিহে উল্লেখ  কৰিছিল।

মোহালিত ভাৰত চাৰি উইকেটত পৰাজিত হৈছিল। প্ৰথমে বেটিং কৰি তেওঁলোকে ২০৮ ৰাণ সংগ্ৰহ কৰি পৰাজিত হয়৷  কাৰ্তিক আৰু ৰোহিতৰ দ্বাদশ অভাৰত ডিআৰএছ লোৱাৰ ক্ষেত্ৰত মতবিৰোধ হৈছিল। উইকেটকিপাৰ কাৰ্তিকে বলটো বেটত লাগিছিল নে নাই শুনা নাছিল। ৰোহিত অৱশ্যে নিশ্চিত আছিল। ঘটনা সন্দৰ্ভত সূৰ্যকুমাৰে কয় যে, "কেতিয়াবা ষ্টাম্পৰ পিছফালৰ পৰা শব্দ ভালদৰে শুনা নাযায়। এইটো বাওঁ বা সোঁফালৰ পৰা খুব স্পষ্টভাৱে শুনিব পাৰি। আৰু তেওঁলোক দুয়োৰে মাজত যি ঘটিছিল সেয়া কেৱল এটা কৌতুক। ৰোহিত আৰু কাৰ্তিকে ইজনে সিজনক দীৰ্ঘদিন ধৰি জানে। দীঘলীয়া সময়ৰ ধৰি দুয়ো  একেলগে খেলিছে৷  তেওঁলোকে খেলপথাৰত এনে ধৰণৰ আমোদজনক কাম কৰিব পাৰে। খেলপথাৰত যথেষ্ট চাপ আছে, তাত তেনেকুৱা কিবা ঘটিব পাৰে। "

ভাৰতে শেষৰ চাৰি অভাৰত ৫৫ ৰাণ সংৰক্ষণ কৰিব নোৱাৰিলে। অভিজ্ঞ বলাৰ হৰ্ষল পেটেল আৰু ভুৱনেশ্বৰ কুমাৰে ডেথ অভাৰত বল কৰিছিল কিন্তু তেওঁলোকে মেচখন জিকিব নোৱাৰিলে। ভাৰতে মেথিউ ৱেডৰ হাতত খেলখন হেৰুৱাইছিল। শুক্ৰবাৰে দ্বিতীয়খন খেলত দুয়োটা দল মুখামুখি হ'ব। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ