--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সফল হ’বলৈ হ’লে কঠোৰ পৰিশ্ৰমৰ একান্তই প্ৰয়োজনীয় ৷ এনেকুৱা নহয় যে আপুনি কিবা এটা কামত ব্যৰ্থ হৈছে আৰু  সকলো এৰি দিব । আমি সফলতা নোপোৱালৈকে চেষ্টা কৰি থকা উচিত। কাৰণ প্ৰতিটো বিফলতাৰ পৰা কিবা নহয় কিবা শিকিবলগীয়া থাকে। আজি আমি এনে এজন ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপকৰ কথাকবলৈ বিচাৰিছো যিয়ে স্নাতক হোৱাৰ বয়সত ৭৩০০ কোটি টকাৰ এটা কোম্পানী গঢ়ি তুলিছে।

তেওঁ জেপ্টোৰ সহ-প্ৰতিষ্ঠাপক কৈৱল্যা ভোহৰা আৰু আদিত পালিচাৰ কথা। দুয়োজন যুৱ উদ্যোগী হুৰুণ ইণ্ডিয়া ফিউচাৰ ইউনিকৰ্ণ ইনডেক্স ২০২২ৰ আটাইতকৈ কম বয়সীয়া ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক। ভাৰতৰ ধনী ব্যক্তিৰ তালিকাত কৈৱল্য আৰু আদিতক অন্তৰ্ভুক্ত কৰাটোৱে দেশত ষ্টাৰ্টআপৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ কথা প্ৰকাশ কৰিছে।

২০২১ চনত কৈৱল্য আৰু আদিতে জেপটো আৰম্ভ কৰে। এইটো হৈছে গেলামালৰ ডেলিভাৰী এপ। ইয়াৰ ধাৰণা হৈছে ‘জেপ্ট’ছেকেণ্ড’ অৰ্থাৎ অতি দ্ৰুতগতিত গেলামালৰ সামগ্ৰী ডেলিভাৰী কৰা। ১০ মিনিটত গেলামালৰ ডেলিভাৰীয়ে গোটেই খেলখন সলনি কৰি দিলে। ২০২১ চনৰ নৱেম্বৰ মাহত জেপ্টোৱে পুঁজিৰ জৰিয়তে ৪৮৬ কোটি টকা সংগ্ৰহ কৰিছিল। ডিচেম্বৰ মাহত আন এটা ফাণ্ডিং ৰাউণ্ডত আৰু ৮১০ কোটি টকা সংগ্ৰহ কৰিছিল । চলিত বৰ্ষৰ মে’ মাহলৈকে কোম্পানীটোৰ মূল্য ৭৩০০ কোটি টকা হয়। এতিয়া জেপ্টোৱে ১০ খন ডাঙৰ চহৰত ৩০০০ তকৈ অধিক সামগ্ৰী যোগান ধৰিছে।

আইআইএফএল ৱেলথ হুৰুণ ইণ্ডিয়া ৰিচ লিষ্ট ২০২২ত স্থান লাভ কৰা আটাইতকৈ কম বয়সীয়া উদ্যোগী হিচাপে পৰিগণিত হৈছে কৈৱল্য ভোহৰা আৰু আদিত পালিচা। ১৯ বছৰ বয়সত কৈৱল্য ধনী ভাৰতীয়ৰ তালিকাত স্থান লাভ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে পৰিগণিত হৈছে। হুৰুণ তালিকাত ১০৩৬ নম্বৰ স্থানত আছে ৷ তেওৰ  সম্পত্তিৰ পৰিমাণ ১০০০ কোটি টকা, আনহাতে অদিত পালিচা ১২০০ কোটি টকাৰ সম্পত্তিৰে তালিকাত ৯৫০ নম্বৰত আছে। বেংগালুৰুত  জন্মগ্ৰহণ কৰা কৈৱল্যই ডুবাইৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। ইয়াৰ পিছতে তেওঁ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত  স্নাতকত নামভৰ্তি কৰে যদিও ২০২০ চনত কলেজ এৰি বন্ধু আদিতৰ সৈতে ষ্টাৰ্ট আপ আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু