--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সফল হ’বলৈ হ’লে কঠোৰ পৰিশ্ৰমৰ একান্তই প্ৰয়োজনীয় ৷ এনেকুৱা নহয় যে আপুনি কিবা এটা কামত ব্যৰ্থ হৈছে আৰু  সকলো এৰি দিব । আমি সফলতা নোপোৱালৈকে চেষ্টা কৰি থকা উচিত। কাৰণ প্ৰতিটো বিফলতাৰ পৰা কিবা নহয় কিবা শিকিবলগীয়া থাকে। আজি আমি এনে এজন ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপকৰ কথাকবলৈ বিচাৰিছো যিয়ে স্নাতক হোৱাৰ বয়সত ৭৩০০ কোটি টকাৰ এটা কোম্পানী গঢ়ি তুলিছে।

তেওঁ জেপ্টোৰ সহ-প্ৰতিষ্ঠাপক কৈৱল্যা ভোহৰা আৰু আদিত পালিচাৰ কথা। দুয়োজন যুৱ উদ্যোগী হুৰুণ ইণ্ডিয়া ফিউচাৰ ইউনিকৰ্ণ ইনডেক্স ২০২২ৰ আটাইতকৈ কম বয়সীয়া ষ্টাৰ্ট-আপ প্ৰতিষ্ঠাপক। ভাৰতৰ ধনী ব্যক্তিৰ তালিকাত কৈৱল্য আৰু আদিতক অন্তৰ্ভুক্ত কৰাটোৱে দেশত ষ্টাৰ্টআপৰ প্ৰভাৱ বৃদ্ধি পোৱাৰ কথা প্ৰকাশ কৰিছে।

২০২১ চনত কৈৱল্য আৰু আদিতে জেপটো আৰম্ভ কৰে। এইটো হৈছে গেলামালৰ ডেলিভাৰী এপ। ইয়াৰ ধাৰণা হৈছে ‘জেপ্ট’ছেকেণ্ড’ অৰ্থাৎ অতি দ্ৰুতগতিত গেলামালৰ সামগ্ৰী ডেলিভাৰী কৰা। ১০ মিনিটত গেলামালৰ ডেলিভাৰীয়ে গোটেই খেলখন সলনি কৰি দিলে। ২০২১ চনৰ নৱেম্বৰ মাহত জেপ্টোৱে পুঁজিৰ জৰিয়তে ৪৮৬ কোটি টকা সংগ্ৰহ কৰিছিল। ডিচেম্বৰ মাহত আন এটা ফাণ্ডিং ৰাউণ্ডত আৰু ৮১০ কোটি টকা সংগ্ৰহ কৰিছিল । চলিত বৰ্ষৰ মে’ মাহলৈকে কোম্পানীটোৰ মূল্য ৭৩০০ কোটি টকা হয়। এতিয়া জেপ্টোৱে ১০ খন ডাঙৰ চহৰত ৩০০০ তকৈ অধিক সামগ্ৰী যোগান ধৰিছে।

আইআইএফএল ৱেলথ হুৰুণ ইণ্ডিয়া ৰিচ লিষ্ট ২০২২ত স্থান লাভ কৰা আটাইতকৈ কম বয়সীয়া উদ্যোগী হিচাপে পৰিগণিত হৈছে কৈৱল্য ভোহৰা আৰু আদিত পালিচা। ১৯ বছৰ বয়সত কৈৱল্য ধনী ভাৰতীয়ৰ তালিকাত স্থান লাভ কৰা আটাইতকৈ কম বয়সীয়া ব্যক্তি হিচাপে পৰিগণিত হৈছে। হুৰুণ তালিকাত ১০৩৬ নম্বৰ স্থানত আছে ৷ তেওৰ  সম্পত্তিৰ পৰিমাণ ১০০০ কোটি টকা, আনহাতে অদিত পালিচা ১২০০ কোটি টকাৰ সম্পত্তিৰে তালিকাত ৯৫০ নম্বৰত আছে। বেংগালুৰুত  জন্মগ্ৰহণ কৰা কৈৱল্যই ডুবাইৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। ইয়াৰ পিছতে তেওঁ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত  স্নাতকত নামভৰ্তি কৰে যদিও ২০২০ চনত কলেজ এৰি বন্ধু আদিতৰ সৈতে ষ্টাৰ্ট আপ আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement