--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দুৰ্গা পূজাৰ আৰম্ভণিতে উদযাপন কৰা হয় এই মহালয়া। হিন্দু পৌৰাণিক অনুসৰি এই দিনটোতে দেৱী দুৰ্গাৰ পৃথিৱীলৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। এই মহালয়াৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে মহিষাসুৰক দমন কৰিবলৈ দেৱী দুৰ্গাৰ সৃষ্টি কৰিছিল। এই দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে দেৱী দূৰ্গাক নেত্ৰ প্ৰদান কৰি সম্পূৰ্ণ কৰি তুলিছিল। সেয়ে এই মহালয়াৰ দিনটোত দেৱী দূৰ্গাৰ প্ৰতিমাত অন্তিম পৰশ হিচাপে নেত্ৰ অঁকা হয়। পৃথিৱীলৈ দেৱী দূৰ্গাৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয়।

তিনি নেত্ৰৰ বাবেই মাদুৰ্গাক ত্ৰিনয়নী দুৰ্গা বুলিও জনা যায়। এই তিনিও চকুৰে আছে তিনি ভিন্ন মহত্ব। দেৱীৰ বাওঁ চকুৱে আকাংক্ষা বা চন্দ্ৰক প্ৰতিনিধিত্ব কৰে, সোঁ চকুৱে কাৰ্য বা সূৰ্যৰ প্ৰতীক আৰু তৃতীয় চকুৱে জুই আৰু জ্ঞানক প্ৰতিনিধিত্ব কৰে। এই চকু শিৱই দিয়া তৃতীয় চকু বা চেতনাৰ চকু। মান্যতা অনুসৰি এই মহালয়াৰ দিনটোতে মাদুৰ্গাই কৈলাসৰ পৰা মাতৃৰ গৃহলৈ বুলি আহে। দুৰ্গা পূজাৰ এটা সপ্তাহ পূৰ্বে এই মহালয়া উদযাপন কৰা হয়।

মহালয়াৰো আছে শুভ-অশুভ কাৰক-

কিয় শুভ? মহালয়াৰ দিনটোৰ পৰা মাতৃৰ পক্ষ আৰম্ভ হয়, সকলো অশুভ শক্তি ধ্বংস হয়, সেয়ে মহালয়া শুভ। দুৰ্গা পূজাই আনন্দ, আশা-আকাংক্ষা কঢ়িয়াই আনে। ইয়াৰ উপৰি পূৰ্বপুৰুষসকলক হিন্দু ধৰ্মৰ যিকোনো শুভ কামত স্মৰণ কৰা হয়।

কিয় অশুভ?
আন এক দৃষ্টিভংগীৰে মহালয়াৰ দিনা, পিতৃসকলক তৰ্পণ আগবঢ়োৱাৰ পৰম্পৰা আছে, অৰ্থাৎ পানী দিয়া। পূৰ্বপুৰুষসকলক স্মৰণ কৰাৰ দিন, বহুতে ভাবে যে এইটো প্ৰকৃততে শোকৰ দিন। অৱশ্যে ভাল হওঁক বা বেয়া হওঁক, মহালয়াক লৈ এই বিবাদ অব্যাহত থাকিব, কিন্তু যিকোনো উৎসৱ এক আনন্দৰ অনুষ্ঠান। সেয়েহে, সকলো বেয়া পাহৰি দেৱী দূৰ্গাই ধৰালৈ নামি অহাৰ লগে লগে পৃথিৱীলৈ ভাল শক্তি, বহু আশা-আকাংক্ষাই লগত লৈ অনাটো সকলোৰে কামনা কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক