--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দুৰ্গা পূজাৰ আৰম্ভণিতে উদযাপন কৰা হয় এই মহালয়া। হিন্দু পৌৰাণিক অনুসৰি এই দিনটোতে দেৱী দুৰ্গাৰ পৃথিৱীলৈ আগমন ঘটে বুলি বিশ্বাস কৰা হয়। এই মহালয়াৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে মহিষাসুৰক দমন কৰিবলৈ দেৱী দুৰ্গাৰ সৃষ্টি কৰিছিল। এই দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে দেৱী দূৰ্গাক নেত্ৰ প্ৰদান কৰি সম্পূৰ্ণ কৰি তুলিছিল। সেয়ে এই মহালয়াৰ দিনটোত দেৱী দূৰ্গাৰ প্ৰতিমাত অন্তিম পৰশ হিচাপে নেত্ৰ অঁকা হয়। পৃথিৱীলৈ দেৱী দূৰ্গাৰ আগমন ঘটে বুলি বিশ্বাস কৰা হয়।

তিনি নেত্ৰৰ বাবেই মাদুৰ্গাক ত্ৰিনয়নী দুৰ্গা বুলিও জনা যায়। এই তিনিও চকুৰে আছে তিনি ভিন্ন মহত্ব। দেৱীৰ বাওঁ চকুৱে আকাংক্ষা বা চন্দ্ৰক প্ৰতিনিধিত্ব কৰে, সোঁ চকুৱে কাৰ্য বা সূৰ্যৰ প্ৰতীক আৰু তৃতীয় চকুৱে জুই আৰু জ্ঞানক প্ৰতিনিধিত্ব কৰে। এই চকু শিৱই দিয়া তৃতীয় চকু বা চেতনাৰ চকু। মান্যতা অনুসৰি এই মহালয়াৰ দিনটোতে মাদুৰ্গাই কৈলাসৰ পৰা মাতৃৰ গৃহলৈ বুলি আহে। দুৰ্গা পূজাৰ এটা সপ্তাহ পূৰ্বে এই মহালয়া উদযাপন কৰা হয়।

মহালয়াৰো আছে শুভ-অশুভ কাৰক-

কিয় শুভ? মহালয়াৰ দিনটোৰ পৰা মাতৃৰ পক্ষ আৰম্ভ হয়, সকলো অশুভ শক্তি ধ্বংস হয়, সেয়ে মহালয়া শুভ। দুৰ্গা পূজাই আনন্দ, আশা-আকাংক্ষা কঢ়িয়াই আনে। ইয়াৰ উপৰি পূৰ্বপুৰুষসকলক হিন্দু ধৰ্মৰ যিকোনো শুভ কামত স্মৰণ কৰা হয়।

কিয় অশুভ?
আন এক দৃষ্টিভংগীৰে মহালয়াৰ দিনা, পিতৃসকলক তৰ্পণ আগবঢ়োৱাৰ পৰম্পৰা আছে, অৰ্থাৎ পানী দিয়া। পূৰ্বপুৰুষসকলক স্মৰণ কৰাৰ দিন, বহুতে ভাবে যে এইটো প্ৰকৃততে শোকৰ দিন। অৱশ্যে ভাল হওঁক বা বেয়া হওঁক, মহালয়াক লৈ এই বিবাদ অব্যাহত থাকিব, কিন্তু যিকোনো উৎসৱ এক আনন্দৰ অনুষ্ঠান। সেয়েহে, সকলো বেয়া পাহৰি দেৱী দূৰ্গাই ধৰালৈ নামি অহাৰ লগে লগে পৃথিৱীলৈ ভাল শক্তি, বহু আশা-আকাংক্ষাই লগত লৈ অনাটো সকলোৰে কামনা কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা