--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মানৱ জীৱনৰ সুৰক্ষাৰ বাবে পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ অতি প্ৰয়োজন। আধুনিকতাৰ দিশে আগবাঢ়ি যোৱা পৃথিৱীখনত উন্নয়নৰ পথত আমি এনে বহু বস্তু ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছো, যিবোৰ পৃথিৱী আৰু পৰিৱেশৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰিছে। প্ৰকৃতিৰ অবিহনে জীৱন সম্ভৱ নহয়। সেয়েহে মানুহ আৰু পৰিৱেশৰ মাজত আছে গভীৰ সম্পৰ্ক। কিন্তু মানুহে এই প্ৰকৃতিৰ নিৰন্তৰ ক্ষতি অব্যাহত ৰাখিছে। বনধ্বংস অবিৰতভাৱে চলি আহিছে, যাৰ ফলত জীৱনৰ ওপৰত প্ৰভাৱ পৰাৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ কাৰণ হৈ পৰিছে।

উল্লেখ্য যে সুস্থ জীৱন-যাপনৰ বাবে প্ৰকৃতিৰ আৰু পৰিৱেশ সুৰক্ষাৰ অতি প্ৰয়োজন। ইয়াৰ বাবে প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। পৰিৱেশৰ বিষয়ে সাধাৰণ লোকক সজাগ কৰাৰ লগতে সংৰক্ষণৰ বাবে উৎসাহিত কৰা হয়। পৰিৱেশ দিৱস কেতিয়া, কেনেকৈ আৰু কিয় পালন কৰা হয় জানো আহক।

* বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়?

প্ৰতি বছৰে ৫ জুন তাৰিখে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে পৰিৱেশ দিৱস পালন কৰা হয়। এই উপলক্ষে সকলো দেশেই বিভিন্ন ধৰণেৰে পৰিৱেশ সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে।

* পৰিৱেশ দিৱসৰ ইতিহাস-

১৯৭২ চনৰ পৰা আৰম্ভ হৈছিল বিশ্ব পৰিৱেশ দিৱস উদযাপন। ১৯৭২ চনৰ ৫ জুনৰ দিনা ৰাষ্ট্ৰসংঘই প্ৰথম পৰিৱেশ দিৱস পালন কৰে, তেতিয়াৰ পৰাই প্ৰতি বছৰে এই দিৱস পালন কৰি আহিছে।

* কোনখন দেশত প্ৰথম পৰিৱেশ দিৱস পালন কৰা হৈছিল?

ৰাষ্ট্ৰসংঘই বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ সিদ্ধান্ত লৈছিল যদিও ছুইডেনৰ ৰাজধানী ষ্টকহ’মত প্ৰথমে পৰিৱেশ দিৱস পালন কৰা হৈছিল। ১৯৭২ চনত ষ্টকহ’মত প্ৰথমখন পৰিৱেশ সন্মিলন অনুষ্ঠিত হৈছিল, য’ত ১১৯খন দেশে অংশগ্ৰহণ কৰিছিল।

* পৰিৱেশ দিৱস উদযাপনৰ উদ্দেশ্য-

পৃথিৱীত প্ৰদূষণ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই ক্ৰমবৰ্ধমান প্ৰদূষণৰ বাবে প্ৰকৃতিৰ প্ৰতি ভাবুকি বাঢ়িছে। ইয়াক ৰোধ কৰাৰ লক্ষ্যৰে পৰিৱেশ দিৱসৰ আৰম্ভ কৰা হ’ল যাতে পৰিৱেশৰ প্ৰতি সজাগ কৰি তুলিব পাৰি আৰু প্ৰকৃতিক প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ প্ৰেৰণা যোগাব পাৰি।

* পৰিৱেশ দিৱসৰ থিম-

প্ৰতি বছৰে বিশ্ব পৰিবেশ দিৱসৰ বিশেষ থিম থাকে। ২০২৩ চনৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে ‘প্লাষ্টিক প্ৰদূষণৰ সমাধান’। এই থিমটো প্লাষ্টিক প্ৰদূষণৰ সমাধানৰ ওপৰত আধাৰিত।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস