--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মানৱ জীৱনৰ সুৰক্ষাৰ বাবে পৰিৱেশ সুৰক্ষিত কৰি ৰখাৰ অতি প্ৰয়োজন। আধুনিকতাৰ দিশে আগবাঢ়ি যোৱা পৃথিৱীখনত উন্নয়নৰ পথত আমি এনে বহু বস্তু ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছো, যিবোৰ পৃথিৱী আৰু পৰিৱেশৰ প্ৰতি ভাবুকিস্বৰূপ হৈ পৰিছে। প্ৰকৃতিৰ অবিহনে জীৱন সম্ভৱ নহয়। সেয়েহে মানুহ আৰু ৰিৱেশৰ মাজত আছে গভীৰ সম্পৰ্ক। কিন্তু মানুহে এই প্ৰকৃতিৰ নিৰন্তৰ ক্ষতি অব্যাহত ৰাখিছেবনধ্বংস অবিৰতভাৱে চলি আহিছে, যাৰ ফলত জীৱনৰ ওপৰত প্ৰভাৱ পৰাৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ কাৰণ হৈ পৰিছে।

উল্লেখ্য যে সুস্থ জীৱন-যাপনৰ বাবে প্ৰকৃতিৰ আৰু পৰিৱেশ সুৰক্ষাৰ অতি প্ৰয়োজন। ইয়াৰ বাবে প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। পৰিৱেশৰ বিষয়ে সাধাৰণ লোকক সজাগ কৰাৰ লগতে সংৰক্ষণৰ বাবে উৎসাহিত কৰা হয়। পৰিৱেশ দিৱস কেতিয়া, কেনেকৈ আৰু কিয় পালন কৰা হয় জানো আহক।

* বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়?

প্ৰতি বছৰে ৫ জুন তাৰিখে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে পৰিৱেশ দিৱস পালন কৰা হয়। এই উপলক্ষে সকলো দেশেই বিভিন্ন ধৰণেৰে পৰিৱেশ সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে।

* পৰিৱেশ দিৱসৰ ইতিহাস-

১৯৭২ চনৰ পৰা আৰম্ভ হৈছিল বিশ্ব পৰিৱেশ দিৱস উদযাপন। ১৯৭২ চনৰ ৫ জুনৰ দিনা ৰাষ্ট্ৰসংঘই প্ৰথম পৰিৱেশ দিৱস পালন কৰে, তেতিয়াৰ পৰাই প্ৰতি বছৰে এই দিৱস পালন কৰি আহিছে।

* কোনখন দেশত প্ৰথম পৰিৱেশ দিৱস পালন কৰা হৈছিল?

ৰাষ্ট্ৰসংঘই বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ সিদ্ধান্ত লৈছিল যদিও ছুইডেনৰ ৰাজধানী ষ্টকহ’মত প্ৰথমে পৰিৱেশ দিৱস পালন কৰা হৈছিল। ১৯৭২ চনত ষ্টকহ’মত প্ৰথমখন পৰিৱেশ সন্মিলন অনুষ্ঠিত হৈছিল, য’ত ১১৯খন দেশে অংশগ্ৰহণ কৰিছিল।

* পৰিৱেশ দিৱস উদযাপনৰ উদ্দেশ্য-

পৃথিৱীত প্ৰদূষণ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই ক্ৰমবৰ্ধমান প্ৰদূষণৰ বাবে প্ৰকৃতিৰ প্ৰতি ভাবুকি বাঢ়িছে। ইয়াক ৰোধ কৰাৰ লক্ষ্যৰে পৰিৱেশ দিৱসৰ আৰম্ভ কৰা হ’ল যাতে পৰিৱেশৰ প্ৰতি সজাগ কৰি তুলিব পাৰি আৰু প্ৰকৃতিক প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ প্ৰেৰণা যোগাব পাৰি।

* পৰিৱেশ দিৱসৰ থিম-

প্ৰতি বছৰে বিশ্ব পৰিবেশ দিৱসৰ বিশেষ থিম থাকে। ২০২৩ চনৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে প্লাষ্টিক প্ৰদূষণৰ সমাধান। এই থিমটো প্লাষ্টিক প্ৰদূষণৰ সমাধানৰ ওপৰত আধাৰিত।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা