--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰমণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনাত ২৭৫ গৰাকী যাত্ৰীৰ মৃত্যুৰ ঘটনাৰ কঁপনি মাৰ নৌযাওতেই ওড়িশাত সোমবাৰে পুনৰ আন এক ৰে’ল দুৰ্ঘটনা সংঘটিত হয়।   বালাচোৰৰ বাহানাগা বজাৰত সংঘটিত ৰে'ল দুৰ্ঘটনাৰ চাৰি দিনৰ পিছত সোমবাৰে এখন মালবাহী ৰে'ল ৰাজ্য খনত লাইনচ্যুত হয়। 

বৰগড় জিলাত এখন মালবাহী ৰেল লাইনচ্যুত হোৱাৰ খবৰ আহি পৰিছে।অৱশে্যে এই দুৰ্ঘটনাত কোনো লোক  আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা হোৱা নাই।মালবাহী ৰে’লখনে চূণশিল  কঢ়িয়াই লৈ গৈছিল বুলি জানিব পৰা মতে।  কি কাৰণত মালবাহী ৰেলখন লাইনচ্যুত হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষী তথা উদ্ধাৰকাৰীৰ দল উপস্থিত হৈছে। 


ডুংৰি চূণশিলৰ  খনি আৰু বৰগড়ত থকা  চিমেণ্ট কাৰখানাৰ মাজৰ  ৰে’লপথতে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ৰে'লৱে সূত্ৰই প্ৰকাশ কৰিছে।উল্লেখ্য ওড়িশাত শুকুৰবাৰে সন্ধিয়া ৬.৫৫ বজাত চেন্নাই অভিমুখী কৰমণ্ডল  এক্সপ্ৰেছ লাইনচ্যুত হৈছিল।

 বেংগালুৰু-হাওৰা চুপাৰফাষ্ট এক্সপ্ৰেছ খনো সেই ঠাইত দুৰ্ঘটনাত পতিত হৈছিল ।দুৰ্ঘটনাটোত ২৭৫  জন লোক নিহত হৈছিল। দুৰ্ঘটনাটোৰ ৫১ ঘণ্টা পিছত দেওবাৰে নিশা ১০.৪০ বজাতবালাছৰৰ ৰেলপথেৰে প্ৰথম খন মালবাহী ৰেল চলোৱা হৈছিল। পিছত,পুৱা ১১২.০৫  বজাতআন এখন ৰে’ল চলোৱা হৈছিল।এনে প্ৰচেষ্টাৰ মাজতে আজি পুনৰ আন এখন  মালবাহী ৰে’ল লাইনচ্যুত হ'ল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ