--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰমণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনাত ২৭৫ গৰাকী যাত্ৰীৰ মৃত্যুৰ ঘটনাৰ কঁপনি মাৰ নৌযাওতেই ওড়িশাত সোমবাৰে পুনৰ আন এক ৰে’ল দুৰ্ঘটনা সংঘটিত হয়।   বালাচোৰৰ বাহানাগা বজাৰত সংঘটিত ৰে'ল দুৰ্ঘটনাৰ চাৰি দিনৰ পিছত সোমবাৰে এখন মালবাহী ৰে'ল ৰাজ্য খনত লাইনচ্যুত হয়। 

বৰগড় জিলাত এখন মালবাহী ৰেল লাইনচ্যুত হোৱাৰ খবৰ আহি পৰিছে।অৱশে্যে এই দুৰ্ঘটনাত কোনো লোক  আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা হোৱা নাই।মালবাহী ৰে’লখনে চূণশিল  কঢ়িয়াই লৈ গৈছিল বুলি জানিব পৰা মতে।  কি কাৰণত মালবাহী ৰেলখন লাইনচ্যুত হৈছে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষী তথা উদ্ধাৰকাৰীৰ দল উপস্থিত হৈছে। 


ডুংৰি চূণশিলৰ  খনি আৰু বৰগড়ত থকা  চিমেণ্ট কাৰখানাৰ মাজৰ  ৰে’লপথতে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ৰে'লৱে সূত্ৰই প্ৰকাশ কৰিছে।উল্লেখ্য ওড়িশাত শুকুৰবাৰে সন্ধিয়া ৬.৫৫ বজাত চেন্নাই অভিমুখী কৰমণ্ডল  এক্সপ্ৰেছ লাইনচ্যুত হৈছিল।

 বেংগালুৰু-হাওৰা চুপাৰফাষ্ট এক্সপ্ৰেছ খনো সেই ঠাইত দুৰ্ঘটনাত পতিত হৈছিল ।দুৰ্ঘটনাটোত ২৭৫  জন লোক নিহত হৈছিল। দুৰ্ঘটনাটোৰ ৫১ ঘণ্টা পিছত দেওবাৰে নিশা ১০.৪০ বজাতবালাছৰৰ ৰেলপথেৰে প্ৰথম খন মালবাহী ৰেল চলোৱা হৈছিল। পিছত,পুৱা ১১২.০৫  বজাতআন এখন ৰে’ল চলোৱা হৈছিল।এনে প্ৰচেষ্টাৰ মাজতে আজি পুনৰ আন এখন  মালবাহী ৰে’ল লাইনচ্যুত হ'ল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস