--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মুদ্ৰাস্ফীতি সন্দৰ্ভত দেশ-বিদেশৰ প্ৰতিচ্ছবিয়ে সময় সময়ে সংবাদ শিৰোনাম দখল কৰিছে। মুদ্ৰাস্ফীতিয়ে একপ্ৰকাৰ বহু ৰাষ্ট্ৰৰ জনগণক কোঙা কৰি পেলাইছে। এনে পৰিস্থিতিত বয়োজ্যেষ্ঠৰ পৰা শিশুলৈকে সকলোকে সমানে প্ৰভাৱিত কৰিছে এই মুদ্ৰাস্ফীতিয়ে, এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কন্নৌজৰ এগৰাকী কণমানিয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখিলে এখন বিশেষ পত্ৰ। য’ত কণমানিজনীয়ে মেগী আৰু পেঞ্চিল-ৰবৰৰ দাম বৃদ্ধিৰ কথা উল্লেখ কৰিছে।

 উত্তৰ প্ৰদেশৰ কন্নৌজ জিলাৰ ছিব্ৰমাউৰ বাসিন্দা কৃতী ডুবেয়ে সুপ্ৰভাষ একাডেমীত প্ৰথম শ্ৰেণীত পঢ়ে। শেহতীয়াকৈ কপি-বুক, ৰবৰ আৰু পেঞ্চিল সকলো ব্যয়বহুল হৈ পৰাত বিচলিত হৈ পৰা ছাত্ৰী কৃতী ডুবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখি নিজৰ মন কী বাত আৰু মাতৃৰ ক্ষোভ দুয়োটাৰে ভাগ লৈছে। কৃতীৰ পিতৃ বিশাল ডুবে এজন অধিবক্তা যি তেওঁৰ কন্যাই লিখা চাৰিটা শাৰীৰ বাবে সমগ্ৰ উত্তৰ প্ৰদেশতে বিখ্যাত হৈ পৰিছে।

 প্ৰধানমন্ত্ৰীলৈ লিখা চিঠিখনত ছোৱালীজনীয়ে লিখিছে- ‘মোৰ নাম কৃতী ডুবে। প্ৰথম শ্ৰেণীত পঢ়ো। মোদীজী আপুনি বহুত মুদ্ৰাস্ফীতি কৰিছে। আনকি পেঞ্চিল, ৰবৰতো দাম বৃদ্ধি কৰিছে আৰু মোৰ মেগীয়েও দামবৃদ্ধি কৰিছে। এতিয়া মায়ে মোক পেঞ্চিল বিচৰাৰ বাবে মাৰপিট কৰে। কি কৰিম। স্কুলৰ আন ল'ৰা-ছোৱালীয়ে মোৰ পেঞ্চিল চুৰি কৰে।' পৰিয়ালটোৱে এই চিঠিখন পোষ্ট কৰিলে।

SDM এ আশ্বাস দিলে

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত বাতৰি অনুসৰি, ছ’চিয়েল মিডিয়াৰ জৰিয়তে কণমানিজনীৰ এই চিঠি ভাইৰেল হোৱাটো নিশ্চিত হৈছে ছিব্ৰমাউৰ এছ ডি এম অশোক কুমাৰৰ পৰা। এছ ডি এম অশোক কুমাৰে কয়, ‘মই ব্যক্তিগত সামৰ্থ্যৰ স্তৰত এই ছোৱালীজনীক সহায় কৰিবলৈ সাজু। মই বৰ সুখী হ’ম যে কৃতীয়ে যদি পঢ়া-শুনাৰ বাবে বা আন কিবা এটা কথা ক’ব, তেন্তে মই লগে লগে তাত উপস্থিত হৈ আশাবাদী কণমানিজনীক সহায় কৰিম, তাইৰ কথা ৰক্ষা কৰিম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু