--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মুদ্ৰাস্ফীতি সন্দৰ্ভত দেশ-বিদেশৰ প্ৰতিচ্ছবিয়ে সময় সময়ে সংবাদ শিৰোনাম দখল কৰিছে। মুদ্ৰাস্ফীতিয়ে একপ্ৰকাৰ বহু ৰাষ্ট্ৰৰ জনগণক কোঙা কৰি পেলাইছে। এনে পৰিস্থিতিত বয়োজ্যেষ্ঠৰ পৰা শিশুলৈকে সকলোকে সমানে প্ৰভাৱিত কৰিছে এই মুদ্ৰাস্ফীতিয়ে, এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কন্নৌজৰ এগৰাকী কণমানিয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখিলে এখন বিশেষ পত্ৰ। য’ত কণমানিজনীয়ে মেগী আৰু পেঞ্চিল-ৰবৰৰ দাম বৃদ্ধিৰ কথা উল্লেখ কৰিছে।

 উত্তৰ প্ৰদেশৰ কন্নৌজ জিলাৰ ছিব্ৰমাউৰ বাসিন্দা কৃতী ডুবেয়ে সুপ্ৰভাষ একাডেমীত প্ৰথম শ্ৰেণীত পঢ়ে। শেহতীয়াকৈ কপি-বুক, ৰবৰ আৰু পেঞ্চিল সকলো ব্যয়বহুল হৈ পৰাত বিচলিত হৈ পৰা ছাত্ৰী কৃতী ডুবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখি নিজৰ মন কী বাত আৰু মাতৃৰ ক্ষোভ দুয়োটাৰে ভাগ লৈছে। কৃতীৰ পিতৃ বিশাল ডুবে এজন অধিবক্তা যি তেওঁৰ কন্যাই লিখা চাৰিটা শাৰীৰ বাবে সমগ্ৰ উত্তৰ প্ৰদেশতে বিখ্যাত হৈ পৰিছে।

 প্ৰধানমন্ত্ৰীলৈ লিখা চিঠিখনত ছোৱালীজনীয়ে লিখিছে- ‘মোৰ নাম কৃতী ডুবে। প্ৰথম শ্ৰেণীত পঢ়ো। মোদীজী আপুনি বহুত মুদ্ৰাস্ফীতি কৰিছে। আনকি পেঞ্চিল, ৰবৰতো দাম বৃদ্ধি কৰিছে আৰু মোৰ মেগীয়েও দামবৃদ্ধি কৰিছে। এতিয়া মায়ে মোক পেঞ্চিল বিচৰাৰ বাবে মাৰপিট কৰে। কি কৰিম। স্কুলৰ আন ল'ৰা-ছোৱালীয়ে মোৰ পেঞ্চিল চুৰি কৰে।' পৰিয়ালটোৱে এই চিঠিখন পোষ্ট কৰিলে।

SDM এ আশ্বাস দিলে

টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত বাতৰি অনুসৰি, ছচিয়েল মিডিয়াৰ জৰিয়তে কণমানিজনীৰ এই চিঠি ভাইৰেল হোৱাটো নিশ্চিত হৈছে ছিব্ৰমাউৰ এছ ডি এম অশোক কুমাৰৰ পৰা। এছ ডি এম অশোক কুমাৰে কয়, ‘মই ব্যক্তিগত সামৰ্থ্যৰ স্তৰত এই ছোৱালীজনীক সহায় কৰিবলৈ সাজু। মই বৰ সুখী হম যে কৃতীয়ে যদি পঢ়া-শুনাৰ বাবে বা আন কিবা এটা কথা ক’ব, তেন্তে মই লগে লগে তাত উপস্থিত হৈ আশাবাদী কণমানিজনীক সহায় কৰিম, তাইৰ কথা ৰক্ষা কৰিম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ