--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শিক্ষাখণ্ডৰ কিছুমান আজৱ আৰু আশ্চৰ্যকৰ খবৰৰ বাবে বহুসময়ত বাতৰিৰ শিৰোনাম দখল কৰি আহিছে বিহাৰে। কেতিয়াবা যদি পৰীক্ষাহলত প্ৰকৃত ছাত্ৰগৰাকীৰ বিপৰীতে আন কোনো বহি পৰীক্ষাত বহে, কেতিয়াবা আকৌ পৰীক্ষাত নবহাকৈও কোনো পৰীক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ চমক দিয়ে। আকৌ কেতিয়াবা পৰীক্ষাৰ কাকতত থকা মূল্যাংকনৰ নম্বৰতকৈও অধিক নম্বৰ লাভ কৰি হতবাক হৈ পৰে খোদ পৰীক্ষাৰ্থীয়েই। এনে এক ঘটনাই এইবাৰ পুনৰ সংঘটিত হৈছে ৰাজ্যখনত। স্নাতক মহলাৰ এগৰাকী ছাত্ৰই এইবাৰ ১০০ নম্বৰৰ পৰীক্ষাৰ কাকতত ১৫১ নম্বৰ লাভ কৰি চৰ্চালৈ আহিছে।

ৰাজ্যখনৰ দৰভাঙ্গা জিলাৰ চৰকাৰী ললিত নাৰায়ণ মিথিলা বিশ্ববিদ্যালয়ৰ এইগৰাকী শিক্ষাৰ্থীয়ে ৰাজনীতি বিজ্ঞান বিষয়ত মেজৰ লৈ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। এই পৰীক্ষাতে বিষয়টোৰ চতুৰ্থখন পেপাৰত তেওঁ নিৰ্ধাৰিত ১০০ নম্বৰৰ ভিতৰত ১৫১ নম্বৰ লাভ কৰে। পিছে এই ফলাফলত আন কোনোবা বাদেই, নিজেই হতবাক হৈ পৰে পৰীক্ষাৰ্থী গৰাকী। 

ফলাফলত আচৰিত হৈ পৰা ছাত্ৰগৰাকীয়ে অৱশ্যে নিৰ্ধাৰিত নম্বৰতকৈ অধিক নম্বৰ লাভ কৰিলেও সুখী হ’ব পৰা নাই। এই সন্দৰ্ভত ছাত্ৰগৰাকীয়ে কয় যে পৰীক্ষাৰ ফলাফল ওলোৱাৰ পিছতে নিজৰ এই নম্বৰ দেখি তেওঁ খুবেই আচৰিত হৈ পৰে। যদিও এই মাৰ্কশ্বীটখন এখন অস্থায়ী মাৰ্কশ্বীট আছিল, কৰ্তৃপক্ষই ফলাফল মুকলি কৰাৰ পূৰ্বে ভালদৰে পৰীক্ষা কৰিব লাগিছিল বুলি তেওঁ মন্তব্য কৰে।

ইফালে বিশ্ববিদ্যালয়খনৰে আন এজন শিক্ষাৰ্থীয়ে আকৌ নিজৰ পৰীক্ষাৰ কাকতত কোনো নম্বৰ লাভ নকৰাকৈয়ে উত্তীৰ্ণ হৈছে। বি.কম.- ৰ ছাত্ৰগৰাকীয়ে একাউণ্টিং আৰু ফাইনেন্সৰ পৰীক্ষা পেপাৰত ফলাফলত দেখুওৱা মতে কোনো নম্বৰেই লাভ কৰা নাই। তৎসত্বেও কিন্তু ছাত্ৰ গৰাকীক বিশ্ববিদ্যালয়ে পৰৱৰ্তী শ্ৰেণীলৈ উন্নীত কৰে।

ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰগৰাকীৰ দৰেই এইগৰাকী ছাত্ৰও ফলাফলত হতভম্ব হৈ পৰে। অৱশ্যে ছাত্ৰগৰাকীয়ে পিছত কয় যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এইয়া টাইপিঙৰ ত্ৰুটি বুলি স্বীকাৰ কৰে আৰু ছাত্ৰগৰাকীক পুনৰ সংশোধিত মাৰ্কশ্বীট প্ৰদান কৰে।

পৰীক্ষাৰ এই আজৱ ফলাফলৰ বিষয়ে সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক মুস্তাক আহমেদেও দুয়োখন মাৰ্কশ্বীটতে টাইপিং ত্ৰুটি আছিল বুলি স্বীকাৰ কৰিছে। টাইপিঙ ত্ৰুটিসমূহ সংশোধন কৰাৰ পিছত দুয়োগৰাকী শিক্ষাৰ্থীকে নতুন মাৰ্কশ্বীট জাৰী কৰা হৈছে বুলি তেওঁ লগতে কয়। 

উল্লেখ্য যে বিহাৰত শিক্ষাখণ্ডত এইয়াই প্ৰথমটো আজৱ ঘটনা নহয়। ৰাজ্যখনৰ শিক্ষা বিভাগে ইয়াৰ পূৰ্বেও কেতবোৰ আশ্চৰ্যকৰ কৰ্মকাণ্ড ঘটাই আহিছে। ২০১৮ চনত, বিহাৰ স্কুল পৰীক্ষা পৰিষদে দ্বাদশ শ্ৰেণীৰ ফলাফলত কিছু শিক্ষাৰ্থীক কিছুমান বিষয়ত ১০০% তকৈও অধিক নম্বৰ প্ৰদান কৰিছিল। লগতে কিছুমান শিক্ষাৰ্থীক প্ৰদান কৰা হৈছিল সম্পূৰ্ণ শূন্য নম্বৰৰ মাৰ্কশ্বীট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ